জলবায়ু আৰু প্ৰাণীৰ অভিযোজন | Lesson 15 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )
জলবায়ু আৰু প্ৰাণীৰ অভিযোজন | Lesson 15 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay |
Class 7 Science ( AJB )
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
i ) বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হ'ল
a ) ৰেইন গজ b ) বেৰ মিটাৰ c ) হাইগ্র মিটাৰ d ) এনেম মিটাৰ
উত্তৰ :
b ) বেৰ মিটাৰ
ii ) মৰু অঞ্চলৰ জলবায়ু
a ) গৰম আৰু শুকান b ) গৰম আৰু সেমেকা c ) ঠাণ্ডা আৰু সেমেকা d ) ঠাণ্ডা আৰু শুকান
উত্তৰ :
a ) গৰম আৰু শুকান
iii ) ভাৰতৰ ক্ৰান্তীয় বৰ্ষাৰণ্য থকা ঠাই হ'ল—
a ) উত্তৰ - পূব ভাৰত b ) ৰাজস্থান c ) মধ্যপ্রদেশ d ) ঝাড়খণ্ড
উত্তৰ :
a ) উত্তৰ - পূব ভাৰত
2. খালী ঠাই পূৰ কৰাঁ ।
a ) বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক হ'ল________।
উত্তৰ :
সূর্য।
b ) পেংগুইন চৰাই ________বাস কৰে ।
উত্তৰ :
মেৰু অঞ্চলত
c ) মেঘালয়ৰ জলবায়ু _______আৰু________ ।
উত্তৰ :
শীতল আৰু
সেমেকা।
d ) বগা ভালুকৰ_______ তলত এটা ডাঠ চর্বীৰ তৰপ থাকে ।
উত্তৰ : ছালৰ
প্রশ্ন : বতৰ কাক বোলে ?
উত্তৰ: এখন ঠাইৰ এক নির্দিষ্ট সময়ৰ ৰ'দ, বতাহ, বৰষুণ, বায়ুৰ উত্তাপ, আর্দ্রতা আদিৰ অৱস্থাকে সেই ঠাইখনৰ বতৰ বোলে।
প্রশ্ন 4 বতৰৰ মৌলসমূহ কি কি?
উত্তৰ : বতৰৰ মৌলসমূহ হ'ল ৰ’দ, বতাহ, বৰষুণ, বায়ুৰ উত্তাপ, আর্দ্রতা
প্রশ্ন 5 । অভিযোজন বুলিলে ফি বুজা?
উত্তৰ : সকলো জীৱই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিবলৈ চেষ্টা কৰে। এই ক্ষেত্ৰত জীৱই যি প্রক্রিয়া অৱলম্বন কবে, তাকে অভিযোজন বোলে।
প্ৰশ্ন 6 । মে অঞ্চলৰ দুবিধ জন্তুৰ নাম লিখা।
উত্তৰ : মেৰু অঞ্চলৰ দুবিধ জঙ্ক হ'ল– বগা শিয়াল আৰু বগা ভালুক।
প্রশ্ন 7 ফ্রান্তীয় বৰ্ষাৰণ্য থকা দুখন দেশৰ নাম লিখা।
উত্তৰ : ক্রান্তীয় বৰ্ষাৰণ্য থকা দুখন দেশ হ’ল মধ্য আফ্ৰিকা আৰু মধ্য আমেৰিকা।
প্রশ্ন 8: দিনটোৰ সর্বোচ্চ আৰু সর্বনিম্ন তাপমাত্রা কেতিয়া জোখা হয়?
উত্তৰ : দিনটোৰ সর্বোচ্চ আৰু সর্বনিম্ন তাপমাত্রা বেলেগ বেলেগ সময়ত জোগা হয়।
প্রশ্ন 9 । পেংগুইনৰ অভিযোজন সম্বন্ধে চমুকৈ লিখা।
উত্তৰ : প্ৰাণীৰ বাবে আন এক প্রতিকূল জলবায়ু হ'ল বৰফাবৃত মেৰু অঞ্চলৰ জলবায়ু। এই অঞ্চলৰ তাপমাত্রা (37°C) পর্যন্ত নামে। এই অঞ্চলৰ এবিধ বিশেষ বাসিন্দা হ’ল পেংগুইন। অতিপাত শীতত শৰীৰত প্রয়োজনীয় উষ্ণতা ৰক্ষা কৰাৰ বাবে এই পেংগুইনৰ দেহত ডাঠ নোম বা পাখি থাকে। তদুপৰি ছালৰ ঠিক ভলতে এটা চৰীৰ ডাঠ তৰপ থাকে। স্থানীয় বৰফাবৃত পৰিৱেশৰ লগত মিলাই প্ৰাণীবোৰৰ গাৰ ৰং বেছিভাগৰেই যগা হয়। যাতে চিকাৰীয়ে সহজে দেখা নাপায়। দক্ষিণ মেরু অঞ্চলত বাস কৰা পেংগুইনে জাক পাতি ফুৰে। প্ৰচণ্ড শীতৰপৰা ৰক্ষা পাবৰ বাবে সিহঁতে প্রায় উলম্বভাৱে থাকি মুৰটো ওপৰলৈ তুলি ৰাখে।
প্রশ্ন 10 । জম্মু-কাশ্মীৰ আৰু কেৰালাৰ বতৰ তুলনা কৰা।
উত্তৰঃ জম্মু-কাশ্মীৰৰ জলবায়ু অতি শীতল। কিন্তু জম্মু-কাশ্মীৰৰ ভুলনাত কেৰালা যথেষ্ট গৰম ঠাই। কোলাত বছৰটোৰ বেছিভাগ সময়তেই বতৰ গৰম আৰু সেমেকা হৈ থাকে।
প্রশ্ন 11 ক্রান্তীয় বৰ্ষাৰণ্যৰ বৈশিষ্ট্য কি?
উত্তৰ : ক্রান্তীয় অঞ্চলৰ এটি আকর্ষণীয় বৈশিষ্টা হৈছে তাত থকা ক্রান্তীয় বৰ্ষাৰণ্য। বৰ্ষাৰণ্য (rain forest) হ'ল প্ৰচুৰ বৰষুণ হোৱা অৰণ্য।। এই বৰ্ষাৰণ্য প্রধানতঃ ভাৰতৰ পশ্চিমঘাট আৰু উত্তৰ-পূব অঞ্চল, মধ আমেৰিকা, মধ্য আফ্রিকা আৰু দক্ষিণ-পূর্ব এছিয়া অঞ্চলত দেখিবলৈ পোৱা যায়। যথেষ্ট পরিমাণে হোৱা বৰষুণ আৰু গৰমৰ ফলত এই অঞ্চলবোৰ জৈৱ-বৈচিত্র্যত অতি চহকী। এই অঞ্চলবোৰত জীৱ-জন্তুৰ ভিতৰত প্ৰধানকৈ বান্দৰ, চিম্পাঞ্জী, গৰিলা, সিংহ, বাঘ, ঘৰিয়াল, সাপ, চৰাই, বিভিন্ন প্ৰজাতিৰ পতংগ আদি দেখা যায়।
প্রশ্ন 12: 'ছাইব্ৰেৰীয়া ফ্ৰেইন' কোন দেশৰ? ইহঁতে শীতকালি লৈ অভিগমন কৰে?
উত্তৰ : ‘ছাইবেৰিয়া ক্ৰেইন' ৰাছিয়া দেশৰ। ইহঁতে শীতকালি ৰাজস্থানৰ ভৰতপুৰ, হাৰিয়ানাৰ চুলতানপুৰ, উত্তৰ-পূব ভাৰতৰ বিভিন্ন খাল-বিল আদিলৈ গুচি আহে।
প্রশ্ন 13 । ক্রান্তীয় বৰ্ষাৰণ্যৰ জীৱ-জন্তুৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ক্রান্তীয় অঞ্চলত যথেষ্ট পৰিমাণে বৰষুণ হয় আৰু তাত যথেষ্ট গৰম। এই অঞ্চল জৈৱ-বৈচিত্ৰাত অতি চহকী। এই অঞ্চলবোৰত জীৱ জ্যৰ ভিতৰত প্ৰধানকৈ বান্দৰ, চিম্পাঞ্জী, গৰিলা, সিংহ, বাঘ, দৰিয়াল, সাপ, চৰাই, বিভিন্ন প্ৰজাতিৰ পতংগ আদি দেখা যায়।
এই অঞ্চলত বাস কৰা জীৱ-জন্তুবোৰে নিজকে গৰম তথা আৰ্দ্ৰীয় জলবায়ুৰ সৈতে খাপ খুৱাবলৈ কিছুমান অভিযোজনৰ সহায় লয়।
ক্রান্তীয় বৰ্ষাৰণাসমূহ বহুসংখ্যক জীৱ-জন্তুৰ বিচৰণভূমি। সেয়েহে তাত খাদ্য আৰু বাসস্থানৰ বাবে জীৱ-জন্তুৰ মাজত অহৰহ প্রতিযোগিতা চলি থাকে। কেতবোৰ জীৱই নিজকে গছত বাস কৰিবলৈ অভিযোজনৰ সহায় লয়। উদাহৰণস্বৰূপে ৰঙাচকুৱা বেঙৰ ভৰি আঠালেতীয়া হয় যাতে ইহঁতে গছত বগাব পাৰে। আনহাতে, গছত বগাব পৰাকৈ বান্দৰবোৰৰ দীঘল নেজ থাকে। এই নেজৰ সহায়ত ইহঁতে গছৰ ডালত পাক মাৰি থাকে। ইয়াৰ উপৰি হাত ভৰিৰ বিশেষ গঠনে ইহঁতক ডালত খামোচ মাৰি ধৰি থকাত সহায় কৰে। বহুতো ক্রান্তীয় জীৱ-জ তীক্ষ্ণ দৃষ্টি, ডাঠ ছল, স্পর্শকাতৰ শ্ৰৱণশক্তিযুক্ত হয়। ছালৰ ৰঙে সিহঁতক ছদ্মবৰণ কৰাত সহায় কৰে। এনেদৰে সিহঁতে নিজকে পৰিৱেশৰ লগত খাপ খুৱাই চিকাৰীৰপৰা আত্মৰক্ষা কৰে৷
ভাৰতবৰ্ষৰ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ আন এবিধ বিখ্যাত জণ্ড হ’ল হাতী। ইহঁতেও বৰ্ষাৰণাৰ জলবায়ুৰ সৈতে বিভিন্ন উপায় অবলম্বন কৰি নিজকে খাপ খুৱাই লয়। ইহঁতৰ ভ্ৰাণ শক্তি অতি প্ৰসৰ ওঁৰৰ সহায়ত ইহঁতে খাদ্য সংগ্ৰহ কৰে। ইহঁতৰ ডাঙৰ কাণ দুখন শব্দ শুনাত ব্যৱহৃত হয়।
প্রশ্ন 14 । গৰমকালি আৰু শীতকালিৰ বতৰৰ পাৰ্থক্য লিখা।
উত্তৰ : গৰমকালি আৰু শীতকালিৰ বতৰৰ পাৰ্থকা হ'ল—
(ক) গমকালি ভূ-পৃষ্ঠ আৰু সূৰ্যৰ মাজৰ ব্যৱধান কম হয়; কিন্তু শীতকালি ভূ-পৃষ্ঠ আৰু সূৰ্যৰ মাজৰ ব্যৱধান বেছি হয়।
(খ) গৰমকালি জলবায়ু যথেষ্ট গৰম হয়; কিন্তু শীতকালি জলবায়ু যথেষ্ট ঠাণ্ডা হৈ থাকে।
(গ) গমকালি ধাৰাসাৰ বৰষুণৰ ফলত বানপানী আদি হয়, কিন্তু শীতকালি বৰষুণ যথেষ্ট কম হয়।
(ঘ) গৰমকালি কুঁৱলী আৰু নিয়ৰৰ সৃষ্টি নহয়; কিন্তু শীতকালি যথেষ্ট পৰিমাণে কুঁৱলী আৰু নিয়ৰৰ সৃষ্টি হয়।
প্ৰশ্ন 15 । বগা ভালুকৰ অভিযোজনৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : বগা ভালুক মেৰু অঞ্চলৰ বাসিন্দা মেৰু অঞ্চলত যথেষ্ট ঠাণ্ডা। এই অঞ্চলসমূহ বৰফেৰে ঢাক খাই থাকে। অতিপাত শীতত শৰীৰত প্রয়োজনীয় উষ্ণতা ৰক্ষা কৰাৰ বাবে বগা ভালুকৰ দেহত ভাঠ নোমেৰে আৱৰি থাকে। তদুপৰি ছালৰ ঠিক ডলতে এটা ডাঠ চৰীৰ তৰপ থাকে। স্থানীয় বৰফাবৃত পৰিৱেশৰ লগত মিলাই ইহঁতৰ গাৰ ৰং বগা হয় যাতে চিকাৰী জঙ্কৱে সিহঁতক সহজে নেদেখে।
প্রশ্ন 16 জলবায়ু আৰু অভিযোজনৰ সম্পর্ক কি?
উত্তৰ : জলবায়ু আৰু অভিযোজনৰ মাজত এক ওতঃপ্রোত সম্পর্ক আছে। পৃথিৱীৰ বিভিন্ন ঠাইৰ জলবায়ু বেলেগ বেলেগ। সেয়েহে বিভিন্ন ঠাইৰ প্ৰাণীসমূহৰো অভিযোজন প্রক্রিয়া বেলেগ বেলেগ। উদাহৰণস্বৰূপে মেক অঞ্চলৰ জলবায়ু অতি ঠাণ্ডা। সেয়েহে তাত বল্লা হৰিণ বগা ভালুক, বগা শিয়াল, পেংগুইন আদিহে থাকিব পাৰে। ইয়াত আন জীব-জন্তু পোৱাটো টান। আকৌ এই প্রাণীবোৰে গ্ৰীষ্ম অঞ্চলত থাকিব নোৱাৰে। পৃথিৱীৰ প্ৰত্যেক প্রাণীয়ে জলবায়ুৰ ওপৰত ভিত্তি কৰি নিজ পৰিৱেশৰ লগত খাপ খুৱাই চলিবৰ বাবে অভিযোজন কৰে। ঠিক তেনেদৱে পৃথিৱীৰ সকলো ঠাইতে একে ধৰণৰ খেতি নহয় আৰু একে ধৰণৰ গছো পোৱা নাযায়। কাৰণ উদ্ভিদেও জলবায়ুৰ ওপৰত ভিত্তি কৰি অভিযোজন কৰে।
Comments
Post a Comment