নতুন বিজ্ঞান : উদ্ভিদৰ পৰিপুষ্টি, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 1)

সপ্তম শ্ৰেণী 

পাঠ ১ :

উদ্ভিদৰ পৰিপুষ্টি


জীৱজগতৰ এটা প্ৰধান ভাগ হ’ল উদ্ভিদ, আৰু আনটো বা দ্বিতীয় হ’ল প্রাণী৷ ইয়াৰ এটাৰ অবিহনে আনটো কেতিয়াও জীয়াই থাকিব নোৱাৰে। উদ্ভিদ আৰু প্ৰাণী দুয়োটাৰে জীৱণ ধাৰণ প্ৰণালী বেলেগ বেলেগ। কিন্তু উদ্ভিদ আৰু প্ৰাণী দুয়োটাকে পৰিপুষ্টিৰ প্ৰয়োজন। পৰিপুষ্টি সাধাৰণতে দুই প্ৰকাৰ— স্বপোষী পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টি। উদ্ভিদবোৰ স্বপোষী পৰিপুষ্টিৰ অন্তৰ্গত। কাৰণ উদ্ভিদবোৰে নিজৰ খাদ্য নিজেই প্রস্তুত কৰি লয়। পৰিপুষ্টিয়ে জীৱক বৃদ্ধি আৰু বিকাশত সহায় কৰাৰ লগতে শৰীৰক শক্তি প্ৰদান কৰে আৰু জীয়াই থকাৰ প্ৰেৰণা দিয়ে।


প্রশ্ন 1 : খালী ঠাই পূৰ কৰা ঃ

(i) সালোক সংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টিক বোলে।

উত্তৰ : স্বপোষী পৰিপুষ্টি


(ii) ৰাফ্লেচিয়া এবিধ পৰজীৱী।

উত্তৰ : মূল


(iii) বেংচটা এবিধ

উত্তৰ : মৃতজীৱী ভেঁকুৰ।


(iv) সালোকসংশ্লেষণত গেছ উৎপন্ন হয়।

উত্তৰ : অক্সিজেন


(v) কলচী উদ্ভিদ এবিধ 

উত্তৰ : পতংগভোজী উদ্ভিদ।



প্রশ্ন 2 : শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ :


(i) ৰ'ড মুকুতা এবিধ—

(a) স্বপোষী উদ্ভিদ (b) পৰজীৱী উদ্ভিদ (c) পতংগভোজী উদ্ভিদ (d)মৃতজীবী উদ্ভিদ


উত্তৰ : (c) পতংগভোজী উদ্ভিদ 



(ii) মৃতজীৱী উদ্ভিদৰ উদাহৰণ হ'ল—

(a) কলচী উদ্ভিদ (b) ম'নট্ৰপা (c) ৰাফ্লেচিয়া (d) ৰ'ড মুকুতা

উত্তৰ : (b) ম'ন উপা 


(iii) পত্ৰহৰ্তিৰ বৰণ

(a) ৰঙচুৱা (b) সেউজীয়া (c) মটীয়া (d) কলা

উত্তৰ : (b) সেউজীয়া


(iv) সালোকসংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থ হ’ল (a) প্ৰ'টিন (b) ভিটামিন (c) গ্লুক'জ (d) স্নেহপদার্থ

উত্তৰ : (c) গ্লুক’জ


প্রশ্ন 3 : চমু উত্তৰ লিখা

(i) স্বপোষী আৰু পৰপোষী জীৱৰ পাৰ্থক্য লিখা।

উত্তৰ :

স্বপোষী জীৱ :

(a) স্বপোষী জীৱই নিজৰ খাদ্য নিজেই প্রস্তুত কৰে। 

(b) স্বপোষী জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিব পাৰে।

(c) অকল উদ্ভিদেহে স্বপোষী হ'ব পাৰে।



পৰপোষী জীৱ

(a) পৰপোষী জীৱই নিজৰ খাদ্য নিজেই প্রস্তুত কৰিব নোৱাৰে। 

(b) পৰপোষী জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিব নোৱাৰে।

(c) উদ্ভিদ আৰু প্ৰাণী দুয়োটাই পৰপোষীত অন্তৰ্গত হ’ব পাৰে।


(ii) পাতক গছৰ ৰান্ধনি ঘৰ বুলি কিয় কোৱা হয় ?

উত্তৰ :

 গছৰ পাত হ’ল খাদ্য প্রস্তুতকৰণৰ মুখ্যস্থান। কাৰণ গছৰ পাতত থকা সেডঞ্জীয়া পত্ৰহৰিতে সূৰ্যৰ তাপ সংৰক্ষণ কৰি তাৰ সহায়ত খাদ্য প্রস্তুত কৰে। এই খাদ্য পাতৰ পৰা উদ্ভিদৰ গোটেই গা-গছ, শিপা আদিলৈ প্ৰেৰণ কৰে। সেই বাবে পাতক গছৰ ৰান্ধনি ঘৰ বোলে।



(iiii) মৃতজীৱী কি?

উত্তৰ : কিছুমান জীৱই আন মৃত, গেলা পচা জীৱৰ ওপৰত গজি তাৰ পৰা আহাৰ পোষণ কৰে। এইবোৰে মৰা বস্তু পচাই তাৰ পৰা বস আহৰণ কৰে। এনেবোৰ জীৱৰ জীৱন প্ৰণালীক মৃতজীৱিতা বোলে। 


(iv) সালোকসংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা।

উত্তৰ : সালোকসংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো হ’ল—

কার্বন-ডাই অক্সাইড + পানী

সূৰ্যৰ পোহৰ

--------------------

পত্ৰহৰিং

শৰ্কৰা (গ্লুক'জ) + অক্সিজেন



(v) সালোকসংশ্লেষণৰ কাৰকসমূহ উল্লেখ কৰাঁ।

উত্তৰ : সালোকসংশ্লেষণৰ কাৰক সমূহ হ'ল কাৰ্বনডাই অক্সাইড, সূৰ্যৰ তাপ, পত্ৰহৰিং, পানী আৰু শৰ্কৰা।



প্রশ্ন 4 : উত্তৰ লিখা :

(i) প্রাণী আৰু উদ্ভিদে কেনেকৈ খাদ্য সংগ্রহ কৰে?


উত্তৰ : সকলো প্রাণীৰে খাদ্য সংগ্ৰহ কৰা প্ৰণালী একে নহয়। প্রাণীবোৰে বিভিন্ন উৎসৰ পৰা বিভিন্ন উপায়েৰে খাদ্যবোৰ সংগ্ৰহ কৰি লয়। যেনে গৰু, ছাগলী, হৰিণা আদিয়ে গছৰ পাত ঘাঁহ আদি সংগ্ৰহ কৰে। চৰাইবোৰে গছৰ গুটি, পাত, পোক-পতংগ আদি বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰে। মানুহেও বিভিন্ন ঠাইৰ পৰা বিভিন্ন উপায়েৰে খাদ্য সংগ্ৰহ কৰে।

আনহাতে উদ্ভিদে যিহেতু লৰচৰ কৰিব নোৱাৰে, সেইবাবে পাতত থকা সেউজীয়া পত্ৰহৰিতে সূৰ্যৰ তাপ সংগ্রহ কৰি লয়। এই সূৰ্যৰ তাপ, পানী আৰু কাৰ্বন-ডাই অক্সাইডৰ সহায়ত খাদ্য প্রস্তুত কৰি লয়।


(ii) সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো চমুকৈ ব্যাখ্যা কৰা।

উত্তৰ : উদ্ভিদৰ পাতত থকা পত্ৰহৰিতে সূৰ্যৰ পোহৰ কঢ়িয়াই লয়। আকৌ পাতত থকা বিন্ধাবোৰেৰে বায়ুৰ পৰা কার্বন-ডাই-অক্সাইড কঢ়িয়াই লয় আৰু শিপাই মাটিৰ পৰা পানী, সাৰ আদি কঢ়িয়াই লয়। এই আটাইবোৰৰ উপস্থিতিত উদ্ভিদে এক বিশেষ প্ৰক্ৰিয়াৰে খাদ্য প্রস্তুত কৰে। এই প্রক্রিয়াটোকে সালোক সংশ্লেষণ বোলে।


(iii) জীৱৰ পৰিপুষ্টিৰ প্ৰকাৰসমূহ লিখাঁ।

উত্তৰ :

 জীৱৰ পৰিপুষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ। যেনে— স্বপোষী পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টি।

স্বপোষী পৰিপুষ্টি কেৱল উদ্ভিদৰ ক্ষেত্ৰতহে হয়। কাৰণ উদ্ভিদবোৰে লৰচৰ নকৰাকৈ আৰু আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজে নিজৰ খাদ্য প্রস্তুত কৰিব পাৰে। কিন্তু প্রাণীবোৰে প্রত্যেক খাদ্য প্রস্তুতকৰণৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে।


(iv) পৰজীৱী হিচাপে আকাশীলতা উদ্ভিদৰ বিষয়ে লিখা। 

উত্তৰ :

আকাশীলতা এবিধ উদ্ভিদ যদিও ইয়াৰ দেহত পাত নাই আৰু গাত পত্রহৰিৎ নাই। সেইবাবে ই নিজে খাদ্য প্রস্তুত কৰিব নোৱাৰে। ই সাধাৰণতে আন গছৰ ওপৰত বগাই যায় আৰু সেই গছজোপাৰ পৰা আহাৰ সংগ্ৰহ কৰি লয়। সেইবাবে ইয়াক পৰজীৱী উদ্ভিদ আখ্যা দিয়া হয়।


(v) পৰপোষী উদ্ভিদৰ প্ৰধান ভাগকেইটাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ : পৰপোষী উদ্ভিদৰ প্ৰাধান ভাগকেইটা হ'ল—

পৰজীৱী, মৃতজীৱী, পতংগভোজী আৰু সহজীৱী। পৰজীৱী উদ্ভিদবোৰ আন উদ্ভিদৰ ওপৰত গজে আৰু সেই উদ্ভিদজোপাৰ পৰা আহাৰ সংগ্ৰহ কৰি জীয়াই থাকে। যেনে— আকাশীলতা।

কিছুমান জীৱই আন মৃত, গেলা পচা জীৱৰ ওপৰত গজি তাৰ পৰা আহাৰ শোষণ কৰে। এইবোৰে মৰা বস্তু পচাই তাৰ পৰা ৰস আহৰণ কৰে। এইবোৰক মৃতজীৱী বোলে। যেনে— কাঠফুলা, বেংচটা, ম'নট্ৰপা, নিওটিয়া, ভেঁকুৰ আদি।

কিছুমান উদ্ভিদ নাই। জেন কম থকা মাটিত জন্মে। ফলত মাটিৰ পৰা উপযুক্ত পৰিমাণে নাইট্ৰ'জেন আহৰণ কৰিব নোৱাৰে। ইহঁতৰ দেহত ক্ল'ৰ'ফিল থাকে। ইঁহতে সালোক সংশ্লেষণ প্রক্রিয়াৰ সহায়ত খাদ্য প্রস্তুত কৰে। কিন্তু নাই৷ 'জেনৰ অভাৱৰ পৰা হাত সাৰি থাকিবলৈ এই উদ্ভিদবোৰে পতংগৰ দেহৰ পৰা নাইট'জেন জাতীয় পদার্থ আহৰণ কৰে। এইবোৰ উদ্ভিদক পতংগভোজী উদ্ভিদ বোলে। যেনে— কলচী উদ্ভিদ, ৰ’দ মুকুতা, ভেনাছ ফ্লাইট্ৰেপ আদি।

কিছুমান উদ্ভিদে আন জীৱৰ লগত একেলগে থাকি পৰস্পৰ উপকৃত হৈ জীয়াই থাকে। এনেবোৰ উদ্ভিদক সহজীৱী উদ্ভিদ বোলে। উদাহৰণস্বৰূপে যেনে— শেলাই আৰু ভেঁকুৰৰ সমন্বয়ত গঠিত এবিধ সহজীৱী হ’ল লাইকেন।








অতিৰিক্ত প্রশ্নোত্তৰ :


প্রশ্ন 1 : জীৱৰ পৰিপুষ্টি বুলিলে কি বুজা?

উত্তৰ : সকলো জীৱকে খাদ্য লাগে। খাদ্যত থকা পুষ্টিদ্ৰব্য জীৱৰ দেহত লীণ হৈ যায়। তাৰ ফলত জীৱৰ বৃদ্ধি, বিকাশ আৰু বংশবৃদ্ধি সম্ভৱ হয়। বৃদ্ধি, বিকাশ আৰু বংশবৃদ্ধিৰ বাবে জীৱৰ দেহত পুষ্টিদ্রব্য লীণ হোৱা প্ৰক্ৰিয়াই হ’ল পৰিপুষ্টি।


প্রশ্ন 2 : জীৱৰ পৰিপুষ্টি কেইপ্ৰকাৰৰ? কি কি ?

উত্তৰ : জীৱৰ পৰিপুষ্টি (Nutrition) দুই প্রকাৰৰ। যেনে— স্বপোষী পৰিপুষ্টি (Autotrophic Nutrition) আৰু পৰপোষী পৰিপুষ্টি (Heterotrophic nutrition)।


প্রশ্ন 3 : স্বপোষী পৰিপুষ্টি বুলিলে কি বুজা?


উত্তৰ : উদ্ভিদে পত্ৰহৰিতৰ সহায়ত সূৰ্যৰ তাপ কঢ়িয়াই লয়। এই সূৰ্যৰ তাপ, কার্বন-ডাই-অক্সাইড, পানী আদিৰ সহায়ত নিজে নিজৰ খাদ্য প্রস্তুত কৰি লয়। উদ্ভিদৰ এনে পৰিপুষ্টিক স্বপোষী পৰিপুষ্টি (Autotrophic Nutrition) বোলে।


প্রশ্ন 4 : পৰপোষিত পৰিপুষ্টি বুলিলে কি বুজা?

 উত্তৰ : কিছুমান জীৱই নিজে নিজৰ খাদ্য প্রস্তুত কৰিব নোৱাৰে। ইঁহতে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়। প্রাণী, ভেকুৰ, কিছুনান। বেক্টেৰিয়া আদি ইয়াৰ অন্তৰ্গত। আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা। বাবে এইবোৰ জীৱৰ পৰিপুষ্টিক পৰপোষিত পৰিপুষ্টি (Heterotrophica nutrition) বোলে।

 

প্রশ্ন 5 : পৰপোষিত পৰিপুষ্টি কেইপ্ৰকাৰৰ? কি কি?

উত্তৰ : পৰপোষিত পৰিপুষ্টি তিনি প্ৰকাৰৰ। যেনে (ক) পূর্ণগ্রাসী পৰিপুষ্টি (Holozoic Nutrition)

(খ) পৰজীৱী পৰিপুষ্টি (Parasitic Nutrition) 

(গ) মৃতজীৱী পৰিপুষ্টি (Saprotrophic Nutrition)


প্রশ্ন 6 : পূর্ণগ্রাসী পৰিপুষ্টি বুলিলে কি বুজা?


উত্তৰ : পূর্ণগ্রাসী পৰিপুষ্টিত জীৱই গোটা জৈৱ পদার্থ খাদ্য হিচাপে গ্রহণ কৰে। এই খাদ্য এজোপা সম্পূর্ণ উদ্ভিদ, এটা সম্পূৰ্ণ প্ৰাণী নাইবা এইবোৰৰ অংশ হ'ব পাৰে। মানুহ আৰু সৰহভাগ প্ৰাণীৰ ক্ষেত্ৰত এনে পৰিপুষ্টি হয়।



 প্রশ্ন 7 পোষক কাক বোলে?

 উত্তৰ : কিছুমান জীৱই নিজৰ খাদ্য নিজে প্রস্তুত কৰিব নোৱাৰে। এইবোৰে আন জীৱ বা উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰি লয়। এনেবোৰ জীৱক পোষক (host) বোলে।

প্রশ্ন ৪ : পৰজীৱিতা কাক বোলে?

উত্তৰ : পৰজীৱী আৰু পোষকৰ মাজৰ সম্বন্ধক পৰজীৱিতা (Parasitism) বোলে।


প্রশ্ন 9 : পৰজীৱী কাক বোলে?


উত্তৰ : যিবোৰ জীৱই নিজৰ খাদ্য নিজে প্রস্তুত কৰিব নোৱাৰে, সেইবোৰ জীৱই আন প্রাণী বা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য সংগ্ৰহ কৰে। এনেবোৰ জীৱক পৰজীৱী (Parasite) বোলে।


প্রশ্ন 10 : খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক কি কি ভাগত ভাগ কৰা হৈছে?


উত্তৰ : খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে

(ক) তৃণভোজী (Herbivorus)

(খ) মাংসভোজী (Carnivorous) আৰু

(গ) সর্বভোজী (Omnivorous)


প্রশ্ন 11 : মৃতজীৱী কাক বোলে?

উত্তৰ : 

যিবোৰ জীৱ আন মৰা উদ্ভিদ বা জীৱৰ গাত জন্মে আৰু ইয়াৰ পৰা খাদ্য সংগ্ৰহ কৰে, এইবোৰ জীৱক মৃতজীৱী 

প্রশ্ন 12 : পৰপোষিত উদ্ভিদ কাক বোলে ?

উত্তৰ কিছুমান উদ্ভিদৰ দেহত পত্ৰহৰিৎ নাথাকে। সিঁহতে নিজৰ আহাৰ নিজে প্রস্তুত কৰিব নোৱাৰে। এনেবোৰ উদ্ভিদক পৰপোষিত উদ্ভিদ বোলে।যেনে— আকাশীলতা, বেংছতা আদি।


প্রশ্ন 13 পৰপোষিত উদ্ভিদ কেই প্ৰকাৰৰ? কি কি?

উত্তৰ ঃ পৰপোষিত উদ্ভিদ সাধাৰণতে চাৰিবিধ। যেনে—

(ক) পৰজীৱী (Parasite)

(খ) মৃতজীৱী (Saprophyte)

(গ) পতংগভোজী (Insectivorous) আৰু

(ঘ) সহজীৱী (Symbiont)।


প্রশ্ন 14 : পৰজীৱী কাক বোলে?

উত্তৰ ঃ যি উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, সেইবোৰে আন গছৰ পৰা খাদ্য সংগ্রহ কৰি লয়। এইবোৰক পৰজীৱী বোলে। যেনে—আকাশীলতা। ইঁহতৰ দেহত পৰজীৱী পৰিপুষ্টি হয়।

 

প্রশ্ন 15: এবিধ পৰজীৱীৰ উদাহৰণ দিয়া?

উত্তৰ : ৰাফ্লেচিয়া (Rafflesia) এবিধ মূল পৰজীৱী। ই আন গছৰ শিপাত গজে আৰু তাৰ পৰাই খাদ্য সংগ্ৰহ কৰি লয়।

প্রশ্ন 16 : পতংগভোজী উদ্ভিদ কাক বোলে?

উত্তৰ : কিছুমান উদ্ভিদ নাইট্ট জেন কম থকা মাটিত জন্মে। ফলত মাটিৰ পৰা উপযুক্ত পৰিমাণে নাই। জেন আহৰণ কৰিব নোৱাৰে। ইহঁতৰ দেহত ক’ৰ'ফিল থাকে। সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা ইহঁতে খাদ্য প্রস্তুত কৰে। নাইট জেনৰ অভাৱৰ পৰা হাত সাৰি থাকিবলৈ এনে ধৰণৰ উদ্ভিদে পতংগৰ দেহৰ পৰা নাই৷ জেনজাতীয় পদার্থ আহৰণ কৰে। এনেবোৰ উদ্ভিদক পতংগভোজী উদ্ভিদ বোলে। যেনে— কলচী উদ্ভিদ (Pitcher Plants), ৰদ মুকুতা (Drosera), ভেনাছ ফ্লাইটেপ (Venus flytrap) আদি।


প্রশ্ন 17: পত্রৰন্ধ্র কি? ইয়াৰ কাম কি? উত্তৰ ঃ উদ্ভিদৰ পাতত অসংখ্য ক্ষুদ্র ক্ষুদ্র ছিদ্র বা বিন্ধা থাকে। এইবোৰক পত্ৰৰঞ্জ (Stomata) বোলে। পত্ৰঞ্জৰ দ্বাৰাই উদ্ভিদে গেছৰ আদান-প্রদান কৰে আৰু উদ্ভিদৰ অলাগতিয়াল পানী পত্ৰৰঞ্জৰ মাজেৰে জলীয় বাষ্পৰূপে বায়ুমণ্ডললৈ এৰি দিয়ে।


প্রশ্ন 18 সালোক সংশ্লেষণ কাক বোলে ?

উত্তৰ : উদ্ভিদৰ পাতত থকা পত্ৰৰঞ্জৰ মাজেৰে উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই- অক্সাইড গ্ৰহণ কৰে। সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিত্ৰ উপস্থিতিত পাতত কার্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা শৰ্কৰা উৎপন্ন হয়, অর্থাৎ খাদ্য প্রস্তুত হয়। এই প্রক্রিয়াকে সালোক সংশ্লেষণ (Photosynthesis) বোলে। 


প্রশ্ন 19 : লাইকেন সহজীৱিতাৰ বিষয়ে চমুকৈ লিখা?

উত্তৰ : কিছুমান উদ্ভিদে আন জীৱৰ লগত একেলগে থাকি পৰস্পৰে উপকৃত হৈ জীয়াই থাকে। তেনে উদ্ভিদক সহজীৱী আৰু পৰস্পৰ উপকৃত হোৱা সম্পৰ্কৰ্ক সহজীৱিতা বোলে। শেলাই আৰু ভেঁকুৰৰ সমন্বয়ত গঠিত এবিধ সহজীৱী হ’ল লাইকেন (Lichen)। লাইকেন এনেদৰে নিজৰ ভূমিকা পালন কৰে।

Comments

  1. Bhai big thanks my dear friend😘

    ReplyDelete
    Replies
    1. JB notes channel YouTube t search korok

      https://youtube.com/channel/UCuM-yyrpQxW389yGgJ_QWFQ

      Delete

Post a Comment

Popular posts from this blog

নতুন বিজ্ঞান : শৰীৰত খাদ্যৰ ব্যৱহাৰ, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 2)

নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী : পাঠ ‌5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ : অসম জাতীয় বিদ্যালয়, উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ