নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী : পাঠ 5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ : অসম জাতীয় বিদ্যালয়, উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ
অধ্যায়-5
উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ
প্রশ্ন 1 : শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) এজোপা উদ্ভিদৰ মুখ্য প্রজনন অংগ হ'ল
(a) ডাল (b) পাত (c) মুকুল (d) ফুল
উত্তৰ : (a) ফুল
(ii) পুং আৰু স্ত্রী জননকোষৰ মিলনক কি বুলি জনা যায়?
(a) নিষেচন (b) পৰাগযোগ (c) বীজৰ গঠন (d) মুকুলন
উত্তৰ : (a) নিষেচন
(iii) মৃদগত কাণ্ডৰ কি অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়?
(a) শুল্কপত্র (b) গাঁঠি (c) মুকুল (d) শিপা
উত্তৰ : (b) গাঁঠি
(iv) পূৰঠ ডিম্বাশয়ে গঠন কৰে
(a) বীজ (b) জননকোষ ((c) ভ্ৰুণ (d) ফল
উত্তৰ : (a) বীজ
(v) ফুলৰ কি অংশৰ পৰা ফলৰ সৃষ্টি হয়?
(a) বৃতি (b) গর্ভমুণ্ড (c) পৰাগধানী (d) গর্ভাশয়
উত্তৰ : (b) গৰ্ভমুণ্ড
প্রশ্ন 2 : খালী ঠাঁই পূৰ কৰাঁ ঃ
(i) পুংকেশৰৰ পৰাগৰেণু গৰ্ভমুণ্ডত থিতাপি লোৱাকে ........ বোলে।
উত্তৰ : পৰাগযোগ।
(ii) পুং আৰু স্ত্রী জননকোষৰ মিলনক ........ বোলে।
উত্তৰ : নিষেচন।
(iii) উদ্ভিদদেহৰ অংশৰপৰা নিষেচন নোহোৱাকৈ অন্য উদ্ভিদ সৃষ্টি হোৱা ক্ৰিয়াক ........ বোলে।
উত্তৰ: অযৌন প্রজনন।
প্রশ্ন 3 : চমু উত্তৰ দিয়া
(i) যৌন প্রজনন বুলিলে কি বুজা?
উত্তৰ : উদ্ভিদ প্রজনন অংগত যথাক্রমে পুংজননকোষ আৰু স্ত্রী জননকোষ উৎপন্ন হয়। দুই বিপৰীত জননকোষৰ মিলন বা নিষেচনৰ ফলত যোজনকোষ গঠিত হয়। এই পর্যায়ক্রমে ভ্রূণ আৰু পৰবৰ্তী কালত পূৰ্ণাংগ উদ্ভিদে বিকাশ লাভ কৰে। এই জটিল প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হোৱা উদ্ভিদে পিতৃ আৰু মাতৃ দুয়োৰে চৰিত্ৰৰ উপৰি সুকীয়া বৈশিষ্ট্যও বহন কৰে। উদ্ভিদে এইদৰে যৌন প্রজনন সংঘটিত কৰে।
(ii) স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য লিখা।
উত্তৰ : স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য হ’ল
(ক) স্বপৰাগযোগ একেটা ফুল বা এডাল গছৰে দুটা ফুলৰ মাজত হয়। কিন্তু ইতৰ পৰাগযোগ দুডাল ভিন ভিন গছৰ মাজত হয়।
(খ) স্বপৰাগযোগ কোনো অন্য প্রাণীৰ সহায় নোহোৱাকৈও হ’ব পাৰে। কিন্তু ইতৰ পৰাগযোগত আন প্ৰাণীৰ সহায় ল’বলগীয়া হয়।
(iii) বীজৰ কি কি গুণৰ বাবে বতাহে এঠাইৰপৰা আনঠাইলৈ বিস্তাৰণ কৰাব পাৰে?
উত্তৰ : (ক) গছৰ বীজবোৰ যেতিয়া পূৰঠ হৈ শুকায়, তেতিয়া এইবোৰ ঠাৰিৰ পৰা এৰা খায়, তেতিয়া বতাহে বীজবোৰ উৰুৱাই নি অন্য ঠাইত পেলায়।
(খ) গছৰ গুটিবোৰ শুকালে যথেষ্ট পাতল হয়। তেতিয়া এইবোৰ বতাহত উৰি যায়৷
(iv) ফুলৰ নিষেচন বুলিলে কি বুজা?
উত্তৰ : গৰ্ভমুণ্ডত থিতাপি লোৱা পৰাগৰেণুৰ অংকুৰণ ঘটি পৰাগনলীকাৰ সৃষ্টি হয়। ই ক্ৰমে বর্ধিত হৈ গৰ্ভমুণ্ডৰ মাজেৰে গৰ্ভাশয় অভিযুখে গতি কৰে। পৰাগনলীকাৰ মাজেদি শুক্রাণু বা পুংজননকোষ ক্রমে ডিম্বক অভিমুখে অগ্ৰসৰ হয় তাৰ পিছত ই ভ্রূণস্থলীত প্ৰৱেশ কৰি ডিম্বাণুৰ সৈতে সংযোজিত হৈ যোজনকোষ (Zygote) গঠন কৰে। এই প্রক্রিয়াক ফুলৰ নিষেচন বোলে।
(v) মানুহে কিদৰে বীজৰ বিস্তাৰণ ঘটাব পাৰে?
উত্তৰ : মানুহে বিভিন্ন ফল খায়। এই ফলবোৰ গছৰ পৰা পাৰি আনিব পাৰে বা বজাৰৰ পৰা কিনি আনিব পাৰে। ফলবোৰ খাই মানুহে তাৰ গুটি বা বীজবোৰ বিভিন্ন ঠাইত পেলায়। মানুহে এইদৰে বীজৰ বিস্তাৰণ ঘটায়।
প্রশ্ন 3 : বিৱৰণ দি উত্তৰ দিয়া :
(i) উচ্চ পৰ্যায়ৰ উদ্ভিদৰ ক্ষেত্ৰত কি কি প্ৰকাৰে অংগজ প্রজনন সম্ভৱ হয় চিত্ৰ আৰু উদাহৰণ দি বর্ণনা কৰা।
উত্তৰ : (ক) আম, লিচু, মধুৰিআম, নেমুটেঙা আদি গছত শাখাকলম লগোৱা হয়। এই পদ্ধতিত প্ৰথমতে সৰু ডাল এটাত আঙঠিৰ দৰে ঘূৰণীয়াকৈ ছাল এৰুৱাই লোৱা হয়। তাৰ পাছত সেই অংশটোত গোৱৰ-মাটি লেপি কাপোৰেৰে বান্ধি ৰাখিব লাগে। ইয়াত নিয়মীয়াকৈ পানী দি থাকিলে দুসপ্তাহমানৰ মূৰ্ত শিপা ওলায়। তেতিয়া ইয়াক কাটি নি আন ঠাইত ৰুব পাৰি। এনেদৰে সৃষ্টি হোৱা পুলিবোৰ মূল গছজোপাৰ সৈতে সম্পূর্ণ একে চৰিত্ৰ হয়। এনেকৈ উদ্ভিদৰ অংগজ প্রজনন কৰা হয়।
(খ) কেতবোৰ গুপ্তবীজী উদ্ভিদত সচৰাচৰ নিজে নিজেই অংগজ প্রজনন সংঘটিত হৈ থাকে। ইহঁতৰ শিপা, কাণ্ড অথবা পাতে মুকুল বা কলি বহন কৰে। সময়ত এইবোৰেই নতুন গছলৈ বর্ধিত হয়। ডালিয়া আৰু মিঠা আলুৰ মঙহাল শিপাত থকা কলিৰ পৰা নতুন পুলি জন্মে। আদা, হালধী, কচু, কলগছ আদিৰ মাটিৰ তলত থকা গা-গছৰ পৰা নতুন পুলি ওলায়। দুবৰি বন, টেঙেচি টেঙা আদিৰে গা-গছৰ তলৰ অংশৰ পৰা শাখা-প্রশাখা ওলাই বংশবৃদ্ধি ঘটে।
(ii) ফুলৰ ইতৰ পৰাগযোগ সম্পন্ন কৰিবলৈ মাধ্যমবিলাকে কি কি সুবিধাৰে পৰাগযোগ সম্পন্ন কৰে উদাহৰণৰ সৈতে বর্ণনা কৰা৷
উত্তৰ : ফুলৰ ইতৰ পৰাগযোগ সম্পন্ন কৰিবলৈ বিভিন্ন মাধ্যমেৰে আগতে পৰাগযোগ সম্পন্ন কৰা হয়। দুজোপা ভিন ভিন গছৰ ফুলৰ মাজত হোৱা পৰাগৰেণুৰ বিনিময়ক ইতৰ পৰাগযোগ বোলে। কীট-পতংগ, চৰাই, বাদুলী, বতাহ, পানী আৰু মানুহৰ দ্বাৰাও ইতৰ পৰাগযোগৰ সহায়ক হ’ব পৰাকৈ কোনো কোনো ফুলে পতংগক আকৰ্ষণ কৰিবলৈ মৌ নিঃসৰণ কৰে।
বহুত বহুত ধন্যবাদ।
ReplyDeleteঅষ্টম শ্ৰেণীৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰখিনি সোনকাল পাম বুলি আশা থাকিল
JB Notes Assam jatiya bidyalay search kora YouTube t
DeleteThanks
ReplyDelete