বৰ্জিত পানীৰ ব্যৱস্থাপনা | Lesson 18 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )  

 অধ্যায়- 18


বৰ্জিত পানীৰ ব্যৱস্থাপনা

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা

i ) বর্জিত পানী হল— 

a ) বিশুদ্ধ পানী b ) এবাৰ ব্যৱহৃত পানী
c ) ফটফটীয়া পানী
d ) পৃষ্ঠ জল

উত্তৰ : (b) এবাৰ ব্যৱহাত পানী

(ii) তলৰ কোনটো পানী শোধনৰ যান্ত্রিক পদ্ধতি?

a ) বর্জ্যদ্রব্য পৃথকীকৰণ
b ) বর্জ্যদ্রব্যৰ পচন
c ) নিবীর্জকৰণ d ) এটাও নহয়

উত্তৰ  :
a ) বর্জ্যদ্রব্য পৃথকীকৰণ

iii ) বর্জিত পানী শোধন কেন্দ্ৰৰ তলিত জমা হােৱা দ্রব্যবিধ হ’ল— 

a ) পুতি বা গেদ b ) অধঃক্ষেপ
c ) পুতি - জল
d ) এটাও নহয় 

উত্তৰ :
c ) পুতি - জল


iv ) তলৰ কোনটোৱে পুতি - জলত থকা সর্বাধিক আৱৰ্জনা দূৰ কৰে ? 

a ) উলম্ব দণ্ডবােৰে
b ) বােকা বালি কক্ষই
c ) বাতায়ন কক্ষই
d ) অবক্ষেপণ টেংকে 

উত্তৰ :
c ) বাতায়ন কক্ষই

v ) বর্জিত পানীৰ উপযুক্ত ব্যৱস্থাপনা নাথাকিলে কি হ'ব পাৰে ? 

a ) ৰােগ
b ) পানী যােগান ব্যৱস্থা প্ৰদূষিত c ) জল - প্ৰদূষণ d ) গােটেইবােৰ 

উত্তৰ :
d ) গােটেইবােৰ 





2. খালী ঠাই পূৰ কৰা  

i ) পানীৰ বিশুদ্ধিকৰণ মানে হ’ল পানীৰপৰা ________নিমূলকৰণ । 
উত্তৰ  : অশুদ্ধি

ii ) ঘৰুৱা কাম - কাজৰপৰা উৎপাদিত বর্জিত পানীক ________বােলে । 

উত্তৰ : সংদোষক

iii ) শুকান_______সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি । 

উত্তৰ : গেদ
iv )________ ৰােগৰ বীজাণু পানীত থাকে । ( কলেৰা / ধনুষ্টংকাৰ কেঞ্চাৰ ) 

v ) পানী শােধনৰ_________পর্যায়ত জৈৱ - অশুদ্ধি দূৰ কৰা হয় । ( প্রথম / দ্বিতীয় / তৃতীয় ) 

উত্তৰ : তৃতীয়
3. চমু উত্তৰ দিয়া : 

(i) বৰ্জিত জল বুলিলে কি বুজা? ইয়াত কি কি থাকে?
উত্তৰ : অশুদ্ধিযুক্ত আৰু ব্যৱহাৰৰ অনুপযোগী পদীকেই বর্জিত পানী
বোলে।

বর্জিত পানীত নানা ধৰণৰ অশুছি, কীটনাশক, শ ক্রমিয়াম, সংদোষক আদি মিহলি হৈ থাকে।

(iii) বৰ্জিত পানী শোষনৰ পৰ্যায় তিনিটা কি কি?

উত্তৰ : বৰ্জিত পানী শোধনৰ তিনিটা উপায় হল- প্রথম, দ্বিতীয় আৰু
তৃতীয় পৰ্যায়ৰ পৰিশোধন।

(iii) ৰঞ্জিত পানী শোধনৰ প্ৰাথমিক আৰু দ্বিতীয় পর্যায় দুটাৰ পাৰ্থক্য

উত্তৰ : বৰ্জিত পানী শোধনৰ প্ৰাথমিক আৰু দ্বিতীয় পর্যায় দুটাৰ পাৰ্থক্য হল -


প্রাথমিক পর্যায়ত পানীত থকা অস্ত্ৰৱণীয়, যেনে— প্রাষ্টিকৰ বটল, বালি, বোঝা-মাটি, চাবোন, তেল, গ্রিজ আদি অশুন্ধিবোৰ আঁতৰোৱা হয়। এই মূলতঃ যান্ত্রিক প্রক্রিয়া। প্ৰথমতে বৰ্জিত পানীবোৰ থিয় দণ্ডযুক্ত জালনাৰ (Vertical bars) মাজেদি পাৰ হ'বলৈ দিয়া হয়। তেতিয়া গোটা বস্তুবোৰ জালনাত লাগি ধবে। যেনে— প্লাষ্টিকৰ বটল, মোনা, কাপোৰ, কাগজ আদি তাৰ পিছত পানীখিনি বোকা, বালি নির্মূলকৰণ পুখুৰীলৈ যাবলৈ দিয়া হয়। পানীত থকা বোকা মাটি, বালি, হিউমাছ আদিবোৰ তলিত জমা হয়।

আকৌ দ্বিতীয় পর্যায়ত পানীত মিহলি হৈ থকা মল-মূত্র, খোৱাবস্তুৰ অংশবিশেষ, চাবোন আদি জৈৱ অশুদ্ধিবোৰ শোধন কৰা হয়। ই এটা জৈৱিক প্ৰক্ৰিয়া |

(iv) শোধিত পানী কিদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি?

উত্তরঃ পানী শোধন কৰাৰ পিছত তাত কোনো অশুদ্ধি নাথাকে। এই পানী সম্পূর্ণ বিশুদ্ধ বুলি ক'ব পাৰি। গতিকে এনেকুৱা বিশুদ্ধ পানী আমি যিকোনো কামতে ব্যৱহাৰ কৰবি পাৰো।

(v) পৰিশোধন কেন্দ্ৰত উৎপাদিত পুতি বা গেদবোৰ কি কৰা হয়?

উত্তৰ : পৰিশোধন কেন্দ্রত উৎপাদিত পুতি বা গেদবোৰ শুকাই সাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

(vi) ৰাজহুৱা স্থান বা ঘৰতো বর্জিত পানীৰ কিয় সু-ব্যৱস্থাপনা কৰা দৰকাৰ?


উত্তৰ :
ৰাজহুৱা স্থান বা ঘৰতো বর্জিত পানীৰ সু-ব্যৱস্থাপনা কৰা দৰকাৰ। কাৰণ পানীত বহুতো বিষাক্ত দ্রব্য, অণুজীৱ আদি মিহলি হৈ থাকে। সেইবাৰে বৰ্জিত পানীবোৰ য'তে ত’তে পেলাব নালাগে। এই বর্জিত পানীবোৰ পেলোৱাৰ বাবে সুব্যৱস্থা কৰি ল'ব লাগে ।

(vii) পানীৰ নিৰ্বীজকৰণত ব্যৱহৃত দুটা ৰাসায়নিক পদাৰ্থৰ নাম লিখা।
উত্তৰ :
পানীৰ নিৰ্বীজকৰণত ব্যৱহৃত দুটা ৰাসায়নিক পদার্থ হ'ল— ক্ল'ৰিণ আৰু অ'জন।



4 |
(i) বৰ্জিত পানীৰ উৎসবোৰ আলোচনা কৰা।

উত্তৰ ঃ বৰ্জিত পানীবোৰ বিভিন্ন উৎসৰ পৰা উৎপত্তি হয়। যেনে- প্রায় সকলো ধৰণৰ কৃষি কাৰ্যৰ বাবে পানীৰ প্ৰয়োজন। কিছুমান খেতিত প্ৰচুৰ পানীৰ দৰকাৰ হয়। খেতিপথাৰৰ পৰা ওলাই আহা বর্জিত পানীত বিষাক্ত কীটনাশক, তৃণনাশক আদি মিহলি হৈ থাকে।

ঘৰ-দুৱাৰ, অট্টালিকা আদি নির্মাণত উৎপাদিত বর্জিত পানীত চিমেণ্ট, বাসায়নিক বং আদি মিহলি হৈ থাকে।

উদ্যোগ, কল-কাৰখানা আদিত প্রায় সকলো ধৰণৰ বস্তু উৎপাদনৰ বাবে পানীৰ প্রয়োজন। কল-কাৰখানাৰ পৰা ওলোৱা অধিকাংশ পানীয়েই বর্জিত পানী হিচাপে ওলাই যায়। এই বর্জিত পানীত বিষাক্ত দ্রব্য (যেনে- লৌড, ক্রমিয়াম আদি) মিহলি হৈ থাকে।

জোৰেৰে বৰষুণ দিলে ৰাস্তা বা চোতালেদি ঘোলা পানী বৈ যায়। এই পানীত কিছুমান আবর্জনা উটি আহে। আকৌ কিছুমান অশুদ্ধি এই পানীত দ্ৰৱীভূত হৈ থাকে। এইবোৰ অশুদ্ধি আমি চকুৰে দেখা নাপাও। এনেদৰে অশুদ্ধি দ্ৰৱীভূত হৈ থকা আৰু কিছু অশুছি উপত্তি থকা বর্জিত পানীক পুতি জল (Sewage) বোলে।

ঘৰৰ ৰান্ধনিশালৰ পৰা ওলাই যোৱা পানীত চাউলৰ গুড়ি, শাক-পাচলিৰ অংশ, তেল, বাচন ধোৱা চাবোনৰ অংশ আদি মিহলি হৈ থাকে। এইবোৰ অশুছি।

(ii) নৰ্দমা ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰ : আমাৰ গা-ধোৱা পানী, শৌচ-প্ৰস্বার, জাৱৰ-জোথৰ আদি নৰ্দমাত জমা কৰি ৰাখিব লাগে। এইবোৰ য'তে তাঁতে পেলালে ইয়াৰ পৰা উৎপত্তি হোৱা বিষাক্ত দ্ৰৱৱ্য, অণুজীৱ আদি চাৰিওফালে বিয়পি যায়। এইবোৰৰ পৰা নানা ধৰণৰ বেমাৰৰ বীজাণু আদি বিয়পিব পাৰে। সেইবাবে আমি নর্দমাৰ ব্যৱস্থা কৰি এই লেতেৰা আৱৰ্জনাবোৰ এক নিৰ্দিষ্ট ঠাইত জমা কৰি ৰাখি পিছত পেলাই দিব লাগে


(iii) পৰিশোধন কেন্দ্ৰত বর্জিত পানী কেনে ধৰণে শোধন কৰা হয় লিখা।

উত্তৰ : পৰিশোধন কেন্দ্ৰত বর্জিত পানী তিনিটা পৰ্যায়ত শোধন কৰা
হয়। প্রথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ, পৰিশোধন। প্ৰথম পৰ্যায়ৰ পৰিশোধনঃ এই পর্যায়ত পানীত থকা অদ্রবণীয়, যেনে – প্লাষ্টিকৰ বটল, বালি, বোকা-মাটি, চাবোন, তেল, গ্রিজ আদি অশুদ্ধিবোৰ আঁতৰোৱা হয়। এইটো মূলতঃ এটা যান্ত্রিক প্রক্রিয়া। প্রথমে বৰ্জিত পানীবোৰ থিয় দণ্ডযুক্ত জালনাৰ মাজেদি পাৰ হ’বলৈ দিয়া হয়। তেতিয়া গোটা বস্তুবোৰ জালনাত লাগি ধৰে। যেনে— প্লাষ্টিকৰ মোনা, বটল, কাপোৰ, কাগজ আদি। তাৰ পিছত পানীখিনি বোকা বালি নির্মূলকরণ পুখুৰীলৈ যাবলৈ দিয়া হয়। ইয়াত পানীৰ গতিবেগ কমাই দিয়া হয়। ফলত পানীত থকা বোকা-মাটি, বালি, হিউমাছ আদিবোৰ তলিত জমা হয়। বোকা বালি আদি নির্মূলকৰণৰ পিছত পানীখিনি একোটা বিশাল পুখুৰীসদৃশ টেংকত জমা কৰা হয়। এই পুখুৰীটোৰ মাজ অংশ দ’ আৰু কাষলৈ ক্ৰমে বাম হয়। কেইবাদিনো পানীখিনি ইয়াত ৰখা হয়। ফলত মল-মূত্ৰৰ কণিকাবোৰ তলিত জমা হয়। তেল, গ্রিজ আদি পাতল অশুদ্ধিবোৰ পানীৰ ওপৰত ভাঁহি উঠে। এই তেলজাতীয় অশুদ্ধিবোৰ একোখন ডাঙৰ ফুটা থকা হেতাৰে (Skimmer) আঁতৰোৱা হয়। পানীখিনিক ফটফটীয়া পানী (Clarified water) বোলে।

দ্বিতীয় পৰ্যায়ৰ পৰিশোধন : প্রাথমিক পৰ্যায়ৰ ফটফটীয়া পানীখিনিত মল-মূত্র, খোৱাবস্তুৰ অংশবিশেষ, চাবোন আদি জৈৱ অশুদ্ধিৰ ক্ষুদ্ৰ কণিকা মিহলি হৈ থাকে। এইবোৰ নিৰ্মূলকৰণ দ্বিতীয় পৰ্যায়ৰ শোধনত কৰা হয়। মূলতঃ ই এটা জৈৱিক প্রক্রিয়া। ইয়াৰ বাবে পানীখিনি একোটা বায়ুমিশ্রিত কক্ষলৈ (Aeration tank) নিয়া হয়। এই কক্ষত পানীখিনিৰ মাজেৰে জোৰেৰে বায়ু চলাচল কৰোৱা হয়। ফলত বেক্টেৰিয়াৰ দ্বাৰা জৈৱ অশুদ্ধিবোৰৰ পচন ঘটে। পাত্ৰৰ তলিত কিছুমান নতুন পুতি বা গেদ জমা হয়। এইবোৰক সক্রিয়কৃত পুতি বা গেদ বোলে। ওপৰৰ ফটফটীয়া পানীখিনি পৃথক টেংকলৈ বোৱাই নিয়া হয়।
তৃতীয় পর্যায়ৰ পৰিশোধন : দ্বিতীয় পৰ্যায়ৰ পৰা পোৱা পানীখিনিত এতিয়াও কিছুমান অণুজীৱ, অতি কম পৰিমাণৰ জৈৱ অশুদ্ধিবোৰ থাকিব পাৰে। এইবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে নির্মূল কৰা হয়। এই পৰ্যায়ত পানীৰ পৰা ফছফৰাছ আৰু নাইট্ৰ'জেনযুক্ত অশুদ্ধি বাসায়নিক প্রক্রিয়াৰে আঁতৰোৱা হয়। অতি বেঙুনীয়া ৰশ্মি, ক্ল’ৰিণ, অজ’ন আদিৰ সহায়ত বেক্টেৰিয়া আদি অণুজীৱ ধ্বংস কৰা হয়।


(iv) বৰ্জিত পানীৰ পৰিমাণ হ্ৰাস কৰিবৰ বাবে কি কি ব্যৱস্থা ল'ব পাৰি লিখা।

উত্তৰ ঃ বৰ্জিত পানীৰ পৰিমাণ হ্ৰাস কৰিবৰ বাবে আমি কিছুমান ব্যৱস্থা হাতত ল'ব লাগিব।

যেনে— সুপৰিকল্পিত নলা নৰ্দমাৰ ব্যৱস্থা কৰিব লাগিব। বর্জিত জল শোধনৰ ব্যৱস্থা কৰিব লাগিব। আমি ঘৰত মলশোধন টেংক, জৈৱ গেছ উৎপাদন আৰু পচনকাৰী শৌচাগাৰ আদিৰ ব্যৱহাৰ কৰিব লাগিব।

মলশোধন টেংক (Septic tank): এই পদ্ধতিত মাটিৰ তলত গাঁত খান্দি এটা পকী টেংক বনোৱা হয়। কেতিয়াবা প্লাষ্টিকৰ টেংকো ব্যৱহাৰ কৰা হয়। ঘৰুৱা বৰ্জিত পানীবোৰ এই টেংকলৈ পাইপেৰে লৈ যোৱা হয়। গোটা অশুদ্ধিৰ কণিকাবোৰ তলিত জমা হয়। পাতল অশুদ্ধিবোৰ ও পঙি থাকে। বর্জিত পানীত থকা বেক্টেৰিয়াই এই অশুদ্ধিবোৰ লাহে লাহে পচন ঘটায়। পানীভাগ আন এডাল নলীৰে মূল টেংকৰ পৰা উলিয়াই আনি আন এটা গীতত পেলোৱা হয়। ইয়াৰ পৰা এই পানী মাটিয়ে শুহি লয়।

জৈৰ গেছ প্রকল্প (Biogas plants) : এই পদ্ধতিত মানুহ বা জীৱ জস্তুৰ মল নলীৰে একোটা পকী টেংকত পেলোৱা হয়। কিছু পৰিমাণৰ পানীও পেলোৱা হয়। অণুজীৱই এই জৈৱ পদাৰ্থবোৰৰ ভাঙোন ঘটোৱাৰ ফলত জৈৱ গেছ (মূলতঃ মিথেন) উৎপন্ন কৰে। এই গেছ আন এডাল


নলীৰে উলিয়াই নিয়া হয়। এনে গেছ ইন্ধন হিচাপে বা বিদ্যুৎ উৎপাদনত ব্যৱহৃত হয়।

পচনকাৰী শৌচাগাৰ (Vermi-composting Toilet) : শেহতীয়াকৈ আমাৰ দেশত এনে শৌচাগাৰৰ ব্যৱস্থা কৰা হৈছে। এনে শৌচাগাৰত কিছুমান কেঁচুৰ দ্বাৰা মানুহৰ মলৰ পচন ঘটোৱা হয়।

(v) বৰ্জিত পানীৰ পৰিকল্পিত ব্যৱস্থা অবিহনে হ’ব পৰা “বিপদসমূহ আলোচনা কৰা।

উত্তৰ : বৰ্জিত পানীৰ পৰিকল্পিত ব্যৱস্থা অবিহনে আমাৰ বহুতো বিপদ বা অসুবিধা হ’ব পাৰে। বৰ্জিত পানীবোৰত বিভিন্ন বিষাক্ত দ্ৰৱ্য (যেনে মিথেন) মিহলি হৈ থাকে। এই বিষাক্ত দ্রৱ্যবোৰ বায়ুৰ লগত লগ হয় বা পানীৰ লগত বৈ গৈ বিভিন্ন ঠাইলৈ বৈ যায়। এই বস্তুবোৰ খেতি পথাৰত গলে খাদ্য-দ্রব্য দূষিত কৰে। এইবোৰ খাদ্য খাই আমি বেমাৰত পৰাটো স্বাভাৱিক।

(vi) নর্দমা ব্যৱস্থা নথকা অঞ্চলত বৰ্জিত পানীৰ ব্যৱস্থাপনা কিদৰে কৰা হয় আলোচনা কৰা।

উত্তৰ ঃ নর্দমা নথকা অঞ্চলত বৰ্জিত পানীৰ ব্যৱস্থাপনা অন্য ধৰণেও কৰিব পাৰি। ইয়াৰ বাবে আমি ঘৰৰ পৰা অলপ দূৰত এটা গাঁত খান্দি ল'ব লাগিব। আমাৰ গা-ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা আৰু অন্যান্য লেতেৰা বৰ্জিত পানীবোৰ এই গাঁতত পেলাব লাগিব। গাঁতটো অলপ ডাঙৰ আৰু দকৈ খান্দিব লাগিব।

অতিৰিক্ত প্রশ্নোত্তৰ :

প্রশ্ন 1 : আৱৰ্জনা কি?

উত্তৰ : ব্যৱহাৰৰ অনুপযোগী বস্তুবোৰেই হ’ল আৱৰ্জনা।

প্রশ্ন 2 : আৱৰ্জনা কেইধৰণৰ হ’ব পাৰে?

উত্তৰ : আৱৰ্জনাবোৰ মূলতঃ তিনিধৰণৰ— গোটা, জুলীয়া আৰু গেছীয়।


3 ।প্রশ্ন : জীৱ-পচনক্ষম আৱৰ্জনাৰ পৰা কি কি পাব পাৰি?

উত্তৰ : জীৱ - পচনক্ষম আৱৰ্জনাৰ পৰা পচনসাৰ আৰু জৈৱ ইন উৎপাদন কৰিব পাৰি।

4। প্রশ্ন : আৱৰ্জনা ব্যৱস্থাপনাৰ স্তৰকেইটা কি কি?

উত্তরঃ আরজনা ব্যৱস্থাপনাৰ স্তৰকেইটা হ’ল—– আৱৰ্জনা সৃষ্টিকাৰী বস্তুৰ ব্যৱহাৰ এৰি চলা (Refuse), ব্যৱহাৰ হ্ৰাস কৰা (Reduce), পুনৰ ব্যৱহাৰ কৰা (Reuse), পুনৰ্দ্ধাৰ (Recover) আৰু শেষত নিষ্কাসন (Disposal) | এয়ে হ’ল SR ধাৰণা।

প্রশ্ন 5 লে'ড আৰু ক্রমিয়াম কি?
উত্তৰ ঃ লে’ড আৰু ক্ৰ মিয়াম হ’ল বৰ্জিত পানীৰ লগত থকা বিষাক্ত

প্রশ্ন 6: পুতি জল ?

উত্তৰ : অশুদ্ধি ওপঙি থকা বর্জিত পানীক পুতি জল (Sewage) বোলে৷

প্রশ্ন : সংদোষ কি?
উত্তৰ : পুতি জলত থকা অশুদ্ধিবোৰক সংদোষক (Contaminant) বোলে।

প্রশ্ন ৪ : চাবোনত কি সংদোষক থাকে?

উত্তৰ : চাবোনত ফছফেট নামৰ অজৈৱ সংদোষক থাকে।

প্রশ্ন 9: পলস কি ?

উত্তৰ : সাধাৰণতে নর্দমা ব্যৱস্থাত নলাবোৰ মাটিৰ তলত থাকে। এই নলাৰে বৈ যোৱা বর্জিত পানীত ওপঙি থকা অশুদ্ধিবোৰ লাহে লাহ্নে গেদ আকাৰে জমা হয়। এইবোৰক পলস (Sludge) বোলে।

প্রশ্ন 10 মেনহ'ল কি?

উত্তৰ : নলাবোৰ মাজে মাজে চাফা কৰাটো অতি দৰকাৰ। তাৰবাবে নলাবোৰৰ ওপৰফালে নির্দিষ্ট দূৰত্বত কিছুমান ফুটা ৰখা হয়। এই ফুটাবোৰেদি চাফাইকর্মী সোমাই নলা পৰিষ্কাৰ কৰিব পাৰে। ফুটাবোৰ ঢাকনিৰে ঢাকি ৰখা হয়। ইংৰাজীত এইবোৰক মেনহ’ল (Manhole) বোলে।

প্রশ্ন 11: জলউৰ্বৰীকৰণ কি?

উত্তৰঃ পানীত নাইট্ৰ'জেন, ফছফৰাছ জাতীয় সংদোষকবোৰ মিহলি হয়। এইবোৰ উদ্ভিদৰ পোষক দ্ৰৱ্য। তেনেদৰে জৈৱ সংদোষকবোৰেও উদ্ভিদৰ পোষক দ্রব্য হিচাপে কাম কৰে। এনে পোষক দ্ৰৱ্য অধিক হলে জলজ উদ্ভিদ (যেনে, শেলাই আদি) অধিক পৰিমাণে বৃদ্ধি পায়। ফলত জলজ প্রাণীবোৰৰ অসুবিধা হয়। অত্যধিক শেলাইৰ বাবে জলজ প্রাণীবোৰ এসময়ত নাইকিয়া হয়। ইয়াক জলউৱৰীকৰণ (Eutrophication) বোলে।

প্রশ্ন 12 'মিনামাটা' ৰোগ কি?

উত্তৰ : ‘মিনামাটা’ আচলতে জাপানৰ এখন চহৰৰ নাম। এই চহৰখন সাগৰৰ পাৰত অৱস্থিত। 1956 চনত এই চহৰৰ কাষত থকা সাগৰৰ বহুতো জলজ প্রাণী মৰি পানীত ওপত্তি উঠিছিল। পিছত পৰীক্ষাৰ পৰা দেখা গ'ল যে সাগৰৰ পানীত অধিক পৰিমাণে মার্কাৰি নামৰ ধাতু থকাৰ বাবেই এই জলজ প্রাণীবোৰৰ মৃত্যু ঘটিছে। সাগৰৰ পাৰত থকা উদ্যোগৰ বৰ্জিত পানীৰ পৰাই এই মার্কাৰি সাগৰৰ পানীত মিহলি হৈছিল। পিছলৈ দেখা গ'ল যে শৰীৰত মার্কাৰিৰ পৰিমাণ অধিক হ’লে স্নায়ৱিক ৰোগে দেখা দিয়ে। এই ৰোগবিধৰ নামেই হ’ল ‘মিনামাটা’ ৰোগ।

প্রশ্ন 13: অৱক্ষেপন কি?

উত্তৰ : পানীৰ তলিত গেদ জমা হোৱা প্ৰক্ৰিয়াক অৱক্ষেপন (Sedimentation) বোলে।

প্রশ্ন 14 কলেৰা, গ্রহণী, টাইফয়ড আদি ৰোগ কেনেকৈ বিয়পে?

উত্তৰ ঃ মুকলি নৰ্দমাবোৰত মহ-মাখি আদিয়ে বংশ বৃদ্ধি কৰে৷ ইয়াৰ পৰা কলেৰা , গ্ৰহণী, টাইফয়ড আদি ৰোগৰ বীজাণু বিয়পে।

Comments

Post a Comment

Popular posts from this blog

নতুন বিজ্ঞান : উদ্ভিদৰ পৰিপুষ্টি, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 1)

নতুন বিজ্ঞান : শৰীৰত খাদ্যৰ ব্যৱহাৰ, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 2)

নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী : পাঠ ‌5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ : অসম জাতীয় বিদ্যালয়, উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ