পোহৰ | Lesson 13 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay | Class 7 Science ( AJB )  পোহৰ

পোহৰ | Lesson 13 | Class 7 Science | Question Answer AJB | Assam Jatiya Bidyalay |


Class 7 Science ( AJB )

 পোহৰ


পোহৰ এবিধ শক্তি। পোহৰৰ সহায়ত আমি দেখা পাওঁ পোহৰ দেখা পোৱা নাযায়। ই এবিধ অতি স্বচ্ছ বস্তু। পোহৰে সদায় সৰলৰেখাত গতি কৰে। পোহৰৰ আপতন আৰু প্ৰতিফলন হয়। পোহৰ বিভিন্ন উৎসৰপৰা সৃষ্টি হয়। পোহৰৰ উৎসবোৰ প্ৰাকৃতিক বা মানৱসৃষ্ট হ’ব পাৰে পোহৰ আটাইতকৈ ডাঙৰ উৎস হ’ল সূর্য। এই সূৰ্যৰপৰাই সকলো পোহৰ আৰু সকলো শক্তিৰ সৃষ্টি হৈছে পৃথিৱীত। নিজে পোহৰ দিব পৰা বস্তুবোৰক দীপ্তিমান বস্তু বোলে। মানৱসৃষ্ট দীপ্তিমান বস্তু কিছুমান হ'ল– লেম্প, বাল্ব, টিউব আদি। এইবোৰ বস্তু পৃথিৱীৰ প্ৰতিঘৰ মানুহৰ ঘৰতে ব্যৱহাৰ হয়। কাৰণ পোহৰৰ অবিহনে আমি কোনো বস্তুৱে দেখা নাপাওঁ। পোহৰে স্বাচ্ছ বস্তুৰ মাজেৰে পাৰ হৈ যায়। অর্ধস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হৈ যায়। বিশুদ্ধ পানী, স্বচ্ছ কাঁচ, বায়ুৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায়। বায়ুৰ মাজেৰে পোহৰ প্ৰতি ছেকেণ্ডত তিনি লাখ কিলোমিটাৰ বেগত যায়। অর্ধস্বচ্ছ বা ঈষৎ স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হয়। পোহৰৰপৰা তাপৰো সৃষ্টি হয়।

প্রশ্ন 1 : শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) পোহৰে গতি কৰে

(a) সৰলৰেখাত
(b) বক্ৰৰেখাত
(c) সৰলৰেখাত আৰু বক্ৰৰেখাত
(d) ওপৰৰ এটাও নহয়

উত্তৰ : (a) সৰলৰেখাত।

(ii) সমতল দাপোণৰ ক্ষেত্ৰত কোনটো অসত্য?

(a) প্রতিবিম্ব একে আকাৰৰ
(b) দাপোণৰ পৃষ্ঠৰপৰা প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান
(c) প্রতিবিম্বৰ প্ৰকাৰ সৎ
(d) প্রতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ সমান

উত্তৰ : (b) দাপোণৰ পৃষ্ঠৰপৰা প্ৰতিবিশ্বৰ দুৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব
সমান

(iii) তলৰ কোনবিধ আলোকীয় সঁজুলিয়ে অসৎ আৰু ডাঙৰ প্রতিবিম্ব
সৃষ্টি কৰিব পাৰে?

(a) সমতল দাপোণ
(c) অৱতল দাপোণ
(b) উত্তল দাপোণ
(d) ওপৰৰ এটাও নহয়

উত্তৰ : (c) অৱতল দাপোণ


(iv) আতী কাচ আচলতে

(a) অৱতল লেন্স
(c) অবতল দাপোণ
(b) উত্তল দাপোণ
(d) উত্তল লেন্স

উত্তৰ : (d) উত্তল লেন্স

(v) সূৰ্যৰ পোহৰত কেইটা ৰং থাকে?

(a) 3
(b) 7
(c) 4
(d) 1


উত্ত: (b) 7

প্রশ্ন 2 : চমু উত্তৰ দিয়া

(i) পোহৰৰ প্ৰতিফলন কাক বোলে।

উত্তৰ : কোনো বস্তুৰ ওপৰত পোহৰ পৰি উফৰি অহাকে পোহৰৰ প্রতিফলন বোলে।

(ii) পোহৰৰ প্ৰতিফলনৰ বাবে প্রতিবিম্ব গঠিত হোৱা তিনিবিধ আলোকীয় সঁজুলিৰ নাম লিখা

উত্তৰ : পোহৰৰ প্ৰতিফলনৰ বাবে প্রতিবিম্ব গঠিত হোৱা তিনিবিধ আলোকীয় সঁজুলি হ’ল আইনা, টর্চ লাইট, ফ্লাড লাইট আদি।

(iii) পোহৰৰ প্ৰতিসৰণৰ বাবে প্রতিবিম্ব গঠিত হোৱা দূবিধ আলোকীয়
সঁজুলিৰ নাম লিখা।

উত্তৰ : পোহৰৰ প্ৰতিসৰণৰ বাবে প্ৰতিবিম্ব গঠিত হোৱা দুবিধ আলোকীয় সঁজুলি হ'ল চাফা কাচ আৰু স্বচ্ছ পানী।

(iv) সৎ প্রতিবিম্ব কি ?

উত্তৰ : পিনহ'ল কেমেৰাত সৃষ্টি হোৱা প্ৰতিবিম্বটো এখন পৰ্দাৰ ওপৰত গঠিত হয়। ইচ্ছা কৰিলে তাক চুলও পাৰি। হাতেৰে চুব পৰা আৰু পৰ্দাত পেলাব পৰা প্ৰতিবিম্বই হ'ল সৎ প্রতিবিম্ব (Real image)!

(v) অসৎ প্রতিবিম্ব কি ?

উত্তৰ : আইনাৰ সন্মুখত জ্বলি থকা মমবাতি এডালৰ প্ৰতিবিম্বটো

আইনাৰ পিছফালে ৰখা পর্দা এখনত ধৰিব নোৱাৰি। আইনাৰ পিছফালে গঠিত হোৱা, হাতেৰে চুব নোৱাৰা আৰু পৰ্দাত পেলাব নোৱাৰা প্রতিবিম্বক অসৎ প্রতিবিম্ব (Virtual image) বোলে।

(vi) পিনহল কেমেৰাত কিয় ওলোটা প্রতিবিম্ব গঠিত হয়?

উত্তৰ দিনহ'ল কেমেৰাত সৃষ্টি হোৱা প্ৰতিবিশ্ব ওলোটা (iiiverted) হয়। পিনহ'ল কেমেৰাত সৃষ্টি হোৱা প্ৰতিবিম্বটো এখন পৰ্দাৰ ওপৰত গঠিত হয়। সেইবাবে ওলোটা হয়।

(vii) উত্তল দাপোণত কেনেকুৱা প্রতিবিম্ব গঠিত হয়?

উদ্ভৰ: উত্তল দাপোণত লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে অসৎ, থিয়
আৰু লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিশ্ব গঠন কৰে।

(viii) অবতল দাপোণত কেনেকুৱা প্রতিবিম্ব গঠিত হয়?

উত্তৰ : অৱতল দাপোণে বিভিন্ন ধৰণৰ প্রতিবিম্ব গঠন কৰে—

(a) লক্ষ্যবস্তু দাপোণৰ নিচেই ওচৰত থাকিলে অসং থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ প্রতিবিম্ব গঠিত হয়।

(b) লক্ষ্যবস্তু দাপোণৰপৰা দূৰত থাকিলে সৎ আৰু ওলোটা প্রতিবিম্ব পোৱা যায়। এই ক্ষেত্ৰত লক্ষ্যবস্তুৰ বেলেগ বেলেগ দূৰত্বৰ বাবে প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ তুলনাত সৰু ডাঙৰ বা সমান হয়।


(ix) উত্তল দাপোণৰ এটা প্ৰধান ব্যৱহাৰ কি লিখা।

ঊত্তৰ : পিছফালৰ ছবি চাবলৈ গাড়ীত উত্তল দাপোণ ব্যৱহাৰ কৰা হয়।

(x) অবতল দাপোণৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ কি লিখা।

উত্তৰ : চিকিৎসকে মুখৰ ভিতৰত দাঁত শ্ৰীক্ষা কৰাৰ ক্ষেত্ৰত অৱতল ব্যৱহাৰ কৰা হয়।

(xi) উত্তল লেন্স কেনেধৰণৰ প্ৰতিবিম্ব সৃষ্টি হয়?

উত্তৰ : উত্তল লেন্সত নানা ধৰণৰ প্ৰতিবিম্ব গঠন হয়। লক্ষ্যবস্তু লেন্সব নিচেই ওচৰত ৰাখিলে অসং, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ প্রতিবিম্ব তৈয়াৰ হয়। আনহাতে লক্ষ্যবস্তু দূৰত ৰাখিলে সং আৰু ওলোটা প্রতিবিম্ব গঠন হয়।

(xii) অবতল লেন্সত কেনেধৰণৰ প্ৰতিবিম্ব গঠিত হয়?।

উত্তৰ : অবতল লেন্সে লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে লক্ষ্যবস্তুতকৈ
সন্ধু, দিয় আৰু অসং প্রতিবিশ্ব সৃষ্টি করে।

(xiii) উত্তল লেন্সৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰৰ বিষয়ে লিখা।

উত্তৰ : যিবোৰ মানুহে ওচৰত থকা বস্তু ভালদৰে দেখা নাপায়, তেওঁলোকে উত্তল লেন্সৰ চছমা ব্যৱহাৰ কৰে।

(xiv) অৱতল লেন্সৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰৰ বিষয়ে লিখা।

উত্তৰ : যিবোৰ মানুহে দূৰত থকা বস্তু ভালদৰে দেখা নাপায়, তেওঁলোকে
অৱতল লেন্সৰ চছমা ব্যৱহাৰ কৰে।

(xv) সূৰ্যৰ পোহৰত থকা ৰংকেইটাৰ নাম লিখা।

উত্তৰ : সুৰ্যৰ পোহৰত থকা সাতটা বং হ’ল ক্ৰমে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা বা কমলা আৰু ৰঙা। এই ৰঙবোৰৰ নাম একাদিক্রমে মনত ৰাখিবলৈ 'বেঘনীসেহাসুৰ' (VIBGYOR) শব্দটো ব্যৱহাৰ কৰা হয়।

(xvi) বেঘনীসেহাসূৰ কি?

উত্তৰ : বেখনীসেহাসুৰ হ'ল সূৰ্যৰ পোহৰত থকা সাতটা ৰঙৰ আদিবৰ্ণৰে গঠন কৰা এটা শব্দ।

(xvii) বগা পোহৰ কি?

উত্তৰ : যি পোহৰৰপৰা বৰ্ণালী পাব পাৰি তেনে পোহৰত বগা পোহৰ

(xvill) চকুৰ দৃষ্টি নিবন্ধ মানে কি


উত্তৰ : আমাৰ চকুৰ সন্মুখেদি অতি কম সময়ৰ ভিতৰতে কেইবাখনো ছবি পাৰ হৈ গ'লে ছবিবোৰৰ মাজৰ পাৰ্থক্য আমাৰ চকুৱে মণিব নোৱাৰে। ইয়াকে আমাৰ চকুৰ দৃষ্টি নিবন্ধ' বোলা হয়।

(xix) ছবি অঁকা :

(a) উত্তল আৰু অৱতল দাপোণৰ

উত্তৰ:

 
     উত্তল দাপোণ                                       অৱতল দাপোণ

(b) উত্তল আৰু অৱতল লেন্সৰ
উত্তৰ:


            উত্তল লেন্স                      অৱতল লেন্স

(xx) বগা পোহৰৰ পৰা কেনেকৈ বৰ্ণালী পাব পাৰি?

উত্তৰ ঃ বগা পোহৰৰপৰা কেনেকৈ বৰ্ণনালী পাব পাৰি, তাক এটা পৰীক্ষাৰ সহায়ত বর্ণনা কৰা হ'ল।


ত্ৰিজমে সৃষ্টি কৰা বৰ্ণালী চিত্ৰত দেখুওৱাৰ দৰে কাচেৰে তৈয়াৰী পিজমটোৰ বাঁওফালে সূৰ্যৰ পোহৰ পৰিবলৈ দিয়া হৈছে। সেই পোহৰ প্ৰিজমৰ মাজেৰে পাৰ হৈ আহিছে। প্রিজমটোৰ সোঁফালে সাতটা ৰং দেখা গৈছে। অর্থাৎ পিজমটোৱে সূৰ্যৰ পোহৰত থকা সাতটা ৰঙক পৃথক কৰিছে। এয়ে হ'ল বৰ্ণালী (Spectrum)। ৰামধেনুও হ’ল সূৰ্যৰ পোহৰৰ বৰ্ণালী।

প্রশ্ন 3 : পোহৰে যে সৰলৰেখাত গতি কৰে, তাক এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা

উত্তৰ:
a) পোহৰৰ উৎস দেখিছা         (b) পোহৰৰ উৎস দেখা নাই


পৰীক্ষাটোৰ বাবে ৰবৰ বা প্লাষ্টিকৰ পোন ফেঁফাপোলা নলী (বাই) এডাল লোৱা হ'ল। নলীডালৰ এটা মুৰত পোহৰৰ এটা উৎস ৰখা হল ৷ এতিয়া
আনটো মূৰৰপৰা চালে পোহৰৰ উৎসটো দেখা পোৱা যাব। এইবাৰ নলীডাল বেঁকা কৰি পুনৰ উৎসটো লক্ষ্য কৰা গ'ল। কিন্তু এইবাৰ পোহৰৰ উৎসটো দেখা নগ'ল। কাৰণ পোহৰে বেঁকা পথেৰে গতি কৰিব নোৱাৰে পোহৰে সদায় সৰলৰেখাত গতি কৰে আৰু সেই গতিপথড় বাধা পালে পোহৰ পাৰহৈ যাব নোৱাৰে পোহৰৰ ই এক বিশেষ ধৰ্ম। আমি জানো যে পোহৰৰ গতিপথত কোনো অস্বচ্ছ বা থাকিলে পিছফালে তাৰ ছাঁ গঠিত হয়। কিন্তু পোহৰে সৰলৰেখাত গতি নকৰা হ'লে বজ্ৰৰ সৃষ্টি নহ'লহেঁতেন।

প্রশ্ন 4 : নিউটনৰ কাঁহী পৰীক্ষাটো বৰ্ণনা কৰা।

উত্তৰ : নিউটনৰ কাহী পৰীক্ষাটো তলত বর্ণনা কৰা হ'ল— বৰ্ণালীৰ সাতটা ৰং লগ লগায়ো বগা পোহৰ পাব পাৰি। ছাৰ আইজাক নিউটন নামৰ বিজ্ঞানী এজনে এটা পৰীক্ষাৰ সহায়ত এই কথা প্রমাণ কৰিছিল। এই পৰীক্ষাটো নিউটনৰ কাহী' (Newton disc) নামেৰে জনাজাত। এখন ডাঠ কাগজত বৃত্ত এটা আঁকি কাগজখন বৃত্তৰ আকাৰত কাৰ্টি উলিওৱা হ'ল। বৃত্তটোক সমানে সাতটা সমান ভাগ কৰা হ'ল। এই ভাগবোৰত ৰঙা, কমলা, হালধীয়া একাদিক্রমে সেউজীয়া, নীলা, ঘন নীলা আৰু বেঙুনীয়া ৰং বোলোৱা হ’ল। বৃত্তটোৰ কেন্দ্ৰত এটা ফুটা কৰা হ’ল। ফুটাটোৰে আঢ়ৈ ইঞ্চিমান দীঘল গজাল এটা সুমুৱাই দি গঞ্জালটোৰ জোঙা মূৰটোৰ ফালে এহাতেৰে ধৰি আনখন হাতেৰে ঘূৰাই থকা হ'ল। বৃত্তটো যথেষ্ট বেগত ঘূৰাই লক্ষ্য কৰিলে আমি দেখা পাম যে তাত সাতটা ৰঙৰ সলনি বগা ৰঙহে জিলিকি আছে।

অতিৰিক্ত প্রশ্নোত্তৰ :

প্রশ্ন 1 প্রতিফলন কি?

উত্তৰ : টচৰ বাল্বটোৰ পিছফালে চিকমিকাই থকা এটা ঘোৰ খোৱা অংশ থাকে। ইয়াক প্ৰতিফলক বোলে। বাল্বটোৱে সৃষ্টি কৰা আটাইখিনি পোহৰ এই প্রতিফলকৰ বাবে একে দিশত সন্মুখলৈ গতি কৰে। এই পোহৰ বহু দূৰলৈকে যায়। মটৰ গাড়ীৰ হেডলাইট, ফ্লাডলাইট আদিতো প্রতিফলক ব্যৱহাৰ কৰা হয়।

প্রশ্ন 2 : স্বচ্ছ বস্তু কাক বোলে?

উত্তৰ : যিবোৰ বস্তুৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায়, সেই বস্তুবোৰক স্বচ্ছ বস্তু বোলে। যেনে— ফটফটীয়া পানী, চাফা কাঁচ আদি।

প্রশ্ন 3: অস্বচ্ছ বস্তু কাক বোলে ?

উত্তৰঃ যিবোৰ বস্তুৰ মাজেৰে পোহৰ একেবাৰে পাৰ হ’ব নোৱাৰে, তেনে বস্তুক অস্বচ্ছ বস্তু বোলে। যেনে— শিল, মাটি, ইটা, কাঠ, ডাঠ কাগজ ইত্যাদি৷

প্রশ্ন 4 : ঈষৎ স্বচ্ছ বা অর্ধ স্বচ্ছ বস্তু কাক বোলে?

উত্তৰ ঃ যি বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হৈ যায়, সেইবোৰক ঈষৎ স্বচ্ছ বস্তু বোলে। যেনে— ৰঙীণ কাঁচ, লেতেৰা পানী আদি।

প্রশ্ন 5ঃ সকলো ধৰণৰ দাপোণতে পোহৰৰ প্ৰতিফলনৰ ফলত প্ৰতিবিম্ব সৃষ্টি হয়নে?

উত্তৰ ঃ সকলো ধৰণৰ দাপোণতে পোহৰৰ প্ৰতিফলনৰ ফলত প্ৰতিবিম্ব সৃষ্টি হয়।

প্রশ্ন 6 : দাপোণৰ কোন কোন অংশত পোহৰৰ প্ৰতিফলন ঘটে।

উত্তৰ : সমতল দাপোণৰ সমতল পৃষ্ঠত পোহৰৰ প্ৰতিফলন ঘটে। উত্তল আৰু অৱতল দাপোণৰ ক্ষেত্ৰত ভাঁজ থকা পৃষ্ঠত পোহৰৰ প্ৰতিফলন ঘটে।


Comments

Popular posts from this blog

নতুন বিজ্ঞান : উদ্ভিদৰ পৰিপুষ্টি, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 1)

নতুন বিজ্ঞান : শৰীৰত খাদ্যৰ ব্যৱহাৰ, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 2)

নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী : পাঠ ‌5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ : অসম জাতীয় বিদ্যালয়, উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ