নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী পাঠ ৩ : অধ্যায়- 3 : শ্বাস-প্রশ্বাস : অসম জাতীয় বিদ্যালয়
Class 7
সপ্তম শ্ৰেণী
পাঠ ৩ :
অধ্যায়- 3
শ্বাস-প্রশ্বাস
সকলো প্ৰাণী আৰু উদ্ভিদে উশাহ-নিশাহ লয়। প্রাণীয়ে উশাহত বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে। ঠিক তেনেকৈ উদ্ভিদে উশাহত বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে। এই প্রক্রিয়াটোৱে হ’ল শ্বাস-প্রশ্বাস। শ্বাস-প্রশ্বাসৰ লগত আমাৰ বিভিন্ন অংগ জড়িত হৈ থাকে। এক বিশেষ প্ৰক্ৰিয়াৰে এই কার্য সম্পন্ন হয়।
প্রশ্ন 1: খালী ঠাই পূৰ কৰা : (i) কোষীয় শ্বসনত খাদ্যৰ –অণু ভাঙি গৈ শক্তি উৎপন্ন হয়।
উত্তৰ : গ্লুক'জ।
(ii) ইষ্ট কোষত হোৱা অবাত শ্বসনক -ও বোলা হয়।।
উত্তৰ: কোষীয় শ্বসন (iii) পেটৰ ভিতৰত থকা - নামৰ, পেশীৰে গঠিত অংশটোৱে উশাহ-নিশাহত সহায় কৰে।
উত্তৰ : মধ্যচ্ছদা
(iv) উদ্ভিদৰ পূৰঠ কাণ্ডৰ বাকলিত থকা নামৰ ছিদ্ৰৰ দ্বাৰা পৰিৱেশৰ লগত বায়ুৰ বিনিময় হয়।
উত্তৰ : বাতৰন্ধ্র
(v) সাগৰৰ পাৰৰ মেংগ্ৰুভ গছৰ শিপা –ৰ বাবে মাটিৰ ওপৰলৈ ওলায় |
উত্তৰ : শ্বাসক্রিয়া
প্রশ্ন 2 : শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) পেশীকোষত হোৱা অবাত শ্বসনত কোনবিধ পদার্থ সৃষ্টি হয়?
(a) হাইড্ৰ'ক্লৰিক এছিড
(c) কার্বনিক এছিড
(b) এছেটিক এছিড
(d) লেক্টিক এছিড
উত্তৰ ঃ (d) লেক্টিক এছিড
(ii) উশাহ লোৱাৰ সময়ত কামিহাড়বোৰ -
(a) ওপৰলৈ উঠে
(b) তললৈ নামে
(c) লৰচৰ নকৰে
(d) উঠা-নমা কৰি থাকে
উত্তৰ : (a) ওপৰলৈ উঠে
(iii) নিশাহত এৰি দিয়া বায়ুৰ উপাদানৰ ক্ষেত্ৰত কোনটো কথা শুদ্ধ?
(a) কেৱল অক্সিজেন থাকে
(b) কেৱল কার্বন-ডাই-অক্সাইড থাকে
(c) কেৱল জলীয় বাষ্প থাকে
(d) আটাইবোৰ থাকে
উত্তৰ : (d) আটাইবোৰ থাকে
(iv) কেঁচুৱে কোনটো অংগ ব্যৱহাৰ কৰি শ্বাস-প্রশ্বাস লয় ?
(a) ক্ষুদ্র হাওঁফাওঁ
(b) ছাল
(c) ফুল
(d) শ্বাসনালী
উত্তৰ : (b) ছাল
(v) তলৰ কোনটো অংগ প্ৰাণীৰ শ্বাস-প্রশ্বাসৰ লগত উত নহয় ?
(a) জলক্লোম
(b) কূটপদ
(c) ছাল
(d) পত্ৰৰন্ধ্র
উত্তৰ : (d) পত্ৰবন্ধ
প্রশ্ন 3 : অতি চমুকৈ উত্তৰ দিয়া ঃ
(a) কি কি অৱস্থাত শ্বাস-প্রশ্বাসৰ হাৰ কম-বেছি হ’ব পাৰে?
উত্তৰ : দৌৰা, খেলা-ধূলা কৰা বা অধিক পৰিশ্ৰম কৰিলে শ্বাস-প্রশ্বাসৰ হাৰ কম-বেছি হ’ব পাৰে।
(b) খাদ্যৰ কোনবিধ উপাদানে প্রধানকৈ শক্তিৰ উৎস হিচাপে কাম কৰে?
উত্তৰ : খাদ্যত থকা গ্লুক'জ নামৰ উপাদানবিধে প্ৰধানকৈ শক্তিৰ উৎস হিচাপে কাম কৰে।
(c) উদ্ভিদদেহৰ কি কি অংগ পৰিৱেশৰ লগত বায়ুৰ বিনিময়ত জড়িত থাকে?
উত্তৰ : উদ্ভিদদেহত থকা পত্ৰৰন্ধ্ৰ আৰু বাতৰৰ্দ্ধৰ দ্বাৰা পৰিৱেশৰ লগত বায়ু বিনিময় কৰে।
(d) লালুকীয়ে শ্বাস-প্রশ্বাসত কি অংগ ব্যৱহাৰ কৰে?
উত্তৰ : লালুকীয়ে শ্বাস-প্রশ্বাসত সিহঁতৰ ছাল ব্যৱহাৰ কৰে।
(e) শ্বাস-প্রশ্বাসৰ বাবে ভেকুলীয়ে হাওঁফাওঁৰ উপৰিও কি অংগ ব্যৱহাৰ কৰে?
উত্তৰ ঃ শ্বাস-প্রশ্বাসৰ বাবে ভেকুলীয়ে হাওঁফাওঁৰ উপৰিও সিঁহতৰ সেমেকা ছাল ব্যৱহাৰ কৰে।
প্রশ্ন 4 : চমু উত্তৰ লিখা :
(a) কেঁচু, মাখি, ভেঁকুলী, জেঠী আৰু তিমি মাছৰ শ্বসনাংগৰ নাম লিখ ?
উত্তৰ : তলত প্ৰাণীৰ নাম আৰু শ্বসনাংগৰ নাম লিখা হ'ল—
( উত্তৰ ক্ৰমে দিয়া হল )
প্রানী : কেঁচু, মাখি, ভেকুলী, তিমি মাছ
শ্বসনাংগ : সেমেকা আৰু বিজলুৱা ছাল।, বায়ুছিদ্র, হাওঁফাওঁ আৰু সেমেকা ছাল।, হাওঁফাওঁ।
(b) উদ্ভিদৰ শিপাই কেনেদৰে শ্বাস-প্রশ্বাস লয় লিখাঁ ?
উত্তৰ : উদ্ভিদে শিপাৰ সহায়তো শ্বাস-প্রশ্বাস লয়। শিপাত থকা কণ কণ চুলিৰ দৰে মাটিৰ কাৰ্বন-ডাই-অক্সাইড শোষণ কৰে আৰু অক্সিজেন এৰি দিয়ে।
(c) অধিক সময় ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত গা বিষায় কিয়?
উত্তৰ : অধিক সময় ধৰি কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰাৰ অন্তত পেশীৰ বিষ অনুভৱ কৰা যায়। ইয়াৰ কাৰণ হ’ল— দীর্ঘ সময়ৰ বাবে কৰা শ্ৰমত বহুত শক্তিৰ প্ৰয়োজন হয়। কেৱল সবাত শ্বসনে তাক পূৰাব নোৱাৰে। ফলত পেশী কোষত অক্সিজেনৰ অনুপস্থিতিত অবাত শ্বসন হয়। এই শ্বসনত সৃষ্টি হোৱা লেক্টিক এছিডে পেশীত বিষৰ সৃষ্টি কৰে।
(d) আমি হাঁচি আৰু কাহ মাৰো কিয়?
উত্তৰ : আচলতে হাঁচি আৰু কাঁহ হ'ল আমাৰ দেহৰ এক প্ৰকাৰৰ প্ৰতিৰক্ষা কার্য। হাওঁফাওঁ আৰু বায়ু চলাচল কৰা নলীত কোনো অলাগতিয়াল বস্তু বা অণুজীৱ সোমালে হাঁচি বা কাহ আহে। তেনেদৰে সেইবোৰ বাহিৰলৈ উলিয়াই দিয়া হয়।
(e) শ্বাস-প্রশ্বাসৰ হাৰ মানে কি? প্রাপ্তবয়স্কসকলৰ এই হাৰৰ মান উল্লেখ কৰা?
উত্তৰ : শৰীৰটোৱে কৰি থকা কাম আৰু দৈহিক অৱস্থা অনুসৰি শ্বাস প্রশ্বাসৰ হাৰ কম বা বেছি হয়। দৌৰা বা খেলাৰ পাছত শ্বাস-প্রশ্বাস খৰতকীয়া হয়; অর্থাৎ শ্বাস-প্রশ্বাসৰ হাৰ বাঢ়ে। তেনেদৰে মানসিক উদ্বিগ্নতাৰ সময়তো শ্বাস-প্রশ্বাস খৰতকীয়া হয়। শুই থকা অৱস্থাত এই হাৰ সৰ্বনিম্ন হয়। কঠোৰ পৰিশ্ৰম নাইবা ব্যায়ামৰ সময়ত শ্বাস-প্রশ্বাসৰ হাৰ প্রতি মিনিটত 40-50 পর্যন্ত হ’ব পাৰে।
প্রাপ্তবয়স্ক কালত শ্বাস-প্রশ্বাসৰ হাৰ প্ৰতি মিনিটত 12-16 পর্যন্ত হ’ব পাৰে।
প্রশ্ন 5:
বর্ণনাত্মক প্রশ্ন :
(a) মানুহৰ উশাহ-নিশাহ লোৱা পদ্ধতি ব্যাখ্যা কৰাঁ?
উত্তৰ : শ্বাসতন্ত্ৰৰ সহায়ত আমি উশাহ-নিশাহ লওঁ। আমাৰ শ্বাসতন্ত্ৰৰ অন্তৰ্গত শ্বাসনাংগবোৰ হ’ল- এযোৰ হাওঁফাওঁ (lungs), নাসারন্ধ্র (nostrils), নাসা গহ্বৰ (nasal cavity), শ্বাসনলী (trachea), ক্ষুদ্র শাখা প্রশাখাযুক্ত ব্যয়নলী (bronchiale), মধ্যচ্ছদা (diaphragm) আৰু কামিহাড় (ribs), হাওঁফাওঁযোৰ বেলুনৰ দৰে। দুয়োটা হাওঁফাওঁ বক্ষগহ্বৰৰ ভিতৰত থাকে। বক্ষগহ্বৰটো বুকুত থকা কামিহাড়বোৰে বাকচৰ দৰে আগুৰি ৰখা এটা বন্ধ কোঠাৰ দৰে। ইয়াৰ তলফালে পঠালিকৈ মধ্যচ্ছদাখন থাকে। ই পেশীযুক্ত। মধ্যচ্ছদাই ৰক্ত গহ্বৰৰ তলৰ অংশৰ বেৰৰ দৰে কাম কৰে। কামিহাড়ৰ মাজত থকা পেশীবোৰ হ’ল সহকাৰী শ্বসন অংগ। উশাহ লোৱাৰ আৰম্ভণিতে মধ্যচ্ছদাখন কোঁচ খাই তললৈ নামে। একে সময়তে কামিহাড়ৰ মাজত পেশীবোৰো কোঁচ খায়। লগে লগে কামিহাড়বোৰ ওপৰলৈ উঠে আৰু বাহিৰৰ ফালে আগবাঢ়ে। ফলত বক্ষ গহ্বৰৰ আয়তন বাঢ়ি যায় আৰু ইয়াৰ ভিতৰত বায়ুৰ চাপ কম হয়। ইয়ে হাওঁফাওঁ দুটাৰ ভিতৰৰ আয়তন বঢ়াই তাৰ ভিতৰৰ বায়ুৰ চাপ হ্রাস কৰে। এই নিম্ন বায়ুৰ চাপ পূৰণৰ বাবে
বাহিৰৰ পৰিৱেশৰ বায়ু ক্ৰমে নাসাৰৰ্দ্ধ, শ্বাসনলী আদিৰে আহি হাওঁফাওঁ দুটা পূৰাই দিয়ে। ইয়াকে শ্বাস (inspiration) বা উশাহ লোৱা বোলে। শ্বাসৰ পিছতে মধ্যচ্ছদা আৰু কামিহাড়বোৰ আগৰ অৱস্থানলৈ যায়। ফলত প্রথমে বক্ষগহ্বৰৰ আৰু পিছত হাওঁফাওঁৰ ভিতৰৰ আয়তন হ্ৰাস পাই ইয়াৰ ভিতৰত বায়ুৰ চাপ বাঢ়ি যায়। এই চাপে হাওঁফাওঁৰ বায়ু শ্বাসনলী, নাসাৰৰ্দ্ধ আদিয়ে বাহিৰলৈ উলিয়াই দিয়ে। ইয়েই হ’ল প্রশ্বাস (expiration)।
(b) প্রাণীয়ে কিয় শ্বাস-প্রশ্বাস লয়? অবাত শ্বসন আৰু সবাত শ্বসন মাজৰ অন্ততঃ চাৰিটা প্ৰভেদ লিখাঁ।
উত্তৰ ঃ সকলো জীৱৰ দেহত বহুতো জীৱন প্রক্রিয়া চলি থাকে। চলন, গমন, খাদ্যৰ পাচন, ৰক্ত সঞ্চালন, ৰেচন, প্রজনন আদি হ’ল জীৱন প্ৰক্ৰিয়া। এই সকলোবোৰ ক্ৰিয়াৰ বাবে শক্তিৰ প্ৰয়োজন। জীৱন প্ৰক্ৰিয়াৰ বাবে প্রয়োজনীয় শক্তি উৎপন্ন হয় কোষত। কোষত শক্তি উৎপাদনৰ বাবে খাদ্যৰ প্রয়োজন হয়। কিছুমান খাদ্যৰ পৰা গ্লুক'জ নামৰ শৰ্কৰাবিধ উৎপন্ন হয়। তেজে এই গ্লুক'জ কোষলৈ কঢ়িয়াই নিয়ে। তেজে অক্সিজেনো কঢ়িয়ায়। কোষত গ্লুক’জ আৰু অক্সিজেনৰ মাজত বিক্রিয়া ঘটে। এই বিক্ৰিয়াৰ ফলত শক্তি উৎপন্ন হয়। লগতে কার্বন-ডাই-অক্সাইড আৰু পানী উৎপন্ন হয়।
গ্লুক’জ + অক্সিজেন → কার্বন-ডাই-অক্সাইড + পানী + শক্তি।
গতিকে শ্বাস-প্রশ্বাস জীৱৰ বাবে অতি দৰকাৰী এক প্রক্রিয়া।
* অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজৰ প্ৰভেদসমূহ হ’ল :
(ক) অবাত শ্বসনত অক্সিজেনৰ প্রয়োজন নহয়; কিন্তু সবাত শ্বসনত অক্সিজেনৰ প্ৰয়োজন হয়।
(খ) অবাত শ্বসনত শক্তি আৰু কাৰ্বন-ডাই-অক্সাইডৰ লগতে এলকহল
অথবা লেক্টিক এছিড উৎপাদন হয়; কিন্তু সবাত শ্বসনত প্ৰচুৰ শক্তি উৎপাদন হয়।
(গ) অবাত শ্বসনত উৎপন্ন হোৱা লেক্টিক এছিডে পেশীত বিষৰ সৃষ্টি কৰে; কিন্তু সবাত শ্বসনত কোনো বিক্রিয়া নহয়।
(ঘ) অবাত শ্বসনে উদ্ভিদক কার্বন-ডাই-অক্সাইডৰ যোগান ধৰে, কিন্তু সবাত শ্বসনৰ ক্ষেত্ৰত এইটো নহয়৷
(c) উদ্ভিদে শৰীৰৰ বিভিন্ন অংগৰ দ্বাৰা পৰিৱেশৰ লগত কেনেকৈ গেছৰ বিনিময় কৰে লিখা ?
উত্তৰ : উদ্ভিদৰ পাত আৰু কোমল কাণ্ডত কিছুমান ক্ষুদ্র বিন্ধা থাকে, যাক পত্ৰৰন্ধ্ৰ বোলে৷ আকৌ পুৰঠ কাণ্ডৰ বাকলিত কিছুমান সৰু সৰু ছিদ্র বা বিন্ধা থাকে, যাক বাতৰৰ্দ্ধ বোলে। এই দুয়োপ্ৰকাৰৰ বিন্ধাৰ মাজেৰে গেছৰ বিনিময় হয়। আকৌ উদ্ভিদৰ শিপাতু কিছুমান কণ কণ চুলিৰ দৰে অংশ থাকে। এই অংশবোৰেও গেছৰ বিনিময় কৰে।
(d) হাওঁফাওঁৰ বাহিৰে অন্য কি কি অংগৰ দ্বাৰা বিভিন্ন প্রাণীয়ে উশাহ নিশাহ লয় বর্ণনা কৰাঁ?
উত্তর : কেঁচু, জোক আদিয়ে সিহঁতৰ সেমেকা বিজলুৱা ছালৰ সহায়ত উশাহ-নিশাহ লয়। শীতৰ নিদ্ৰাৰ সময়ত ভেকুলীয়েও সেমেকা ছালৰ সহায়ত উশাহ-নিশাহ লয়। মহ, মাখি, পঁইতাচোৰা আদিয়ে সিহঁতৰ দেহত থকা বায়ুছিদ্ৰৰ সহায়ত উশাহ-নিশাহ লয়। শামুক, মকৰা, বৃশ্চিক আদিয়ে সিঁহতৰ দেহত থকা হাওঁফাওঁ সদৃশ খোটালিৰ সহায়ত উশাহ-নিশাহ লয়৷
প্রশ্ন 6 ঃ চিন্তা কৰি উত্তৰ লিখা :
(a) মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায় কিয়?
উত্তৰ ঃ মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায়। কাৰণ বহুদিন ধৰি পানী হোৱাৰ ফলত মাটিত থকা সাৰৰ পৰিমাণ কমি যায়। ফলত প্রয়োজন অনুসৰি উদ্ভিদজোপাই মাটিৰ পৰা সাৰ কঢ়িয়াব নোৱাৰে। তেতিয়া সাৰৰ সলনি পানী বেছিকৈ কঢ়িয়াই লয় আৰু প্ৰয়োজনতকৈ অধিক পানী উদ্ভিদজোপাৰ বাবে ক্ষতিকাৰক হৈ পৰে। ইয়াৰ ফলত গছজোপা মৰহি যায় আৰু শেষত গছজোপা মৰি যাবও পাৰে।
(b) শিহু, তিমি আদিয়ে মাজে মাজে মূৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই দিয়ে কিয়?
উত্তৰ ঃ শিহু, তিমি আদিয়ে পানীত থাকে যদিও ইহতে হাওঁফাওঁৰে উশাহ-নিশাহ লয়। সেইবাবে এইবোৰ প্ৰাণীয়ে মাজে মাজে মূৰটো পানী পৃষ্ঠৰ পৰা ওপৰলৈ আহি শ্বাস-প্রশ্বাস কার্য সম্পন্ন কৰে।
অতিৰিক্ত প্রশ্নোত্তৰ :
প্রশ্ন 1 : স্তন্যপায়ী প্রাণীয়ে কিহেৰে উশাহ-নিশাহ লয়? উত্তৰ: স্তন্যপায়ী প্রাণীয়ে নাকেৰে উশাহ-নিশাহ লয়।
প্রশ্ন 2 : মাছ, লালুকী, কেঁকোৰা আদি জলচৰ প্ৰাণীয়ে কিহেৰে উশাহ নিশাহ লয়?
উত্তৰ : মাছ, লালুকী, কেঁকোৰা আদি জলচৰ প্ৰাণীয়ে ফুলেৰে উশাহ নিশাহ লয়।
প্রশ্ন 3: শ্বসন কাক বোলে?
উত্তৰ : উশাহৰ দ্বাৰা অক্সিজেন গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি খাদ্যৰ অনুৰ জাৰণ আৰু শক্তি উৎপাদনৰ পিছত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ালৈকে এই সমস্ত কাৰ্যৰ সমষ্টিক একেলগে শ্বসন (Respiration) বোলে।
প্রশ্ন 4 : কোষীয় শ্বসন কাক বোলে?
উত্তৰ : শ্বসনৰ মূল বিক্রিয়া কোষৰ ভিতৰত সম্পন্ন হৈ শক্তি উৎপন্ন কৰে বাবে শ্বসনৰ এই পৰ্যায়টোক কোষীয় শ্বসন (Cellular respiration) "বোলে।
প্রশ্ন 5 মানুহৰ প্ৰধান শ্বসনাংগবোৰ কি কি?
উত্তৰ : মানুহৰ প্ৰধান শ্বসনাংগবোৰ হ’লঃ এযোৰ হাওঁফাওঁ (lungs), নাসাৰৰ্দ্ধ (nostrils), নাসা গহ্বৰ (nasal cavity), শ্বাসনলী (trachea), ক্ষুদ্র শাখা-প্রশাখাযুক্ত ব্যয়নলী (bronchiale), মধ্যচ্ছদা (diaphragm) আৰু কামিহাড় ( ribs ) |
প্রশ্ন 7 : বয়স অনুযায়ী শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে প্রতি মিনিটত শ্বাস প্রশ্বাসৰ হাৰবোৰ উল্লেখ কৰা?
উত্তৰ :
সদ্যজাত শিশুৰ। : 30-60 প্রতি মিনিটত
প্ৰাৰম্ভিক শিশুকালত। : 20-40 প্রতি মিনিটত
কিশোৰ কালত। : 15-25 প্রতি মিনিটত
প্রাপ্তবয়স্ক কালত। : 12-16 প্রতি মিনিটত
প্রশ্ন 8 : শ্বাস প্রক্রিয়া জীৱৰ বাবে কি প্রক্রিয়া?
উত্তৰ : শ্বাস প্রক্রিয়া জীৱৰ বাবে এক স্বাভাৱিক জীৱন প্রক্রিয়া।
প্রশ্ন 9 : কোষৰ ভিতৰত জৈৱিক শক্তি উৎপাদনৰ বাবে কিহৰ আৱশ্যক?
উত্তৰ : কোষৰ ভিতৰত জৈৱিক শক্তি উৎপাদনৰ বাবে শ্বসন ক্ৰিয়াৰ আৱশ্যক।
প্রশ্ন 10 : শ্বসন ক্ৰিয়াত কাৰ কাৰ মাজত বিক্রিয়া ঘটি শক্তি উৎপন্ন হয়?
উত্তৰ : শ্বসন ক্ৰিয়াত অক্সিজেন আৰু গ্লুক'জৰ মাজত বিক্রিয়া ঘটি শক্তি উত্পন্ন হয়।
প্রশ্ন 11 : পেশীত হোৱা অবাত শ্বসনৰ ফলত কি উৎপন্ন হয়?
উত্তৰ : পেশীত হোৱা অবাত শ্বসনৰ ফলত লেক্টিক এছিড উৎপন্ন হয়।
প্রশ্ন 12: মাছে কিহেৰে শ্বাস-প্রশ্বাস সম্পন্ন কৰে?
উত্তৰ : মাছে ফুল বা জলক্লোমৰ দ্বাৰাই শ্বাস-প্রশ্বাস সম্পন্ন কৰে। প্রশ্ন 13 : সাগৰৰ পাৰৰ মেংপ্রুভ গছৰ শিপা কিয় মাটিৰ ওপৰলৈ ওলাই আহে? উত্তৰ : সাগৰৰ পাৰৰ মেংগ্ৰুভ গছৰ শিপা শ্বাস ক্ৰিয়াৰ বাবে মাটিৰ ওপৰলৈ জোঙা হৈ ওলাই আহে।
প্রশ্ন 14 : অক্সিজেন স্বপ্নতা মানে কি?
উত্তৰ : বায়ুত অক্সিজেনৰ পৰিমাণ অতি কম হ'লে, অথবা শ্বসনৰ লগত জড়িত ৰোগ হ'লে নাইবা হৃদযন্ত্ৰৰ বিজুতি হ'লে কোষলৈ অক্সিজেনৰ যোগান কমি যাব পাৰে। ইয়াক অক্সিজেন স্বপ্নতা (hypoxia) বোলে।
প্রশ্ন 15: নিক টিন কি?
উত্তৰ : নিক’টিন এবিধ বিষাক্ত পদার্থ। প্রশ্ন 16 : ধঁপাতত কিমান বিধ বিষাক্ত পদার্থ থাকে?
উত্তৰ : ধপাতত প্রায় 69 বিধ বিষাক্ত পদার্থ থাকে।
Can you give me social scince lessons
ReplyDelete