নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী : পাঠ ৪ : প্ৰাণী আৰু উদ্ভিদত দ্রব্যৰ পৰিবহণ : অসম জাতীয় বিদ্যালয়
Class 7
সপ্তম শ্ৰেণী
পাঠ ৪ :
প্ৰাণী আৰু উদ্ভিদত দ্রব্যৰ পৰিবহণ
সাধাৰণতে কোনো বস্তু এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিয়াটোকে পৰিবহণ বোলে। মানুহে বা গাড়ী মটৰে বিভিন্ন বস্তু কঢ়িয়াই নিয়ে। উৰাজাহাজ, ৰেলগাড়ী আদিয়েও বস্তু বা মানুহ আদি কঢ়িয়ায়। তাঁৰবোৰে বিদ্যুৎ পৰিবহণ কৰে। কিছুমান পদার্থই তাপ পৰিবহণ কৰে। জীৱদেহত পানী, খাদ্যবস্তু আদিৰ পৰিবহণ হয় ইত্যাদি।
প্রশ্ন 1: খালী ঠাই পূৰ কৰা :
(i) তেজ প্ৰধানকৈ ........ অংশৰে গঠিত।
উত্তৰ : 2টা।
(ii) ........ সহায়ত হৃদস্পন্দনর শব্দ বর্ধিত ৰূপত শুনিব পাৰি।
উত্তৰ : ষ্টেথ'স্ক’পৰ।
(iii) তেজৰ ৰঙা ৰঞ্জক পদার্থবিধ হ’ল ......... |
উত্তৰ: হিম’গ্ল’বিন।
(iv) .........আৰু .......... লগলাগি উদ্ভিদৰ সংবহনতন্ত্র গঠিত হৈছে উত্তৰ : জাইলেম আৰু ফ্ল’ৱেম।
(v) মানুহৰ হৃদযন্ত্রত ............ কোঠালি থাকে।
উত্তৰ : চাৰিটা।
প্রশ্ন 2 : শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) নিম্নলিখিত কোনবিধ উদ্ভিদ কলা পানী আৰু খনিজ লবণ পৰিবহণৰ লগত জড়িত ?
(a) জাইলেম
(b) ফ্ল'ৱেম
(c) ক্লৰ প্লাষ্ট
(d) পত্ৰৰন্ধ্র
উত্তৰ : (a) জাইলেম
(ii) তেজৰ কোনবিধ কোষৰ উপস্থিতিৰ বাবে ইয়াৰ বৰণ ৰঙা হয়?
(b) অনুচক্রিকা
(a) শ্বেতৰক্ত
(c) লোহিত ৰক্তকণিকা
(d)ওপৰৰ আটাইকেইটা
উত্তৰ : (c) লোহিত ৰক্তকণিকা
(iii) মানুহৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা?
(a) এটা
(b) দুটা
(c) তিনিটা
(d) চাৰিটা
উত্তৰ : (d) চাৰিটা
(iv) প্রস্বেদন কোনবিধ অংগৰ দ্বাৰা সম্পাদন হয়?
(a) শিপা
(b) পাত
(c) জাইলেম
(d) ফুল
উত্তৰ : (b) পাত
(v) মানুহৰ মূত্ৰত প্ৰধানকৈ কি থাকে?
(a) কার্বন-ডাই-অক্সাইড
(b) এম নিয়া
(c) ইউৰিয়া
(d) শৰ্কৰা
উত্তৰ : (c) ইউৰিয়া
প্রশ্ন 3 : প্ৰক্ৰিয়াটোৰ নাম লিখা :
(a) তেজৰ পৰা কৃত্রিম উপায়ে বর্জিত দ্রব্য আঁতৰোৱা প্ৰক্ৰিয়া।
উত্তৰ ঃ তেজৰ পৰা কৃত্রিম উপায়েৰে বৰ্জিত দ্রব্য আঁতৰোৱা প্রক্রিয়াটোক অপোহন বোলে।
(b) অধিক গাঢ়তাৰপৰা কম গাঢ়তালৈ হোৱা দ্ৰব্যৰ গতি।
উত্তৰ ঃ অধিক গাঢ়তাৰ পৰা কম গাঢ়তালৈ হোৱা দ্ৰব্যৰ গতিক।
(c) পাতৰ তলৰ অংশত থকা ছিদ্রই অতিৰিক্ত পানীভাগ উলিয়াই পঠিওৱা পদ্ধতিটো।
উত্তৰ : পাতৰ তলৰ অংশত থকা ছিদ্রই অতিৰিক্ত পানীভাগ উলিয়াই পঠিওৱা পদ্ধতিটোক প্রস্বেদন বোলে।
(d) জাইলেমৰ মাজেৰে জাইলেম ৰসৰ ঊর্দ্ধমুখী গতি।
উত্তৰ : জাইলেমৰ মাজেৰে জাইলেম ৰসৰ ঊৰ্দ্ধমুখী গতিক ৰসোত্তোলন বোলে।
(e) কৃত্রিম উপায়ে যন্ত্ৰৰ সহায়ত তেজৰ পৰা বৰ্জিত দ্ৰৱ্য অপসাৰণ কৰি তেজ পৰিশোধন।
উত্তৰ : কৃত্রিম উপায়ে যন্ত্ৰৰ সহায়ত তেজৰ পৰা বৰ্জিত দ্ৰব্য অপসাৰণ কৰি তেজ পৰিশোধন কৰা প্ৰক্ৰিয়াটোক অপোহন বোলে।
প্রশ্ন 4: উত্তৰ লিখা
(a) পৰিবহণ তন্ত্ৰ বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা কি?
উত্তৰ : জীৱন প্ৰক্ৰিয়াত প্রয়োজনীয় দ্রব্যসমূহ কোষলৈ পৰিবাহিত হয়। আনপিনে বর্জিত দ্রব্যসমূহ শৰীৰৰ বিভিন্ন অংশৰ পৰা ৰেচন অংগলৈ আহে। জীৱদেহত যি তন্ত্ৰৰ সহায়ত বিভিন্ন দ্রব্যসমূহ এঠাইৰ পৰা আন ঠাইলৈ যায়, তাকে পৰিবহণ তন্ত্র বোলে | জীৱদেহৰ বাবে পৰিবহণ তন্ত্ৰৰ প্ৰয়োজনীয়তা অতি বহুল। আমি খাদ্যৰ পবা শক্তি পাওঁ। এই শক্তি পৰিবহণ তন্ত্রই শৰীৰৰ গোটেই অংগ-প্রতংগ বাঁ কোষসমূহলৈ পৰিবহণ কৰে। ইয়াৰ লগতে শৰীৰৰ বৰ্জিত দ্রব্যসমূহ বৰ্জন কৰাৰ ক্ষেত্ৰতো পৰিবহণ তন্ত্রই মুখ্য ভূমিকা লয়।
(b) মানৱ দেহত হৃদযন্ত্ৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা?
উত্তৰ : মানৱ দেহত থকা হৃদযন্ত্র এটা অতি গুরুত্বপূর্ণ অংগ। হাদযন্ত্রত চাৰিটা কোঠালি থাকে। এই কোঠালিকেইটা হ’ল– বাওঁ-অলিন্দ সোঁ অলিন্দ, বাওঁ-নিলয় আৰু সৌ-নিলয়। শৰীৰৰ বিভিন্ন অংশৰ অশুদ্ধ তেজ সোঁ নিলয়ত জমা হয়। ঠিক একে সময়তে হাওঁফাওঁৰ পৰা বিশুদ্ধ (অক্সিজেনযুক্ত) তেজ ক্লোম শিৰাৰে বাওঁ-নিলয়ত জমা হয়। ইয়াৰ পিছতেই তেজেৰে পূৰ্ণ অলিন্দ দুটাৰ সংকোচন হয়। তেজ অলিন্দৰ পৰা নিলয়লৈ যায়। সৌ-অলিন্দৰ পৰা অশুদ্ধ তেজ সৌ-নিলয়লৈ আৰু বাওঁ-অলিন্দৰ পৰা বিশুদ্ধ তেজ বাওঁ-নিলয়লৈ গতি কৰে। ইয়াৰ ঠিক পিছতেই নিলয়ৰ সংকোচন হয়। সোঁ-নিলয়ৰ অশুদ্ধ তেজ ক্লোম ধৰ্মনীৰে হাওঁফাওঁলৈ যায়। বাওঁ-নিলয়ৰ বিশুদ্ধ তেজ প্রধান ধমনীৰে দেহৰ বিভিন্ন স্থানত সঞ্চালিত হয়। তেজৰ একমুখী প্রবাহ নিয়ন্ত্ৰণ কৰাৰ বাবে অলিন্দ আৰু নিলয়ৰ মাজৰ ৰবোৰ কপাটযুক্ত হয়। হৃদযন্ত্ৰৰ সংকোচনে তেজৰ ওপৰত অধিক বল প্রয়োগ কৰে আৰু ৰক্তচাপ অধিক কৰে। হৃদযন্ত্ৰৰ প্ৰসাৰণে ৰক্তচাপ হ্রাস কৰে। হৃদযন্ত্রই এনেদৰে আমাৰ দেহত কাম কৰি আছে।
(c) তেজ কি? তেজক কিয় সংবহন কলা বুলি কোৱা হয়?
উত্তৰ : তেজ হ’ল, এক জুলীয়া অংশ প্লাজমা আৰু ইয়াত ওপঙি থকা ৰক্তকণিকাৰ দ্বাৰা গঠিত এক জুলীয়া পদার্থ। তেজ হ’ল পৰিবহণৰ এক মাধ্যম। পুষ্টিদ্রব্য, লৱণ, বিভিন্ন গেছ (যেনে অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড), বর্জিত দ্রব্যসমূহ পানী আদি তেজে পৰিবহণ কৰে। এইবোৰ ৰক্তনলীৰে পৰিবাহিত হয়। সেইবাবে তেজক এক সংবহন কলা বুলি কোৱা হয়।
(d) তেজত থকা ৰক্তকণিকাবোৰৰ বিষয়ে চমুকৈ লিখাঁ?
উত্তৰঃ তেজত তিনিপ্ৰকাৰৰ ৰক্তকণিকা থাকে। সেইবোৰ হ’ল লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্রিকা।
লোহিত ৰক্তকণিকা (Red blood corpuscle) : লোহিত ৰক্ত কণিকা, চেপেটা, ঘূৰণীয়া আকৃতিৰ। ইয়াত হিম'গ্লবিন নামৰ এবিধ পদার্থ(Pigment) থাকে। হিম'গ্লবিনৰ প্ৰধান কাম হ’ল অক্সিজেন পৰিবহণ কৰা। হিম'গ্লবিনে অক্সিহিম'গ্লবিন (Oxyhaemoglobin) ৰূপত অক্সিজেন পৰিবহণ কৰে।
শ্বেত ৰক্তকণিকা(White blood corpuscle) :
শ্বেত ৰক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত ৰক্তকোষ। ইহঁতৰ কোষপ্ৰৰসত কোনো ৰঞ্জক পদার্থ নাথাকে।
এইবোৰে বেমাৰৰ বীজাণুৰ সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে।
অনুচক্রিকা (Blood platelets) : অনুচক্রিকাবোৰ কিছুমান কোষপ্ৰৰসৰ খণ্ড। আমাৰ শৰীৰৰ কোনো এটা অংশ কেতিয়াবা কাটিলে তেজ ওলায়। কিছু সময়ৰ পাছত তেজ গোট মাৰে, তেজ ওলোৱা বন্ধ হয়। এই অনুচক্রিকাই তেজ গোট মৰাত সহায় কৰে
(e) হিম'গ্লবিন কি? ইয়াৰ কাম কি?
উত্তৰ : হিম'গ্লাবিন হ’ল লোহিত ৰক্ত কণিকাৰ এটা অংশ। হিম’গ্লাবিনৰ বাবে তেজৰ ৰঙ ৰঙা হয়।
হিম'গ্ল'বিনৰ প্ৰধান কাম হ’ল অক্সিজেন পৰিবহণ কৰা।
(f) ৰক্তবাহিকা কেই প্ৰকাৰৰ ? প্রতিবিধৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ৰক্তবাহিকা তিনিপ্ৰকাৰৰ। সেইবোৰ হ’ল ধমনী, সিৰা আৰু কোশিকা।
ধমনী (artery) : যিবোৰ ৰক্তবাহিকাই হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ তেজ সৰবৰাহ কৰে, সেইবোৰ হ’ল ধমনী। ধমনীবোৰ মঙহাল আৰু তিনি তৰপীয়া। ধমনীৰ বেৰখন ডাঠ। ধমনীৰ মাজেৰে তেজ বেছি চাপেৰে প্রবাহিত হয়।
সিৰা (vein) : যিবোৰ ৰক্ত বাহিকাই দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই আনে। সিৰাবোৰ মঙহাল আৰু তিনিতৰপীয়া।
কোশিকা ঃ কোশিকাবোৰৰ বেৰ এটা মাত্ৰ কোষৰ স্তৰেৰে গঠিত। এইবোৰে অংগসমূহত এটা জালিকাৰ সৃষ্টি কৰে। কোশিকা, ধমনী আৰু সিৰাৰ মাজত সংযোগকাৰী ৰক্তবাহিকা। তেজ ধমনীৰে আহি কোশিকাৰ মাজেৰে প্ৰবাহিত হৈ সিৰাৰে হৃদযন্ত্ৰলৈ ঘূৰি যায়। ইয়াৰ অতি পাতল বেৰেৰে গেছৰ আৰু অন্যান্য বস্তুৰ কলা কোষ আৰু তেজৰ মাজত বিনিময় ঘটে। অক্সিজেন তেজৰ পৰা কলা কোষলৈ যায়।
(g) মানুহৰ ৰেচন তন্ত্ৰ কিহৰ দ্বাৰা গঠিত?
উত্তৰ ঃ মানুহৰ ৰেচনতন্ত্র এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্রাশয় আৰু এটা
মূত্রপথেৰে গঠিত।
(h) বৃক্কৰ কাৰ্যৰ বিষয়ে চমুকৈ লিখা?
উত্তৰ : মানুহৰ ৰেচন তন্ত্ৰৰ এক প্ৰধান অংগ হ’ল বৃক্ক। আমাৰ প্ৰধান ৰেচন দ্ৰব্য হ’ল ইউৰিয়া। ই কার্বন-ডাই-অক্সাইড আৰু এম নিয়াৰে সংযুক্ত হৈ সৃষ্টি হয়। তেজে বর্জিত দ্রব্যসমূহ বৃক্কলৈ পৰিবহণ কৰে। একোটা বৃক্ক অসংখ্য নেফ্রনৰে (nephron) গঠিত। বৃক্কত তেজ পৰিশোধিত হয়। বিভিন্ন দ্রব্যসমূহ পৰিস্ৰাৱণ প্ৰক্ৰিয়াত তেজৰ পৰা পৃথক হয়। প্রয়োজনীয় দ্রব্যসমূহ পৰিশ্ৰুতৰ পৰা তেজে পুনৰ শোষণ কৰি লয়। অৱশেষত পানীত দ্রৱীভূত বর্জিত দ্রব্যসমূহ মূত্র (urine) হিচাপে বৃক্কৰ পৰা মৃত্ৰনলীৰে আহি মূত্রাশয়ত জমা হয়।
(i) উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ বিষয়ে চমুকৈ লিখা ?
উত্তৰ : উদ্ভিদে মাটিৰ পৰা পানী আৰু খনিজ লৱণ কঢ়িয়াই লয়। এই পানী আৰু খনিজ লৱণ জাইলেম কলাৰে ডাল-পাত আদিলৈ যায়। উদ্ভিদৰ পাতত থকা পত্ৰহৰিতে সূৰ্যৰ তাপ শোষণ কৰি সালোক-সংশ্লেষণ প্রক্ৰিয়াৰে খাদ্য প্রস্তুত কৰে। এই খাদ্য বা গ্লুক’জ ফ্ল’ৱেম কলাৰে দেহৰ বিভিন্ন অংশলৈ পঠিয়াই দিয়ে। এইদৰে উদ্ভিদৰ পৰিবহণ তন্ত্র গঠিত হৈছে।
(j) প্রস্বেদন কাক বোলে? ইয়াৰ গুৰুত্ব কি?
উত্তৰ ঃ উদ্ভিদৰ পাতৰ তলফালে আৰু কোমল কাণ্ডত অসংখ্য সৰু সৰু বিন্ধা থাকে, যাক পত্ৰৰন্ধ বোলে। এই পত্ৰৰন্ধৰ মাজেৰে উদ্ভিদে উদ্ভিদৰ প্ৰয়োজনীয় পানী জলীয় বাষ্পৰূপে উলিয়াই দিয়ে। উদ্ভিদৰ এই প্রক্রিয়াক প্রস্বেদন বোলে। উদ্ভিদৰ জীৱন প্ৰক্ৰিয়াত ইয়াৰ গুৰুত্ব অপৰিসীম। উদ্ভিদৰ শিপাই মাটিৰ পৰা যথেষ্ট পৰিমাণে পানী শোষণ কৰি লয়। ইয়াৰ প্ৰয়োজনীয় পানী উদ্ভিদে গ্রহণ কৰে আৰু বাকী অংশ প্রস্বেদন প্ৰক্ৰিয়াৰে বাহিৰ উলিয়াই দিয়ে।
Thank you sir
ReplyDelete