পানী এক অমূল্য সম্পদ | Lesson 16 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )
পানী এক অমূল্য সম্পদ | Lesson 16 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay |
Class 7 Science ( AJB )
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
i ) তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা নহয় ?
a ) বৰফ b ) ধোঁৱা c ) নিয়ৰ d ) জলীয় বাষ্প
উত্তৰ : b ) ধোঁৱা
ii ) উদ্যোগত পানীৰ ব্যৱহাৰ হ'ল—
a ) কেঁচা সামগ্ৰী হিচাপে
b ) দ্রাবক হিচাপে
c ) শীতলকাৰক হিচাপে
d ) সকলােবােৰ
উত্তৰ : d ) সকলােবােৰ
iii ) ভূ - জলস্তৰ অৱনমনৰ কাৰণ হ'ল—
a ) বনাঞ্চল ধ্বংসকৰণ b ) বর্ধিত জনসংখ্যা c ) কৃষি কার্য d ) সকলােবােৰ
উত্তৰ :
a ) বনাঞ্চল ধ্বংসকৰণ
iv ) পানী সংৰক্ষণৰ এটা পদ্ধতি হল—
a ) বৰষুণৰ পানী সংৰক্ষণ
b ) বনাঞ্চল ধ্বংসকৰণ
c ) কৃষি কার্য
d ) বর্ধিত জনসংখ্যা
উত্তৰ : a ) বৰষুণৰ পানী সংৰক্ষণ
v )তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?
a ) উদ্যোগজাত বিকাশ
b ) জনসংখ্যা বৃদ্ধি
c ) প্ৰচুৰ বৰষুণ
d ) পানীৰ উৎসসমূহৰ অপৰিকল্পিত ব্যৱস্থাপনা ।
উত্তৰ : c ) প্ৰচুৰ বৰষুণ
vi ) তলৰ কোনটো উক্তি সত্য ?
a ) পৃথিৱীৰ হ্রদ আৰু নদীসমূহৰ মুঠ পানী একে থাকে ।
b ) ভূ - জলৰ পৰিমাণ একে থাকে ।
c ) পৃথিৱীৰ সাগৰ - মহাসাগৰসমূহৰ পানী একে থাকে ।
d ) পৃথিৱীৰ মুঠ পানীৰ পৰিমাণ একে থাকে ।
উত্তৰ :
2. শুদ্ধ নে অশুদ্ধ লিখা।
a ) ভূ - জলৰ পৰিমাণ নদী আৰু হ্রদত থকা পানীৰ পৰিমাণতকৈ বেছি । ( শুদ্ধ / অশুদ্ধ )
উত্তৰ : শুদ্ধ
b ) কেৱল গাঁও অঞ্চলত থকা জনসাধাৰণৰহে পানীৰ নাটনি হয় । ( শুদ্ধ / অশুদ্ধ )
উত্তৰ : অশুদ্ধ
c ) কেৱল নদীসমুহহে খেতিপথাৰত জলসিঞ্চনৰ বাবে ব্যবহৃত পানীৰ উৎস । ( শুদ্ধ / অশুদ্ধ )
উত্তৰ : অশুদ্ধ
d ) বৰষুণেই হ'ল পানীৰ মূল উৎস । ( শুদ্ধ / অশুদ্ধ )
উত্তৰ : শুদ্ধ
e ) দমকলেৰে পানী উঠালে ভূ - জলস্তৰৰ কোনাে ক্ষতি নহয় । ( শুদ্ধ / অশুদ্ধ )
উত্তৰ : শুদ্ধ
3. খালী ঠাই পূৰ কৰাঁ ।
a ) পানীৰ তিনিওটা ভৌতিক অবস্থাই________ ( উভমুখী / একমুখী )
উত্তৰ : একমুখী
b ) পানীৰ ________( 0 ° C ) / 100 °C উষ্ণতাত বৰফ হয় ।
উত্তৰ: 0 ° C
c ) ________( শীতকালত / বাৰিষাকালত ) নদীসমূহৰ জলপৃষ্ট বুদ্ধি পায় ।
উত্তৰ : বাৰিষাকালত
d ) নদীৰ পানী গতি নিয়ন্ত্রণ আৰু বিতৰণৰ বাবে__________ ( বান্ধ / কু ) নির্মাণ কৰা হয় ।
উত্তৰ : বান্ধ
4. চমুটোকা লিখা ।
a ) পৃষ্ঠ-জল
উত্তৰ : পৃথিৱীপৃষ্ঠৰ ওপৰ অংশত থকা পানীভাগকে পৃষ্ঠজল বোলে। ‘বিশুদ্ধতা'ৰ ওপৰত ভিত্তি কৰি পৃষ্ঠজলক তিনি ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ'ল— বৰষুণৰ পানী, নদী আৰু হ্ৰদৰ পানী আৰু সাগৰ মহাসাগৰৰ পানী।
পানী।
বৰষুণৰ পানীবৰষুণৰ পানী পৃষ্ঠ জলৰ বিশুদ্ধতম ৰূপ। সূৰ্যৰ তাপত পৃথিৱীপৃষ্ঠৰ পানীবোৰ ভাগ হৈ উৰি যায়। পানীত মিহলি হৈ থকা অগুছিবোৰ থাকি যায়। বৰষুণ দিলে প্রথম পানীখিনিত কিছু গেছ আৰু আন অশুদ্ধি মিহলি হৈ আহে। তাৰ পিছৰ পানীখিনি সাধাৰণতে বিশুদ্ধ হয়।
নদী আৰু হ্ৰদৰ পানী : এই পানীৰ উৎসও মূলতঃ বৰষুণৰ পানীয়েই পৰ্বতত থকা বৰফখণ্ড গ'লিও নদী আৰু হ্ৰদৰ পানীত মিহলি হয়। সাগৰ মহাসাগৰৰ পানী পৃষ্ঠ জলৰ সৰ্ববৃহৎ উৎস হ'ল সাগৰ মহাসাগৰবোৰ। কিন্তু এই পানী লুণীয়া। গতিকে সৰুৱা কাম-কাজ বা কৃষিকাৰ্যৰ বাবে এই পানী অনুপযোগী।
b ) ভূ - জল
উত্তৰ :
পৃথিৱীৰ ভূ-ভাগৰ অভ্যস্তৰত সোমাই থকা পানীভাগগকে ভূ-জল বোলে। বৰষুণৰ পানী এটা অংশ মাটিৰ মাজেৰে সৰকি যায়। এই পানীাগ লাহে লাহে শিল, বালি আদি বিভিন্ন স্তৰৰ মাজেৰে নিগৰি গৈ ভূ-গৰ্ভত জা হয়। এনেদৰে নিগৰি যোৱা প্ৰক্ৰিয়াটোৱেই হ'ল অস্তাহরণ (percolation)। এই ভূ-গর্ভস্থ জলৰ উপৰিভাগক ভূ-জলস্তৰ (water table) বোলে। কুঁৱা, দমকল আদিৰ জৰিয়তে এই ভূ-জল উলিয়াই অনা হয়। কিছুমান ঠাইত স্থ জলন্তৰে ভু-পৃষ্ঠ স্পর্শ কৰে। তেতিয়া এই ভূ-জল জুৰি আকাৰে বৈ আছে। পাহাৰ, পৰ্বত আদিত এনে জুৰিৰ সৃষ্টি হয়।
c ) ভূ - জলন্তৰ
উত্তৰ :
ভূ-গর্ভস্থ জলৰ উপৰিভাগক ভূ-জলস্তৰ (water table) বোলে। ভূ-জল ব্যৱহাৰযোগ্য পানীৰ এক প্ৰধান উৎস। কুঁৱা, দমকল, গভীৰ নলী-নাদ আদিৰ দ্বাৰাই মানুহে ভু-জল উলিয়াই আনে। কিন্তু বৰষুণৰ পানী নিগৰি গৈ আকৌ সেই অংশ পুব করে। কিন্তু বর্তমান ভূ-জলস্তৰৰ পানী কিছু পৰিমাণে কমি গৈছে। জনসংখ্যা বৃদ্ধি, ঔদ্যোগীকৰণ আৰু দ্রুত কৃষিকাৰ্য আদি ভূ-জলস্তৰ অৱক্ষয়ৰ মুখ্য কাৰণ বৰষুণৰ পৰিমাণ কমাটোও অন্য এক কাৰণ। বনাঞ্চল ধ্বংসকৰণৰ বাবেও ভূ-জলন্ত হ্রাস পাব পাৰে।
d ) হিউমাচ
উত্তৰ :
পৃথিৱীৰ উপৰিভাগত মৰা জীৱ-জন্তু, সৰা গছৰ ডাল-পাত, জাবব-জোথৰ আদি জমা হয়। এইবোৰ এটা সময়ত পাঁচ যায়। ইয়াকে হিউমাচ বোলে। এই হিউমাচ উদ্ভিদ আৰু কৃষিৰ বাবে এক উত্তম সাৰ যেতিয়া বৰষুণ হয়, তেতিয়া এইবোৰ বৰষুণৰ পানীৰ লগত নিগৰি মাটিৰ তললৈকে বৈ যায়।
e ) টোপাল জলসিঞ্চন
উত্তৰ :
টোপাল জলসিঞ্চন হ’ল কৃষিৰ বাবে পানী যোগানৰ এক বিশেষ ব্যৱস্থা। যি ঠাইত বছৰটোৰ বেছিভাগ সময় বা গোটেই বছৰটো খেতি কৰা যায় বা যাঁত ফুলৰ গছ আদি ৰোৱা হয় সাধাৰণতে তেনেকুৱা ঠাইত এই টোপাল জলসিঞ্চন ব্যৱস্থা কৰা হয়। গছবোৰৰ ওপৰত পাইপ লগোৱা থাকে আৰু পাইপবোৰৰ যথাস্থানত কিছুমান ফুটা কৰা থাকে। পাইপেৰে অহা পানী এই ফুটাবোৰেৰে গছৰ ওপৰত বা গুৰিত পৰে। যেতিয়া প্রয়োজন হয় তেতিয়াই এই ব্যৱস্থাৰে পানী যোগান ধৰিব পাৰি। সাধাৰণতে মটৰৰ জৰিয়তে এই পানী যোগান ধৰা হয়। এইটো এটা উন্নত ধৰণৰ ব্যৱস্থা।
5. চমু উত্তৰ দিয়া ।
a ) পানীৰ ভৌতিক অবস্থা তিনিটা কি কি ?
উত্তৰ : পানীৰ ভৌতিক অৱস্থা তিনিটা হ’ল কঠিন, জুলীয়া আৰু গেছীয়
b ) ঘৰুৱা কামৰ বাবে নগৰ আৰু গাঁও অঞ্চলৰ মানুহে পানী কৰ ক'ৰপৰা পায় ?
উত্তৰ : ঘৰুৱা কামৰ বাবে নগৰ আৰু গাঁও অঞ্চলৰ মানুহে সাধাৰণতে কুঁৱা, দমকল, পাইপ, নাদ আদিৰ পৰা পানী সংগ্রহ কৰে।
c ) নিজৰাৰ কিদৰে উৎপত্তি হয় ?
উত্তৰ : পাহাৰ-পৰ্বত আদিৰ ওপৰত হ্ৰদ, সৰোবৰ আদিত বৰষুণৰ পানী জমা হয়। আকৌ বেছি ওখ ঠাইত জলীয় বাষ্প জমা হৈ পানীৰ সৃষ্টি হয়। এই পানীৰ কিছু অংশ বৈ আহি নিজৰা সৃষ্টি হয়।
d ) ভূ - জলস্তৰ কিদৰে পৰিপূর্ণ হয় ?
উত্তৰ : সাধাৰণতে বৰষুণৰ পানীৰে ভু-জলস্তৰ পৰিপূৰ্ণ হয়। বৰষুণৰ পানী মাটিৰ ফাঁকবোৰেৰে তললৈ বৈ গৈ জলস্তৰ পৰিপূৰ্ণ কৰে।
e ) পানীৰ নাটনিয়ে উদ্ভিদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰ : পানীয়ে জীৱৰ প্ৰাণ। গতিকে উদ্ভিদৰ বাবেও পানী অতি দৰকাৰ। শীতকালত বৰষুণৰ অভাৱত ভূ-গৰ্ভত থকা পানীৰ পৰিমাণ কমি যায়। তেতিরা উদ্ভিসে প্রয়োজন অনুসৰি পানী নাপায়। তেতিয়া উদ্ভিদৰ পাতবোৰ সৰি গছবিলাকে মৰি যোৱাৰ নিচিনা হয়।
6. উত্তৰ দিয়া ।
a ) ধৰা হ'ল পঞ্চাছ ঘৰ মানুহৰ মাজত দহটা দমকল আছে । ইয়াৰ বাবে ভূ - জলস্তৰৰ ওপৰত কি সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব ?
উত্তৰ : : যদি 50 ঘৰ মানুহৰ মাজত 10টা দমকল থাকে, তেন্তে প্রয়োজন অনুসৰি দমকলৰ সংখ্যা বহুত কম হ'ব। গতিকে 10টা দমকলে 50 ঘৰ মানুহক পানীৰ যোগান ধৰিব লাগিব। তেতিয়া দিনটোৰ বেছিভাগ সময়ে দমকলকেইটা ব্যৱহাৰ হ'ব। তাৰ ফলত সেই অঞ্চলটোৰ ভূ-জলস্তৰৰ পানী যথেষ্ট কমি যাব। তাৰ ফলত দমকলকেইটাই প্রয়োজন অনুসৰি পানী যোগান ধৰিব নোৱাৰা হ'ব।
b ) ধৰা , তােমাৰ ঘৰত থকা ফুলৰ বাগিচাখন চোৱা - চিতাৰ দায়িত্ব তােমাৰ । ইয়াত পানীৰ ব্যৱহাৰ কিদৰে কমকৈ কৰিবা ?
উত্তৰ : ধৰা হ'ল আমাৰ ঘৰৰ ফুলৰ বাগিচাখনৰ চোৱা-চিতা কৰাৰ দায়িত্ব মোৰ। গতিকে মই বাগিচাত পানী দিয়াৰ কাৰণে উত্তম উপায় হিচাপে। টোপাল জলসিঞ্চনৰ ব্যৱস্থা কৰিম। কাৰণ এই পদ্ধতিত পানী কম খৰচ হয়। আৰু সময়ে সময়ে পানী যোগান ধৰিব পাৰি।
c ) ভূ জলস্তৰ অৱক্ষয়ৰ কাৰণবােৰ আলােচনা কৰা ।
উত্তৰ :
ভূ-জলস্তৰ অৱক্ষয়ৰ কাৰণবোৰ হ’ল—
(ক) বর্ধিত জনসংখ্যা : জনসংখ্যা বৃদ্ধিৰ ফলত পানীৰ ব্যৱহাৰ বাঢ়িছে।
তাৰ ফলত ভূ-জলস্তৰ অৱক্ষয় হৈছে।
(খ) বনাঞ্চল ধ্বংসকৰণ বনাঞ্চল ধ্বংসকৰণৰ ফলত গছ-গছনি যথেষ্ট কমি গৈছে। তাৰ ফলত বায়ুমণ্ডলত অক্সিজেন কমি গৈছে আৰু ফলত বৰষুণৰ পৰিমাণো যথেষ্ট কমিছে। ইয়াৰ বাবে ভূ-জলন্তৰত পানীৰ পৰিমাণ কমি গৈছে।
(গ) পৰ্কীকৰণ : ঘৰ-দুৱাৰ, ৰাস্তা-ঘাত আদি পকী হোৱাৰ বাবে ভূ-গৰ্ভৰ ওপৰৰ পানী ভূ-গৰ্ভৰ তললৈ বৈ যোৱাত বাধা পায়। তাৰ ফলত ভূ-জলস্তৰৰ পানীত অৱক্ষয় হৈছে।
d ) পানীৰ সংৰক্ষণ কৰাটো কিয় প্রয়ােজনীয় ? পানী সংৰক্ষণৰ পদ্ধতিবােৰ উল্লেখ কৰাঁ ।
উত্তৰ :
পানীৰ সংৰক্ষণ কৰাটো অতি প্রয়োজনীয়। কিয়নো পানী অস্তি কাৰী পানী বিভিন্ন কামত ব্যবহৃত কৰা হয়। ৰন্ধা-বঢ়া, থোৱা-বোৱা, গা বোৱা, কাপোৰ ধোৱা ইত্যাদি কামৰ বাবে পানীৰ প্ৰয়োজন। আনহাতে পানীয়ে জীৱৰ প্ৰাণ। পানী অবিহনে কোনো প্রাণী আৰু উদ্ভিদ জীয়াই থাকিব নোৱাৰে। গতিকে পানী আমাৰ বাবে অত্যন্ত দৰকাৰী সম্পদ। ইয়াক সংৰক্ষণ কৰাটো অতি দৰকাৰ ।
পানী সংৰক্ষণৰ পদ্ধতিবোৰ হ'ল--------------
(ক) পানী হিচাপত খৰচ কৰিব লাগে।
(খ) পানী অপবায় কৰিব নালাগে।
(গ) অপ্ৰয়োজনত পানীৰ টেপ খুলি থ'ব
নালাগে।
(ঘ) পুখুৰীত গা-ধোৱা, কাপোৰ ধোৱা আদি কাৰ্থ কৰিব নালাগে।
(ঙ) যথেষ্ট পৰিমাণে গছ-গছনি ৰোপণ কৰিব
Comments
Post a Comment