নতুন বিজ্ঞান : শৰীৰত খাদ্যৰ ব্যৱহাৰ, সপ্তম শ্ৰেণী ( অসম জাতীয় বিদ্যালয়া Chapter 2)
অধ্যায়- 2
শৰীৰত খাদ্যৰ ব্যৱহাৰ
প্রত্যেক জীৱই খাদ্য গ্রহণ কৰে। খাদ্যৰ পৰা জীৱই শৰীৰত শক্তি লাভ কৰে৷ সকলো জীৱৰ খাদ্য একে নহয়। সকলো জীৱৰ খাদ্য বেলেগ বেলেগ আৰু জীৱন-ধাৰণ প্ৰণালীও বেলেগ বেলেগ। জীৱই বিভিন্ন ধৰণৰ খাদ্য গ্রহণ কৰে। এই খাদ্যবোৰৰ পৰা জীৱই শৰীৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন উৎস লাভ কৰে।
প্রশ্ন 1 : খালী ঠাই পূৰ কৰা :
(i) খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়াক- -বোলা হয়।
উত্তৰঃ পৰিপুষ্টি
(ii) এমিবাৰ খাদ্য গ্রহণ প্রণালীক -বোলা হয়।
উত্তৰ : হ’ল’জইক।
(iii) পাচনৰ পিছত সৰল উপাদানবোৰ -পদ্ধতিৰে তেজত সোমায়
উত্তৰ : অৱশোষণ।
(iv) ক্ষুদ্রান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰবৰ্দ্ধ থাকে যাক–বোলে।
উত্তৰ : ভিলাই
(v) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল– উত্তৰ : যকৃৎ
(vi) এমিবাৰ খাদ্য -ত হজম হয়।
উত্তৰ : খাদ্য গহ্বৰত।
প্রশ্ন 2 : তলত দিয়া বাক্যবোৰ শুদ্ধ নে ভুল উল্লেখ কৰা :
(1) মানুহৰ প্ৰত্যেক হনুতে তিনিযোৰ পুৰঃপেষক দাঁত থাকে।
উত্তৰ : ভুল
(ii) ৰোমন্থক প্ৰাণীৰ পাকস্থলীত চাৰিটা কোঠালি থাকে।
উত্তৰ : শুদ্ধ
(iii) মাংসভোজী প্ৰাণীৰ ছেদক দাঁতবোৰ জোঙা হয়।
উত্ত: শুদ্ধ
(iv) শৰ্কৰাৰ পাচন পাকস্থলীত আৰম্ভ হয়।
উত্তৰ: ভুল
(v) খাদ্যৰ সম্পূৰ্ণ পাচন ক্ষুদ্রান্ত্রত সম্পন্ন হয়।
উত্তৰ : শুদ্ধ
(vi) এমিবাৰ খাদ্য খাদ্যৰিক্তিকাত হজম হয়।
উত্তৰ ভুল
প্রশ্ন 3 : শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ :
(i) তলত দিয়া কোনবিধ দাঁত মাংসভোজী প্রাণীয়ে মাংস ছিঙিবলৈ ব্যৱহাৰ কৰে?
(a) ছেদক (b) পুৰঃপেষক (C) পেষক (d) কৃত্তক
উত্তৰ : (a) ছেদক
(ii) হাতীৰ কোনবিধ দাঁত জোঙা হৈ বাহিৰলৈ ওলাই যায় ? (a) ছেদক (b) পুৰঃপেষক (c) পেষক (d) কৃত্তক
উত্তৰ : (a) কৃষ্ণক
(iii) তলত দিয়া কোনবিধ অংগৰ জৰিয়তে এমিবাই খাদ্য গ্রহণ কৰে?
(a) পাকস্থলী (b) কূটপদ (c) জিভা (d) স্পর্শক
উত্তৰ : (a) কুটপদ
(iv) পাচন নোহোৱা আহাৰৰ পৰা পানীত অৱশোষণ কোন অংশত হয়?
(a) পাকস্থলীত (b) ক্ষদ্রান্ত্রত (c) বৃহদান্ত্ৰত (d) গ্রাসনলীত
উত্তৰ : (a) বৃহদান্ত্রত
(v) তলত দিয়া কোনবিধ অংগ পাচনতন্ত্ৰৰ অন্তৰ্গত নহয়? (a) পাকস্থলী (b) যকৃত (c) হাওঁফাওঁ (d) অগ্ন্যাশয়
উত্তৰ (c) হাওঁফাওঁ
প্রশ্ন 4 : এটা বাক্যত উত্তৰ দিয়া :
(a) কোনবিধ শৰ্কৰা ৰোমন্থক প্রাণীয়ে হজম কৰিব পাৰে?
উত্তৰ : চেলুল'জ নামৰ শৰ্কৰাবিধ ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পাৰে। (b) মানুহৰ পাচনতন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি? উত্তৰ : মানুহৰ পাচনতন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ’ল যকৃৎ
(c) পাচন নলীৰ কোনটো অংশত পাচন কার্য সম্পূর্ণ হয়?
উত্তৰ ঃ পাচন নলীৰ ক্ষুদ্ৰাস্ত্র অংশটোত পাচন কার্য সম্পূর্ণ হয়।
(d) মানুহৰ পাচন নলীৰ কোন অংশৰ পৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশোষণ হয়?
উত্তৰ ঃ মানুহৰ পাচন নলীৰ পাকস্থলীৰ পৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশোষণ হয়।
(e) মানুহৰ জিভাত থকা স্বাদকলিবোৰৰ কাৰ্য কি?
উত্তৰ : মানুহৰ জিভাত থকা স্বাদকলিবোৰৰ সহায়ত সোৱাদ লয়।
প্রশ্ন 5 : তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখাঁ :
(a) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য আৰু বৈশাদৃশ্যসমূহ কি কি?
উত্তৰ ঃ এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজৰ সাদৃশ্যবোৰ হ’ল :
(ক) এমিবাই খাদ্যৰ সৰলীকৰণ কৰে, ঠিক একেদৰে মানুহেও খাদ্যৰ সৰলীকৰণ কৰে।
(খ) এমিবাৰ পৰিপুষ্টি পূর্ণগ্রাসী; ঠিক একেদৰে মানুহৰ পৰিপুষ্টিও পূর্ণগ্রাসী।
(গ) এমিবাই খাদ্য গহ্বৰত পাচক ৰস নিঃসৰণ কৰে; ঠিক তেনেকে মানুহৰ ক্ষেত্ৰতো পাচক ৰস নিঃসৰণ হয়।
এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজৰ বৈশাদৃশ্যবোৰ হ’লঃ
(ক) পৰিপুষ্টিৰ বাবে এমিবাৰ কোনো বিশেষ অংগ নাথাকে। ই কেৱল কুটপদৰ দ্বাৰাই খাদ্য গ্রহণ কৰে। আনহাতে মানুহৰ খাদ্য গ্রহণ আৰু পৰিপুষ্টিৰ বাবে অতি উন্নত মানৰ অংগ থাকে।
(খ) এমিবাৰ পৰিপুষ্টিৰ ক্ষেত্ৰত অতি কম সংখ্যক অংগই ভূমিকা পালন কৰে। আনহাতে মানুহৰ পৰিপুষ্টিত বহুকেইটা অংগই ভূমিকা লয়।
(গ) এমিবাৰ পৰিপুষ্টি হওঁতে প্রায় একমিনিট মান সময় লাগে। আনহাতে মানুহৰ পৰিপুষ্টি সম্পূৰ্ণ হওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন।
(b) পাণ্ডলি খোৱা মানে কি বুজা?
উত্তৰ গৰু, ম'হ আদিয়ে সাধাৰণতে খাদ্য পাগুলি খায়। ইহঁতৰ পাকস্থলীটোত চাৰিটা কোঠালি থাকে। ইহঁতে খোৱা খাদ্যবোৰ প্রথমে আধা চোবাই পাকস্থলীৰ এটা নির্দিষ্ট কোঠাত জমা কৰি ৰাখে। পিছত যেতিয়া জিৰণি লয় তেতিয়া খাদ্যবোৰ উলিয়াই পুনৰ ভালকৈ চোবায় আৰু পাকস্থলীৰ বেলেগ এটা কোঠালৈ প্ৰেৰণ কৰে। এই প্রক্রিয়াক পাগুলি খোৱা বোলে।
(c) এমিবাৰ খাদ্য গ্রহণ প্ৰণালী বৰ্ণনা কৰাঁ।
উত্তৰ ঃ এমিবাৰ বহিঃ আৱৰণত অতি ক্ষুদ্ৰ আঙুলি সদৃশ অংশ থাকে এইবোৰক কূটপদ বোলে। এইবোৰ খাদ্য গ্রহণ কৰাত সহায় কৰে। এমিবাই বেক্টেৰিয়া, ডায়েট'ম, ক্ষুদ্র শেলাই আদি খাদ্য হিচাপে গ্রহণ কৰে। এমিবাই পূৰ্ণগ্ৰাসী পৰিপুষ্টি সম্পন্ন কৰে।
(d) মানুহৰ ছেদক আৰু কৃস্তক দাঁতৰ কাৰ্য কি কি?
উত্তৰ :
মানুহৰ প্ৰত্যেক হনুতে এযোৰকৈ ছেদক দাঁত থাকে। ইহঁতৰ অগ্রভাগ জোঙা আৰু খাদ্য ছিঙিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। আকৌ মানুহৰ প্ৰত্যেক হনুতে দুই যোৰ কৃম্ভক দাঁত থাকে। ইহঁতৰ ওলাই থকা অংশ চেপেটা বটালিৰ দৰে। কাটিবলৈ আৰু কামুৰিবলৈ এই দাঁত ব্যৱহাৰ কৰা হয়।
(e) প্ৰাণীৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰ বৰ্ণনা কৰা?
উত্তৰ : প্রাণীৰ পৰিপুষ্টিৰ পাঁচটা প্রধান স্তৰ হ’ল— ভক্ষণ, পাচন, অৱশোষণ, স্বাংগীকৰণ আৰু বহিষ্কৰণ। এই স্তৰবোৰ তলত বর্ণনা কৰা হ'ল।
ভক্ষণ (Ingestion) : খাদ্যবস্তু গ্ৰহণ কৰা কাৰ্যই হ’ল ভক্ষণ। ভক্ষণৰ বাবে জীৱ ভেদে বিশেষ অংগ থাকিব পাৰে। বিভিন্ন প্ৰাণীৰ খাদ্য গ্ৰহণৰ পদ্ধতিও ভিন ভিন। কিছুমানে চোবাই খায় বা আন কিছুমানে গিলি খায় আদি।
পাচন (Digestion) : জটিল আৰু অদ্রবণীয় খাদ্যবস্তু দেহত সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিৱৰ্তিত হয়। এই প্রক্রিয়াকে পাচন বোলে।
অৱশোষণ (Absorption) : পাচনৰ পাছত সৰল প্ৰৱনীয় খাদ্যবোৰ তেজত শোষিত হয়। এই প্রক্রিয়াই হ’ল অৱশোষণ।
স্বাংগীকৰণ (Assimilation) : তেজত অৱশোষিত হোৱা সৰল খাদ্যদ্রব্যবোৰ দেহৰ কোষসমূহলৈ পৰিবাহিত হয়। অৱশেষত এইবোব, কোষৰ অংশ হৈ পৰে। এই প্রক্রিয়াক স্বাংগীকৰণ বোলে।
বহিষ্কৰণ (Egestion) : পাচন নাইবা হজম নোহোৱা অলাগতিয়াল পদাৰ্থবোৰ শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়ে। ইয়াকে বহিষ্কৰণ বোলে।
(1) মানুহৰ পাচন প্ৰক্ৰিয়াৰ বিষয়ে বুজাই লিখাঁ ?
উত্তৰ মানুহৰ পাচন প্রক্রিয়াই জটিল দ্ৰব্যবোৰ সৰলীকৰণ ঘটায়। পাচন প্রক্রিয়াত কেইবাটাও অংগই অংশগ্রহণ কৰে। এই অংগবোৰৰ সমষ্টিক পাচনতন্ত্র বোলে। পাচন অংগবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। পাচন নলী বা পৌষ্টিক নলী আৰু পাচক গ্রন্থি। এই পাচন নলীডাল দীঘল, পেশীযুক্ত আৰু পাকখোৱা। ইয়াৰ বিভিন্ন অংশসমূহ হ’ল— মুখ, মুখ গহ্বৰ, টেটু, প্ৰসিকা, পাকস্থলী, ক্ষুদ্রাস্ত্র, বৃহদাস্ত্র আৰু পায়ু। আমি খোৱা খাদ্যবোৰ এই নলীৰে ভিতৰলৈ গৈ হজম হয় আৰু অৱশিষ্টঅংশ পায়ুৰে বাহিৰ হৈ যায়। পাকস্থলীৰ বেৰত কিছুমান বিশেষ কোষ থাকে। এইবোৰে হাইড্ৰ'ক্ল বিস্ত এছিড নিঃসৰণ কৰে। ই খাদ্যত থকা ক্ষতিকাৰক বীজাণু ধ্বংস কৰে। এই এছিডৰ বাবে পাকস্থলীৰ ভিতৰৰ মাধ্যম আম্লিক হয়। পাকস্থলীৰ ৱেবছ পাচক গ্রন্থিও আছে। এইবোৰে পাচক বস নিঃসৰণ কৰে। ইয়াৰ আহি মাধ্যমত পাচন কার্য আংশিকভাবে সম্পন্ন হয় আৰু ইয়াৰ পিছৰ পৰ্যায়টো ক্ষুদ্রাদ্ভূত সম্পন্ন হয়।
(g) মানুহৰ বিভিন্ন প্ৰকাৰৰ দাঁতৰ এটা বিৱৰণ লিখা?
উত্তৰ : এজন প্রাপ্তবয়স্ক মানুহৰ প্রত্যেক হনুতে 16টাকৈ দাঁত সজ্জিত হৈ সৰ্বমুঠ 32টা দাঁত থাকে। এই সকলোবোৰ দাঁত একে নহয়। সিঁহতৰ আকাৰ, আকৃতি আৰু কাৰ্য বেলেগ বেলেগ। মুঠতে আমাৰ চাৰি প্ৰকাৰৰ স্থায়ী দাঁত আছে। যেনে— কৃত্তক, ছেদক, পুৰঃপেষক আৰু পেষক।
কৃত্তক (Incisor): প্রত্যেক হনুতে দুই যোৰা কৃম্ভক দাঁত থাকে। ইহজ ওলাই থকা অংশ চেপেটা বটালিৰ দৰে। কাটিবলৈ আৰু কামুৰিবলৈ এই দাঁত ব্যৱহাৰ হয়।
ছেদক (Canine) প্রত্যেক হনুতে এযোৰকৈ ছেদক দাঁত থাকে। ইহঁতৰ অগ্রভাগ জোঙা আৰু ইয়াক খাদ্য চিঙিবলৈ ব্যৱহাৰ কৰা হয়।
পুৰঃপেষক (Premolar) : প্রত্যেক হনুতে দুযোৰকৈ পুৰঃপেষক দাঁত থাকে। এইবোৰ দাঁত কৃতন্ত আৰু ছেদক দাঁততকৈ ডাঙৰ আৰু উপবিভাগ বহল আৰু চেপেটা। প্রত্যেক হনুৰ দুইফালে দুটাকৈ পুৰঃপেষক দাঁত থাকে। পুৰঃপেষক দাঁতবোৰে খাদ্যবস্তুবোৰ গুড়ি কৰে আৰু চোবোৱাত সহায় কৰে।
পেষক (Molar) : ঊর্দ্ধ আৰু নিম্ন হনু উভয়তে তিনিযোৰকৈ পেবক দাঁত থাকে। মানুহৰ সৰ্বমুঠ 12টা পেষক দাঁত থাকে। এইবিধ দাঁতৰো উপৰিভাগ পুৰঃপেষকৰ দৰে চেপেটা। খাদ্যবস্তু চোবাই মিহি কৰিবলৈ পেষক দাঁত ব্যৱহাৰ হয়।
(h) চিত্ৰৰ সহায়ত মানুহৰ পাচন তন্ত্ৰৰ এটা বিৱৰণ দিয়া?
Ans
কেইবাটাও বিশেষ অংগ একেলগ হৈ মানুহৰ পাচনতন্ত্ৰটো গঠিত হৈছে। পাচন অংগসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। যেনে- পাচন নলী আৰু পাচক গ্রন্থি। মানুহৰ পাচন নলীডাল দীঘল, পেশীযুক্ত আৰু পাকখোৱা৷ ইয়াৰ বিভিন্ন অংশবোৰ হ’ল মুখ, মুখগহ্বৰ টেট গ্রসিকা, পাকস্থলী, ক্ষুদ্রাস্ত্র, বৃহদ্রাত্র আৰু পায়ু।
আমি খোৱা খাদ্যবোৰ
মুখৰ জৰিয়তে আমাৰ দেহলৈ যায়। ইয়াৰ পিছত এটা এটাকৈ স্তব অতিক্রম কৰে। সাধাৰণতে পাকস্থলীত পাচনৰ আৰম্ভ হয় আৰু ক্ষুদ্রাস্ত্ৰত পাচনৰ কাম সম্পূর্ণ হয়। আৰু খাদ্যৰ অৱশিষ্টখিনি অৱশেষত পায়ুৰ জৰিয়তে বাহিৰ হৈ যায়।
অতিৰিক্ত প্রশ্নোত্তৰ :
প্রশ্ন 1: পাচন প্রক্রিয়া কাক বোলে?
উত্তৰ : খাদ্যৰ জটিল উপাদানসমূহৰ সৰলীকৰণ কৰা প্ৰক্ৰিয়াটোক পাচন
প্রক্রিয়া (digestion) বোলে।
প্রশ্ন 2 : পৰিপুষ্টি কাক বোলে ?
উত্তৰ : শৰীৰে প্ৰয়োজন অনুযায়ী খাদ্যৰ পৰা বিভিন্ন পুষ্টিদ্ৰব্য আহৰণ কৰে। লগে-লগে সেইবোৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে। এই প্ৰক্ৰিয়াটোক পৰিপুষ্টি (Nutrition) বোলে।
প্রশ্ন 3 : কূটপদ কাক বোলে?
উত্তৰ : এমিবাৰ পৰিপুষ্টিৰ বাবে কোনো ধৰণৰ বিশেষ অংগ নাথাকে। ইয়াৰ বহিঃ আৱৰণত অতি ক্ষুদ্র আঙুলিসদৃশ অংশ থাকে। এইবোৰক কূটপদ (Pseudopodia) বোলে।
প্রশ্ন 4 : এমিবাই কি খাদ্য গ্রহণ কৰে?
উত্তৰ : এমিবাই বেক্টেৰিয়া, ডায়েট'ম, ক্ষুদ্র ক্ষুদ্র শেলাই আদি খাদ্য হিচাপে গ্ৰহণ কৰে।
প্রশ্ন 5 : অন্তঃকোষীয় পাচন বুলিলে কি বুজা?
উত্তৰ : এমিবাৰ দেহত এটা বা তাতোধিক খাদ্য গহ্বৰৰ সৃষ্টি হ’ব পাৰে৷ খাদ্য গহ্বৰৰ ভিতৰত খাদ্যবস্তুৰ পাচন হয়। খাদ্য গহ্বৰত এমিবাই পাচক ৰস নিঃসৰণ কৰে। ফলত জটিল খাদ্যবোৰ ভাঙি সৰল আৰু
দ্রবনীয় অৱস্থালৈ পৰিৱৰ্তিত হয়। কোষৰ ভিতৰতে পাচন ক্রিয়া সম্পূর্ণ হয় বাবে এমিবাৰ পাচনক অন্তকোষীয় পাচন (intracellular digestion) বোলে।
প্রশ্ন 6 ফলাহাৰী প্ৰাণী কাক বোলে?
উত্তৰ : ফলমূল প্রধান খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰাণীক ফলাহাৰী (frugivorous) বোলে। যেনে— কেৰ্কেটুৱা, বান্দৰ, বাদুলি, ভাটৌ আদি ফলাহাৰী প্ৰাণীৰ উদাহৰণ।
প্রশ্ন 7 পাচন নলীৰ কাম কি?
উত্তৰ ঃ আমি খোৱা খাদ্যখিনি এডাল নলীৰে দেহৰ ভিতৰলৈ সোমায়। নলীডালতে খাদ্যৰ পাচন ঘটে। পাচন হোৱাৰ পাছত ইয়াৰ পৰাই খাদ্যদ্রব্য অৱশোষিত হয়। শেষত নলীডালেৰেই খাদ্যৰ অলাগতিয়াল অংশ বর্জিত হয়। এই নলীডাল আমাৰ মুখৰ পৰাই আৰম্ভ হৈ পায়ুত অস্ত হৈছে। এয়াই হ’ল পাচন নলী। অর্থাৎ খাদ্য খোৱাৰ পাছত শৰীৰৰ যিটো পথেৰে খাদ্যৰ পাচন, অৱশোষণ আৰু বৰ্জন ঘটে, তাক পাচন নলী বোলে। প্রশ্ন : পাচন নলীৰ প্ৰধান অংশসমূহ কি কি?
উত্তৰ ঃ মানুহৰ পাচন নলীডাল দীঘল, পেশীযুক্ত আৰু পাকখোৱা। ইয়াৰ বিভিন্ন অংশ আছে। সেইবোৰ হ’ল— মুখ, মুখ গহ্বৰ, টেটু, গ্রসিকা, পাকস্থলী, ক্ষুদ্রাস্ত্র, বৃহদাস্ত্ৰ আৰু পায়ু। প্রশ্ন 9: ক্ষুদ্রান্ত্র কি?
উত্তৰ : পাকস্থলীৰ শেষ মূৰৰ পৰা আৰম্ভ হোৱা পাকখোৱা দীঘল নলীসদৃশ অংশই হ’ল ক্ষুদ্ৰাস্ত্ৰ। ইয়াৰ দৈৰ্ঘ্য 7.5 মিটাৰ দীঘল। ক্ষুদ্ৰাষ্ট্ৰই হ’ল পাচন নলীৰ আটাইতকৈ দীঘল অংশ। ইয়াৰ প্ৰধান অংশ তিনিটা। সেইবোৰ হ’ল – ডুৱ ডেনাম (duodenum), জেজুনাম(jejunum) আৰু ইলিয়াম(ileum)। ক্ষুদ্রাস্ত্ৰই যকৃত আৰু অগ্ন্যাশয়ৰ পৰা নিঃসৰণ হোৱা ৰস গ্রহণ কৰে।
প্রশ্ন 10 : বৃহদান্ত্র কি ?
উত্তৰ : ক্ষুদ্ৰাস্ত্ৰৰ ইলিয়াম অংশই শেষ প্ৰান্তত কিছু শকত আৰু খাঁজযুক্ত নলী গঠন কৰে। ইয়াক বৃহদান্ত্ৰ বোলে। বৃহদান্ত্র তিনিটা অংশত বিভক্ত। এইবোৰ হ’ল— ছিকাম (Caecum), ক'লন (colon) আৰু মলভাণ্ড (rectum)
প্রশ্ন 11 : পাচক গ্রন্থি কি?
উত্তৰ ঃ আমাৰ পাচন নলীৰ লগতে কিছুমান অংগ লাগি থাকে। সেইবোৰে ৰস নিঃসৰণ কৰি খাদ্যবস্তু পাচন হোৱাত সহায় কৰে। এই অংগবোৰেই হ’ল পাচক গ্রন্থি।
প্রশ্ন 12 এনযাইম কি?
উত্তৰ : পাচক গ্ৰন্থিবোৰে ক্ষৰণ কৰা পাচক ৰসত খাদ্যদ্রব্যৰ বিজাৰণ ঘটাব পৰা পদার্থ থাকে। এইবোৰক এনযাইম(enzyme) বোলে।
প্রশ্ন 13 : পাচনতন্ত্ৰত থকা পাচক গ্ৰন্থিবোৰ কি কি? উত্তৰ ঃ পাচনতন্ত্ৰত থকা পাচক গ্ৰন্থিবোৰ হ’ল– লালটি গ্ৰন্থি, পাকস্থলী গ্রন্থি, যকৃৎ, অগ্নাশয় আৰু আন্ত্রিক গ্রন্থি।
প্রশ্ন 14 : যকৃতৰ বিষয়ে চমুকৈ লিখা ?
উত্তৰ : উদৰ গহ্বৰৰ ওপৰ অংশত যকৃৎ অৱস্থিত। এইটো হ’ল শৰীৰৰ আটাইতকৈ বৃহৎ গ্ৰন্থি। ই ৰঙচুৱা মটিয়া ৰঙৰ। যকৃতে ক্ষৰণ কৰা ৰসবিধক পিত্তস (bile) বোলে। যকৃতৰ পৰা ওলাই পিত্তৰস পোনে পোনে পিত্তাশয়ত (gall bladder) জমা হয়। পিত্তাশয় হ’ল যকৃতৰ ওচৰতে লাগি থকা মোনাৰ দৰে অংশ। পিত্তাশয়ৰ পৰা পৰিশোধিত পিত্তৰস পিত্তনলীৰে আহি অদ্ভুত পৰে। এইবিধ ৰসে পাকস্থলীৰ পৰা অহা আম্লিক খাদ্যক ক্ষাৰকীয় কৰি তোলে। লগতে চর্বীজাতীয় খাদ্যক ক্ষুদ্র কণাত পৰিণত কৰে।
প্রশ্ন 15: অগ্ন্যাশয় কি?
উত্তৰ : অগ্ন্যাশয় (Pancreas) হ'ল এটা গ্রন্থি যিটো পাকস্থলীৰ তলফালে থাকে। ই এটা পাতল গুলপীয়া ৰঙৰ পাতৰ আকৃতিৰ গ্ৰন্থি। ই অগ্ন্যাশয় ৰস ক্ষৰণ কৰে। এই ৰসত থকা এনযাইমে পাকস্থলীত আংশিকভাৱে পাচন হোৱা খাদ্যৰ সম্পূৰ্ণকৈ পাচন ঘটায়।
প্রশ্ন 16: এজন প্রাপ্তবয়স্ক মানুহৰ গ্ৰাসনলীৰ ব্যাস আৰু দৈৰ্ঘ্য কিমান ?
উত্তৰঃ এজন প্রাপ্তবয়স্ক মানুহৰ গ্ৰাসনলীৰ ব্যাস প্রায় 1 ইঞ্চি আৰু ইয়াৰ দৈৰ্ঘ্য 10 ৰ পৰা 14 ইঞ্চি।
প্রশ্ন 17: প্রাপ্তবয়স্ক মানুহ এজনৰ পাকস্থলীত কিমান খাদ্যদ্রব্য থাকিব পাৰে?
উত্তৰ : প্রাপ্তবয়স্ক মানুহ এজনৰ পাকস্থলীত প্রায় 15 লিটাৰ খাদ্যদ্রব্য থাকিব পাৰে। প্রশ্ন 18 মানুহৰ মুখত দিনে কিমান লালটি প্রস্তুত হয়?
উত্তৰ : মানুহৰ মুখত দিনে প্রায় 2ৰ পৰা 3লিটাৰ লালটি প্রস্তুত হয়।
প্রশ্ন 19: অতি স্নেহজাতীয় আৰু অতি শৰ্কৰা জাতীয় খাদ্য হজম হ’বলৈ কিমান সময় লাগে ?
উত্তৰ : এজন প্রাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত অতি স্নেহজাতীয় পদার্থ হজম হ’বলৈ সময় লাগে প্রায় 6 ঘণ্টা আৰু শৰ্কৰাজাতীয় খাদ্য হজম হ’বলৈ সময় লাগে প্রায় 2 ঘণ্টা।
প্রশ্ন 20: যকৃতৰ ওজন কিমান? উত্তৰ মানুহৰ যকৃতৰ ওজন প্রায় 1.6 কিল'গ্রাম।
প্রশ্ন 21 : মানুহৰ পাকস্থলীৰ বেৰত থকা পাচক গ্ৰন্থিৰ সংখ্যা কিমান? উত্তৰমানুহৰ পাকস্থলীৰ বেৰত থকা পাচক গ্ৰন্থিৰ সংখ্যা প্রায় 350 লাখ।
প্রশ্ন 22: মানুহৰ বৃহদান্ত্ৰৰ ক'লন অংশত কিমান প্ৰজাতিৰ বেক্টেৰিয়া থাকে?”
উত্তৰ ঃ মানুহৰ বৃহদান্ত্ৰৰ ক'লন অংশত প্রায় 400 ৰো অধিক প্রজাতিৰ বেক্টেৰিয়া থাকে।
প্রশ্ন 23 : ৰোমন্থক প্রাণী বুলিলে কি বুজা?
উত্তৰ ঃ কিছুমান প্রাণীয়ে খোৱা খাদ্যবোৰ ভালকৈ নোচোবাই পাকস্থলীৰ এক বিশেষ অংশত জমা কৰি ৰাখে। পিছত অন্য সময়ত সেইবোৰ উলিয়াই
ভালকৈ চোবাই খায়। এনেধৰণৰ প্ৰাণীবোৰক ৰোমন্থক প্রাণী বোলে।
যেনে— গৰু, ম'হ আদি।
প্রশ্ন 24 : ৰোমস্থক প্ৰাণীৰ পাকস্থলীৰ মূখ্য কাৰ্য দুটা লিখা? উত্তৰ ৰোমস্থক প্ৰাণীৰ পাকস্থলীৰ মুখ্য কাৰ্য দুটা হ'ল :
(ক) অতি কম সময়তে অধিক খাদ্য গ্রহণ কৰিব পাৰে।
(খ) চেলুল'জযুক্ত খাদ্যবোৰৰ সৰলীকৰণ কৰিব পাৰে। প্রশ্ন
25: উটৰ পাঁচটা বৈশিষ্ট্য লিখা?
উত্তৰ : উটৰ পাঁচটা বৈশিষ্ট্য হ'ল (ক) উটৰ পাকস্থলীত দুটা কোঠালি থাকে।
(খ) কোঠালি দুটাত মোনাৰ দৰে দুখন জলকোষ (Water cells) থাকে। (গ) ইঁহতে মৰুভূমিত বহুদিনলৈ পানী নোখোৱাকৈ থাকিব পাৰে। (ঘ) উটৰ কুঁজটোত যথেষ্ট পৰিমাণে পানী আৰু চৰ্বি জমা কৰি ৰাখে।
প্রশ্ন 26: মানুহৰ সৰ্বমুঠ দাঁত কিমানটা ?
(ঙ) উটক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়।
উত্তৰ মানুহৰ সৰ্বমুঠ দাঁত 32 টা ।
প্রশ্ন 27: মানুহৰ দাঁতৰ প্ৰকাৰবোৰ লিখা। আৰু এইবোৰৰ কামবোৰ
লিখা ?
উত্তৰ : মানুহৰ চাৰিপ্ৰকাৰৰ স্থায়ী দাঁত থাকে। সেইবোৰ হ’ল কৃস্তক(inciser), ছেদক(canine), পুৰঃ পেষক (premolar) আৰু পেষক(molar) দাঁত।
কৃত্তক (inciser) : প্রত্যেক হনুতে দুই যোৰা কৃত্তক দাঁত থাকে। ইঁহতৰ ওলাই থকা অংশ চেপেটা বটালিৰ দৰে। কাটিবলৈ আৰু কামুৰিবলৈ এই দাঁত ব্যৱহাৰ কৰা হয়।
ছেদক (canine) : প্রত্যেক হনুতে এযোৰকৈ ছেদক দাঁত থাকে। ইহঁতৰ অগ্রভাগ জোঙা আৰু ইয়াক খাদ্য ছিঙিবলৈ ব্যৱহাৰ কৰা হয়। পুৰঃপেষক (Premolar) ঃ প্রত্যেক হনুতে দুযোৰকৈ পুৰঃপেষক দাঁত
থাকে। এইবোৰ দাঁত কৃত্তক আৰু ছেদক দাঁততকৈ ডাঙৰ আৰু উপৰিভাগ বহল আৰু চেপেটা। প্রত্যেক হনুৰ দুইফালে দুটাকৈ পুৰঃপেষক দাঁত থাকে। পুঃপেষক দাঁতবোৰে খাদ্যবস্তুবোৰ গুড়ি কৰা আৰু চোবোৱাত সহায় কৰে।
পেষক (Molar) ঃ ঊৰ্দ্ধ আৰু নিম্ন হনু উভয়তে তিনিযোৰকৈ পেষক দাঁত থাকে। মানুহৰ সৰ্বমুঠ 12টা পেষক দাঁত থাকে। এইবিধ দাঁতৰো উপৰিভাগ পুৰঃপেষকৰ দৰে চেপেটা। খাদ্যবস্তু চোবাই মিহি কৰিবলৈ পেষক দাঁত ব্যৱহাৰ কৰা হয়।
প্রশ্ন 28 : বাঘে জন্তু চিকাৰ কৰাৰ ক্ষেত্ৰত দাঁতৰ ভূমিকা কি লিখা?
উত্তৰ :
বাঘৰ ছেদক, কৃষ্ণক, পুৰঃপেষক আৰু পেষক এই চাৰিপ্ৰকাৰৰ দাঁত থাকে। মাংস ছিঙিবৰ বাবে সিঁহতৰ ছেদক দাঁত অতি উন্নত। সিঁহতে কৃস্তক দাঁতেৰে খাদ্যপ্ৰাণীটো ধৰি লয় আৰু ছেদক দাঁতেৰে মাংসখিনি কাটে। শেষত শক্তিশালী পুৰঃপেষক আৰু পেষক দাঁতেৰে মাংস আৰু হাড়বোৰ সৰু-সৰু টুকুৰাত পৰিণত কৰে।
প্রশ্ন 29: তৃণভোজী প্ৰাণীৰ দাঁতৰ গঠন কেনেকুৱা?
উত্তৰগছৰ ডাল-পাত আদি গুড়ি কৰিবলৈ বহু তৃণভোজী প্ৰাণীৰ কেইবাযোৰ বহল পেষক দাঁত থাকে। তৃণভোজী প্রাণীয়ে খোৱাৰ সময়ত হনুযোৰ বৃত্তাকাৰে লৰাই উদ্ভিদজাতীয় খাদ্যবোৰ গুড়ি কৰে। সহৰ্ভাগ এন্দুজাতীয় প্রাণী তৃণভোজী। খাদ্য গুড়ি কৰিবলৈ ইঁহতৰ পেষক দাঁতবোৰ বহল, চেপেটা আৰু খাঁজযুক্ত। ইঁহতৰ কৃম্ভক দাঁত বটালিৰ দৰে। সেইবাবে ইঁহঁতে খাদ্য কুটিব পাৰে। বেছিভাগ তৃণভোজী প্রাণীৰ ছেদক দাঁত নাথাকে।
প্রশ্ন 30: হাতীৰ ডাঙৰ আৰু দীঘল দাঁত দুটা কি দাঁত? উত্তৰ ঃ হাতীৰ ডাঙৰ আৰু দীঘল দাঁত দুটা কৃস্তক দাঁত।
প্রশ্ন 31: দন্তক্ষয় কেনেকৈ হয়?
উত্তৰ : আমাৰ দাঁতৰ বৰণ বগা। ইয়াৰ উপৰিভাগত এনামেল নামৰ এবিধ জৈৱিক পদাৰ্থৰ আৱৰণ আছে। ই শৰীৰৰ আটাইতকৈ টান অংশ। ই হাড়তকৈও টান। আমি খোৱাৰ পিছত আমাৰ দাঁত আৰু মুখ ভালদৰে
পৰিষ্কাৰ নকৰিলে আহাৰৰ কিছু অংশ দাঁতৰ মাজত ৰৈ যায়। লালটি আৰু মুখত থকা বেক্টেৰিয়াবোৰে ৰৈ যোৱা খাদ্যৰ শৰ্কৰা ভাগৰ পৰা এছিড উৎপন্ন কৰে। এই এছিডে লাহে লাহে দাঁতৰ ক্ষয় সাধন কৰে। ইয়াকে দত্তক্ষয় (Dental Decay) বুলি কোৱা হয়।
প্রশ্ন 32: পাচনৰ সৈতে পৰিবহণ আৰু শ্বসনৰ সম্পৰ্ক কি ? উত্তৰ : পাতনতন্ত্ৰৰ কাৰ্যৰ লগত আমাৰ শৰীৰৰ আন দুটা তন্ত্ৰৰ কাৰ্য
ওতঃপ্রোতভাৱে জড়িত হৈ আছে। এই দুটা হ’ল পৰিবহণ আৰু শ্বসন। পাচন হোৱাৰ পাছত দ্ৰৱণীয় অৱস্থাত থকা সৰল খাদ্যদ্রব্য তেজে শোষণ কৰে। লগে লগে এই খাদ্যদ্রব্য তেজে ৰক্তনলীৰ জৰিয়তে শৰীৰৰ প্ৰতিটো কোষলৈ পৰিবহণ কৰে। ঠিক সেইদৰে তেজে হাঁওফাওঁৰ পৰা উশাহত সোমোৱা বায়ুৰ পৰা অক্সিজেনভাগ গ্ৰহণ কৰি প্ৰত্যেক কোষলৈ পৰিবহণ কৰে। এই সকলো কাৰ্য পৰিবহণ তন্ত্রই সম্পাদন কৰে। কোষৰ ভিতৰত অক্সিজেন আৰু গ্লুক’জৰ মাজত বিক্রিয়া ঘটে। বিক্ৰিয়াৰ ফলত শক্তি উৎপন্ন হয়। এই শক্তি শৰীৰে বিভিন্ন কাৰ্যৰ বাবে ব্যৱহাৰ কৰে। গতিকে পাচনতন্ত্র, পৰিবহণতন্ত্র আৰু শ্বসনতন্ত্ৰৰ সন্মিলিত কাৰ্যৰ ফলতহে শক্তি উৎপন্ন হোৱাতো সম্ভৱ।
প্রশ্ন 33: প্রাণীয়ে কেনেকৈ উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বুজাই লিখা ? উত্তৰ :
সকলো প্ৰাণীয়ে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। কাৰণ প্ৰাণীয়ে উশাহত লোৱা অক্সিজেন গেছ উদ্ভিদৰ পৰাই পায়। আমি খোৱা প্ৰায়বোৰ খাদ্যই উদ্ভিদৰ পৰাই পাওঁ। আমি মাছ-মাংস খাওঁ। কিন্তু সকলো প্রাণীয়ে গছৰ পাত ফল-ফুল আদি খায়। গতিকে মাছ, মাংসৰ পৰাও পৰোক্ষভাৱে উদ্ভিদৰ শক্তি পাওঁ। আকৌ চৰাই-চিৰিকটি আদিয়েও গছৰ পাত গুটি আদি খায়। গতিকে প্রত্যেক প্রাণীয়ে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল।
প্রশ্ন 34 : এমিবাই কেনেকৈ খাদ্য গ্রহণ কবে?
উত্তৰ : এককোষী প্রাণী এমিবাই অস্থায়ী চলনাংগ কূটপদৰ সহায়ত খাদ্য গ্ৰহণ কৰে। এই প্ৰণালীটোক হ’লজইক প্ৰণালী বুলিও কয়।
সুন্দৰ হৈছে
ReplyDeleteTq for your help
ReplyDeleteঅধ্যায় -৪ ধাতু আৰু অধাতু ৰ অনুশীলনীৰ প্ৰশ্নসমূহ সোনকালে পাম বুলি আশা থাকিল। ধন্যবাদ।
ReplyDeleteVery nice this notes
ReplyDeleteNice sir
ReplyDeleteছাৰ আপোনি সপ্তম শ্রেণিৰ আমাৰ কাপোৰ পাঠৰ উত্তৰ কৰি দিলে নেকি
ReplyDeleteJB notes channel YouTube t search korok
Deletehttps://youtube.com/channel/UCuM-yyrpQxW389yGgJ_QWFQ