Class 8 NCERT : General Science (Assam)

 শস্য় উৎপাদণ আৰু ব্য়ৱস্থাপনা 



অধ্যায় ঃ ১ 



১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালি ঠাই পূৰ্ণ কৰা ।

ওপঙি , পানী, শস্য , পোষক দ্ৰব্য, চহোৱা


(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয় ।


(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা চহোৱা হয় । 


(গ) নষ্ট হোৱা বীজৱোৰ পানীত ওপঙি থাকে । 


(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষকদ্ৰব্য আৰু পানী প্ৰয়োজন হয় । 


২) 'ক' স্তম্ভৰ 'খ' স্তম্ভ মিলোৱা - 

উত্তৰ ঃ 

            (ক) (খ)


(i) খাৰিফ শস্য ---- ঙ) ধান আৰু যৱ


(ii) ৰবি শস্য --- ঘ) ঘেঁহু, বুট, মটৰ মাহ


(iii) ৰাসায়নিক সাৰ --- খ) ইউৰিয়া আৰু ছুপাৰ 

                                                      ফছফেট

(iv) জৈৱিক সাৰ ---- গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ 

                                                      গোবৰ , গো-মূত্ৰ আৰু 

                                                       উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য

     

৩) প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া -


ক) খাৰিফ শস্য ঃ ধান আৰু যৱ । 


খ) ৰবি শস্যঃ ঘেঁহু আৰু বুটমাহ । 


৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা ।


ক) মাটি চহোবা ঃ 


মাটি চহোৱা হৈছে শস্য উৎপাদনৰ প্ৰথম কাম । মাটি চহোৱাৰ ফলত মাটি ডৰা ঢিলা হয় আৰু উদ্ভিদৰ শিপা সহজে মাটিৰ তললৈ যাব পাৰে । তদুপৰি ঢিলা মাটিয়ে কেচুঁ আৰু বিভিন্ন উপকাৰী অনুজীৱৰ বৃদ্ধিত সহায় কৰে যাৰ ফলত মাটিডৰাত হিউমাছৰ পৰিমান বাঢ়ে । ইয়াৰোপৰি, মাটি চহ কৰাৰ ফলত মাটিখিনি তল ওপৰ হৈ পুষ্টিকৰ দ্ৰব্যবোৰ যেনে সাৰ , হিউমাছ আদি মাটিডৰাত সকলো অংশতে মিহলি হৈ যায় আৰু তেতিয়া উদ্ভিদে অতি সহজে পোষক দ্ৰব্য গ্ৰহণ কৰিব পাৰে । 


খ) বীজ সিঁচা ঃ 


বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম । বীজ সিঁচাৰ আগতে , অধিক উৎপাদন পাবলৈ উন্নত জাতৰ বীজ বাচি ল'ব লাগে । উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয় । সাধাৰণতে আমাৰ পথাৰত এবিধ পৰম্পৰাগত চুপি আকৃতিৰ সঁজুলি অথবা হাতেৰেই বীজ সিঁচা হয় । 


গ) বনবাত নিৰোৱা ঃ 


খেতিত গজা অলাগতিয়াল উদ্ভিদসমূহক অপতৃণ বোলে । এই অপতৃণবোৰ আঁতৰোৱাকে বনবাত নিৰোৱা বোলে । 

         

                এই অপতৃণবোৰ মাটিৰ পৰা পানী , পোষক দ্ৰব্য আদি আহৰণ কৰি শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায় । খেতিয়কসকলে মাটি -চহাওতে অথবা সময়ে সময়ে উঘালি বা গুৰিতে কাটি এই অপতৃণসমূহ নাশ কৰে । তদুপৰি ,বীজ সিঁচা যন্ত্ৰ অথবা অপতৃণ-নাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিও অপতৃণ ধ্বংস কৰা হয় ।


ঘ) মৰণা মৰা ঃ 


শস্য চপোৱাৰ পিছত শস্যৰ বীজবোৰ শীহ্ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে । গৰু, ম'হ, ট্ৰে'ক্টৰৰ দ্বাৰা মৰণা মৰা হয় । ক্ষুদ্ৰ খেতিয়কসকলে এটুকুৰা সৰু চোতালসদৃশ ঠাইত বা-দিয়া যন্ত্ৰৰ সহায়ত শীহ্ ,পতানৰ পৰা বীজ পৃথক কৰে । আধুনিক পদ্ধতিত শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম 'কমবাইন' মেচিনৰ দ্বাৰা কৰা হয় ।



৫)জৈৱিক সাৰৰ লগত ৰাসায়ণিক সাৰৰ প্ৰভেদ কি বৰ্ণণা কৰা। 

উত্তৰঃ 





৬)জলসি়ঞণ কি পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বণণা কৰা ।


উত্তৰ ঃ সময়ত বিভন্নি ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে । 

            পানী সংৰক্ষন কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ'ল -

ক) পানী ছটিওৱা পদ্ধতি ঃ এই পদ্ধতি পানীৰ পৰিমাণ কম থকা অসমান ভূমিৰ বাবে অধিক উপযোগী । পানী অহা মূল নলী-ডালৰ আগমূৰত এক নিৰ্দ্দিষ্ট দূৰত্বত এডাল ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা থাকে । পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীডালেৰে প্ৰবাহিত হয় তেতিয়া ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই আহে আৰু বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে । 


খ) পানী নিগৰোৱা ব্যৱস্থা ঃ এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় । সেয়ে , পানীৰ মুঠেই অপচয় নহয় । ফলৰ গছ , বাগিছা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা । পানীৰ অভাৱ থকা ঠাইত এই ব্য়ৱস্থা আশীৰ্বাদ স্বৰূপ । 



৭) বৰ্ষা ঋতুত যদি ঘেহুঁ সিঁচা হয়, তেতিয়া কি হ'ব আলোচনা কৰা ।

 উত্তৰ ঃ বৰ্ষা বা খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয়, তেন্তে ইয়াৰ বীজবোৰ ধ্বংস হ'ব । ঘেঁহুৰ বাবে প্ৰয়োজনীয় সময় হৈছে শীতকাল ।শীতকালৰ তুলনাত বৰ্ষা তথা গ্ৰীষ্ম কালৰ উষ্ণতা , আদ্ৰতা , বৰষুণ আৰু মাটিৰ পোষক দ্ৰব্যৰ তাৰতম্য অধিক । সেয়েহে , বৰ্ষা ঋতুত ঘেঁহু সিঁচাটো উচিত নহয় । 


৮) একে লেথাৰিয়ে শস্য় উৎপাদন কৰিলে মাটিৰডৰাত কেনে প্ৰভাৱ পৰে , বৰ্ণনা কৰা ।


উত্তৰ ঃ একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত পোষক দ্ৰব্য যেনে পটেছিয়াম, ফছফছৰাছ , নাইট্ৰ'জেন আদিৰ পৰিমাণ কমি যায় । এইবোৰ পদাৰ্থ উদ্ভিদ তথা শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় । একে লেথাৰিয়ে খেতি কৰি থকাৰ ফলত হোৱা পোষক দ্ৰব্যৰ নাটনিৰ বাবে শস্যৰ বৃদ্ধি বাধাপ্ৰাপ্ত হ'ব আৰু উৎপাদন হ্ৰাস পাব ।

  

৯) অপতৃণ কি ? সিহতঁক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?


উত্তৰ ঃ খেতিত গজা অলাগতিয়াল উদ্ভিদসমূহক অপতৃন বোলে । 

                এই অপতৃনবোৰ মাটিৰ পৰা পানী , পোষক দ্ৰব্য আদি আহৰন কৰি শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায় । খেতিয়কসকলে মাটি -চহাওতে অথবা সময়ে সময়ে উঘালি বা গুৰিতে কাটি এই অপতৃনসমূহ নাশ কৰে । তদুপৰি ,বীজ সিঁচা যন্ত্ৰ অথবা অপতৃণ-নাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিও অপতৃণ ধ্বংস কৰা হয় ।


১০) তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় -


উত্তৰ ঃ 

মাটি চহোৱা  

↓ 

পথাৰত হাল বোৱা

বীজ সিঁচা/ ৰোৱা

সাৰ প্ৰয়োগ

জলসিঞ্চন

খেতি চপোৱা

চেনিৰ কাৰখানালৈ শস্য পঠোৱা



১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা ।


উত্তৰ ঃ


 পথালিকৈ ঃ

১) গুটি = বীজ

২) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া = ৰাইজ'বিয়াম


তললৈ ঃ

২) পথাৰত পানী যোগান ধৰা ব্যবস্থা = জলসিঞ্চন


৩) শীতকালত খেতি কৰা শস্য = ৰবিশস্য


৫) এবিধ ৰাসায়নিক সাৰ = ইউৰিয়া 


৬) চপোৱা শস্যৰ পৰা ধান পৃথক কৰা কাম =মৰণা


Comments

  1. অষ্টম শ্ৰেণীৰ বাকী অধ্যায় কেইটাৰ প্ৰশ্ন উত্তৰসমূহ সোনকালে দিয়ক।

    ReplyDelete

Post a Comment

Popular posts from this blog

নতুন বিজ্ঞান : উদ্ভিদৰ পৰিপুষ্টি, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 1)

নতুন বিজ্ঞান : শৰীৰত খাদ্যৰ ব্যৱহাৰ, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 2)

নতুন বিজ্ঞান : Class 7 : সপ্তম শ্ৰেণী : পাঠ ‌5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ : অসম জাতীয় বিদ্যালয়, উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ