বিদ্যুত | Lesson 12 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | অধ্যায়- 12

 বিদ্যুত | Lesson 12 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay |

অধ্যায়- 12

বিদ্যুৎ

বিদ্যুৎ এবিধ শক্তি। পানীৰ পৰা এই শক্তি উৎপন্ন কৰা হয়। কিছুমান ঠাইত আকৌ বায়ুকলৰ সহায়ত বায়ুৰ পৰাও বিদ্যুৎ উৎপন্ন কৰা হয়। বিদ্যুৎ উৎপাদন কৰি উৎপাদন কেন্দ্ৰৰ পৰা মানুহৰ ঘৰ, কল-কাৰখানা আদি বিভিন্ন ঠাইত যোগান ধৰা হয়। বিদ্যুৎ যোগানৰ বাবে তাঁৰৰ ব্যৱহাৰ কৰা হয়। তাঁৰৰ সহায়ত বিদ্যুৎ প্রবাহিত হয়। বিদ্যুতে আমাক যথেষ্ট সহায় কৰি আহিছে। বিদ্যুতে আমাক পোহৰ দিয়ে আমি ঘৰত ব্যৱহাৰ কৰা লাইট, ফেন, টেলিভিছন, ইস্ত্রি আদি সকলো বিদ্যুতৰ সহায়তে চলে। ইয়াৰ উপৰি বিভিন্ন কল কাৰখানাবোৰ বিদ্যুতৰ সহায়তে চলে। ৰে’লগাড়ী, বাছ আদিও বিদ্যুতৰ সহায়ত চলে। গতিকে বিদ্যুতৰ ব্যৱহাৰ অপৰিসীম। বিদ্যুতৰ অবিহনে আমাৰ জাতীয় জীৱন সম্পূর্ণ বেলেগ হৈ পৰিব।

প্রশ্ন 1 : চমু উত্তৰ দিয়া :

(a) টর্চ লাইট এটাত কিহে বিদ্যুতৰ যোগান ধৰে?

উত্তৰ : টর্চ লাইট এটাত তাত থকা বেটাৰীয়ে বিদুত্তৰ যোগান ধৰে। উত্তৰ : বৈদ্যুতিক বর্তনী এটাৰ মূল উপাংশ চাৰিটা। সেইকেইটা হ'ল বিদ্যুতৰ উৎস, মূল আহিলাবিধ, ছুইটচ, আৰু পৰিবাহী।

(b) বর্তনী এটাত থকা মূল উপাংশ কেইটা আৰু কি কি?

উত্তৰ : বৈদ্যুতিক বর্তনী এটাৰ মূল উপাংশ চাৰিটা। সেইকেইটা হ'ল বিদ্যুতৰ উৎস, মূল আহিলাবিধ, ছুইটচ, আৰু পৰিবাহী।


(c) বিদ্যুৎপ্ৰবাহৰ তাপীয় ক্রিয়া কাক বোলে?

উত্তৰ : কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ'লে পৰিবাহীডালত তাপ উৎপন্ন হয়। এই পৰিঘটনাটোক বিদ্যুৎপ্রবাহৰ তাপীয় ক্রিয়া বোলে।

(d) বিদ্যুৎপ্রবাহৰ তাপীয় ক্রিয়া ব্যৱহাৰ হোৱা তিনিবিধ সঁজুলিৰ নাম লিখা।  

উত্তৰ : বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া ব্যৱহাৰ হোৱা তিনিবিধ সঞ্জুলি হ’ল– জ্বলি থকা বাল্ব, ইস্ত্রি, ফেন আদি।

(e) বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল কি পদাৰ্থৰে তৈয়াৰ কৰা হয়?

উত্তৰ ঃ বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংষ্টেনেৰে তৈয়াৰ কৰা হয়।

(1) ফিউজ কি? কি নীতিৰ ওপৰত ভিত্তি কৰি ফিউজ সজা হয়?

উত্তৰ ঃ ফিউজ হ’ল এবিধ সুৰক্ষা আহিলা।

‘কোনো এবিধ পদার্থই এক নির্দিষ্ট উষ্ণতা লাভ কৰিলে পদার্থবিধ গলি যায়।' এই নীতিৰ ওপৰত ভিত্তি কৰি বৈদি্যুতিক ফিউজ তৈয়াৰ কৰা হয়।


(g) সাধাৰণ ফিউজ ব্যৱহাৰ কৰাতকৈ এমচিবি ব্যৱহাৰ কৰাৰ এটা সুবিধা উল্লেখ কৰাঁ৷

উত্তৰ : সাধাৰণ ফিউজ ব্যৱহাৰ কৰাতকৈ এমচিবি ব্যৱহাৰ কৰাৰ এটা
সুবিধা হ’ল— এমচিবিত অন, অফ, কৰিবৰ বাবে উপযুক্ত ছুইটচ থাকে।

প্রশ্ন 2 : শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) তলৰ কোনবিধ সুৰক্ষা আহিলা?

(a) ছুইচ
(b) এলইডি
(c) ফিউজ
(d) বেটাৰি

উত্তৰ : (c) ফিউজ


(ii) অত্যধিক বিদ্যুৎপ্রবাহ চালিত হোৱাৰ ফলত হ’ব পৰা দুৰ্ঘটনাৰপৰা ৰক্ষা পাবলৈ তলৰ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয় ?

(a) এমচিবি (b) এলইডি (c) ছুইচ (d) ৰোধ
উত্তৰ : (a) এমচিবি


(iii) বিদ্যুৎ আৰু চুম্বকৰ মাজৰ সম্পৰ্ক থকা বুলি পোনপ্ৰথমে কোনে প্ৰমাণ কৰিছিল?

(a) অ'ৰ’ষ্টেডে (b) আইনষ্টাইনে (c) হাইজেনবার্গে (d) ৰাডাফ ডে
উত্তৰ : (a) অ'ৰ ষ্টেডে


(iv) তলৰ কোনবিধ আহিলাত বিদ্যুৎ চুম্বক ব্যৱহাৰ হয়?

(a) কলিং বেল বা বৈদ্যুতিক ঘণ্টা
(b) ৰেফ্রিজাৰ্টেৰ
(c) বাল্ব
(d) ছুএচ

উত্তৰ : (a) কলিং বেল বা বৈদ্যুতিক ঘণ্টা

(v) অমিলটো বাছি উলিওৱা :

(a) এম চি বি
(b) কাট আউট
(c) ফিউজ
(d) ছুইচ

উত্তৰ ঃ (d) ছুইচ

প্রশ্ন 3 : তলত দিয়া বৈদ্যুতিক উপাংশবোৰৰ চিহ্ন অংকন কৰা।

(a) বিদ্যুৎকোষ
(b) পৰিবাহী
(c) বৈদ্যুতিক বাল্ব
(d) ছুইচ

উত্তৰ :







প্রশ্ন 4 ঃ এটা বেটাৰি, এটা বাল্ব আৰু এটা ছুইচ থকা বৰ্তনী এটাৰ চিত্ৰ অংক




পৰীক্ষাটোৰ বাবে প্রয়োজন হোৱা বস্তুবোৰ হ'ল—

টচলাইটত ব্যৱহাৰ হোৱা বিদ্যুৎকোষ এটা
15 ছে. মি. মান দীঘল নিক্ৰমৰ মিহি তাঁৰ এডাল
30 ছে. মি. মান দীঘল তামৰ তাঁৰ এডাল
এলইডি এটা
ছুইচ এটা
লোৰ গজাল দুটা

15 ছে.মি × 10 ছে.মি. জোখৰ কাঠৰ টুকুৰা এটা। এতিয়া কাঠৰ টুকুৰাটোত 7 ছে.মি মান ব্যৱধানত গজাল দুটা পুতি দিয়া হ’ল। গজাল দুটা চিৰিচ কাগজেৰে পৰিষ্কাৰ কৰা হ'ল। নিক্ৰমৰ তাঁৰডাল, বলপেনৰ ৰিফিলত পকাই স্পীং আকাৰৰ কৰা হ’ল। এই বস্তুকেইপদ ব্যৱহাৰ কৰি এটা বৰ্তনী সজা হ’ল। বৰ্তনীত থকা ছুইচটো অন কৰি দহ ছেকেণ্ড মানৰ বাবে বৰ্টনীটোৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’বলৈ দিয়া হ’ল। এতিয়া ছুইচটো অফ কৰি তাঁৰডাল চুই চালো আৰু গৰম পোৱা গ'ল। ইয়াৰ পৰা এটা কথা স্পষ্ট হ’ল যে পৰিবাহী পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্রবাহিত হলে পৰিবাহীডাল তপত হৈ উঠে অৰ্থাৎ পৰিবাহীডালত তাপ উৎপন্ন হয়।

প্রশ্ন 7ঃ বৈদ্যুতিক বাল্ব এটাই কেনেদৰে পোহৰ দিয়ে?

উত্তৰঃ বৈদ্যুতিক বাল্বত এডাল ফিলামেন্ট থাকে। বিদ্যুৎ প্ৰৱাহিত হলে এই ফিলামেন্টডাল গৰম হৈ পোহৰ বিলায়। আর্থাৎ বাল্বটো জ্বলি উঠে। এইদৰে বাল্বে পোহৰ বিলায়৷

প্রশ্ন ৪ : বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংষ্টেনেৰে তৈয়াৰ কৰা হয় কিয় ?

উত্তৰঃ বাল্বৰ ফিলামেন্টডাল বৰ ক্ষীণ বা মিহি। মিহি হোৱা বাবে তাঁৰডালত অধিক পৰিমাণৰ তাপ উৎপন্ন হয়। ফিলামেন্টডাল টাংষ্টেন (tungsten) নামৰ এবিধ পদাৰ্থৰে গঠিত। অইন পদাৰ্থৰ তুলনাত টাংষ্টেনৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ'লে বেছি পৰিমাণৰ তাপ উৎপন্ন হয়। তদুপৰি








টাংস্টেন সহজে নগলে বাবে ফিলামেন্টডালো গৰম হৈ সোনকালে গলি নাযায়। সেইবাবে বৈদ্যুতিক গ্ৰন্থৰ ফিলামেন্টডাল টাংষ্টেনেৰে তৈয়াৰ কৰা
হয়

প্রশ্ন 9 :
বৈদ্যুতিক বাল্ব এটাৰ মাজেৰে অতি বেছি পৰিমাণৰ বিদ্যুৎ প্রবাহ চালিত হলে তুমি কি ঘটিব বুলি আশা কৰা ?

উত্তৰঃ বৈদ্যুতিক বাল্ব এটাৰ মাজেৰে অতি বেছি পৰিমাণৰ বিদ্যুৎপ্রবাহ চালিত হ'লে ৰাম্বৰ ভিতৰত থকা টাংষ্টেনৰ ফিলামেন্টডাল চিঙি যাব, আর্থাৎ বাম্বটো ফিউজ যাব।

প্রশ্ন 10: ফিউজ এটা কেনেদৰে সজা হয়? ই কেনেদৰে কাম কৰে?

উত্তৰঃ ফিউজ হল এবিধ সুৰক্ষ্য আহিলা। আমাৰ দৈনন্দিন প্রয়োজনত ব্যৱহাৰ কৰা ফিউজ হ’ল কম উষ্ণতাতে গলি যোৱা পদাৰ্থৰে তৈয়াৰী এডাল মিহি তাঁৰ। ইয়াৰ মাজেৰে এক নির্দিষ্ট পৰিমাণৰ বিদ্যুৎহে প্ৰৱাহিত হ'ব পাৰে। কেতিয়াবা হঠাৎ বেছি পৰিমাণৰ বিদ্যুৎ প্ৰৱাহিত হ'লে এই ফিলামেন্টডাল চিঙি যায় আৰু ঘৰৰ আহিলাবোৰক বিপদৰ পৰা ৰক্ষা কৰে।

প্রশ্ন 11 : অষ্টেডৰ পৰীক্ষাটো চিত্রসহ বর্ণনা কৰাঁ।

উত্তৰ :
অৰষ্টেডৰ পৰীক্ষাটো তলত চিত্রসহ বর্ণনা কৰা হ'ল। অ’ৰষ্টেডে এডাল অচুম্বকীয় পোন পৰিবাহীৰ সমান্তৰালকৈ চুম্বকশালা এডাল ৰাখি পৰিবাহীডালৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিছিল। বিদ্যুৎ প্রবাহিত কৰাৰ লগে লগে চুম্বকশলাডাল

বিক্ষেপিত হৈছিল। বৰ্তনীটোত প্ৰবাহৰ দিশ সলনি কৰি দিয়াত দেখা গৈছিল চুম্বকশলাডালো বিপৰীত দিশত বিক্ষেপিত হৈছে। বর্তনীটোত বিদ্যুৎ প্রবাহ
অৰষ্টেডৰ পৰীক্ষাৰ চিত্ৰ :


বন্ধ কৰি দিয়াৰ সময়ত চুম্বকশলাজল তাৰ আগৰ অৱস্থালৈ ঘূৰি আহিছিল

এই পৰীক্ষাটোত বিদ্যুৎ আৰুৰ মাজত থকা সম্পর্ক কথা স্প এৰা পৰিছিল। চুম্বকশলা ভালৰ ওচৰলৈ চুম্বক এভাল আনিলে চু শসাডালর বিক্ষেপন ঘটে। আনহাতে বিদ্যুৎ প্রবাহ চলি থকা পৰিবাহী এডালৰ ওচৰত চুম্বক শলা এডাল ৰাখিলেও চুম্বকশলাডালৰ বিক্ষেপন ঘটে। এই দুয়োটা পৰিঘটনা তুলনা কৰি কব পৰা যায় যে বিদ্যু পৰিবাহীয়ে চুম্বকৰ দৰে আচৰণ কৰে।

প্রশ্ন 13: খালী ঠাঁই পূৰ কৰা (a) টাংষ্টেনৰ গলনাংক তামতকৈ------ –। (বেছি/কম)
উত্তৰ : কম


(b) বিদ্যুৎপ্রবাহ ব্যৱহাৰ কৰি তৈয়াৰ কৰা চুম্বকক
উত্তৰ : বিদ্যুৎ চুম্বক বোলে।

(c) বিদ্যুৎ প্রবাহিত হোৱাৰ ফলত পৰিবাহী তাঁৰ এডালৰ চাৰিওফালে এখনৰ সৃষ্টি হয়।
উত্তৰ : চুম্বক ক্ষেত্র




Comments

Popular posts from this blog

নতুন বিজ্ঞান : উদ্ভিদৰ পৰিপুষ্টি, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 1)

নতুন বিজ্ঞান : শৰীৰত খাদ্যৰ ব্যৱহাৰ, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 2)

নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী : পাঠ ‌5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ : অসম জাতীয় বিদ্যালয়, উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ